গুৱাহাটী, ৬ নৱেম্বৰ: মাথোঁ এটা মাহৰ অপেক্ষা। দীৰ্ঘদিন ধৰি মহানগৰীৰ ৰাইজে ভূগি থকা খোৱাপানীৰ সমস্যাৰ সমাধান হ'ব। ইতিমধ্যে জালুকবাৰীৰ পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিছে। শুক্ৰবাৰে প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই প্ৰকল্পৰ জৰিয়তে খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা মালিগাঁও, পাণ্ডু, কামাখ্যা, ভৰলুমুখ আদি স্থানৰ ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰিব। ইয়াৰোপৰি অহা দুমাহৰ ভিতৰত খাৰঘূলিৰ পানী যোগান প্ৰকল্পও সম্পূৰ্ণ হৈ উঠিব।
![মাত্ৰ এমাহৰ ভিতৰতে সমাধান হ'ব মহানগৰীবাসীৰ খোৱাপানীৰ সমস্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-sidharthaatjalukbari-as10002_06112020161506_0611f_1604659506_360.png)
জালুকবাৰীৰ প্ৰকল্পৰ কাম পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । লগতে তেওঁ কয় যে, জালুকবাৰীৰ পানী যোগান প্ৰকল্পৰ অতিৰিক্ত পানীখিনি খাৰঘূলিত মজুত কৰা হ'ব। উল্লেখ্য যে, খোৱাপানীৰ সমস্যা গুৱাহাটীবাসীৰ আজিৰ সমস্যা নহয়; বছৰ বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ বিচাৰি হাৰাশাস্তি ভূগি আহিছে। অধিক মূল্যত পানী ক্ৰয় কৰি এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছে মহানগৰবাসী। নিয়মিতভাৱে পানী যোগান নধৰাৰ বাবেও মহানগৰীৰ বিভিন্ন স্থানত ৰাইজে প্ৰতিবাদ কৰা সঘনাই পৰিলক্ষিত হয়। অৱশেষত এই সমস্যাৰ ওৰ পৰাৰ আশা প্ৰকট হৈছে ।
পানী যোগান প্ৰকল্পকেইটা সম্পূৰ্ণ হৈ উঠিলে খোৱাপানীৰ সমস্যাৰ সমাধান হ'ব বুলি আশা কৰিছে মহানগৰবাসীয়ে। আনহাতে, মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বহিঃৰাজ্যৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিব লগা হোৱা বাবেই মাজে সময়ে সমগ্ৰীসমূহৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পায়। ২০২১ত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
লগতে পঢ়ক:গড়চুক আৰক্ষীৰ জালত দুটা জুৱাৰী