ETV Bharat / state

CAA protest : অসমত পুনৰ শক্তিশালী ৰূপত হ'ব কা আন্দোলন

author img

By

Published : Nov 25, 2021, 7:53 PM IST

অসম জাতীয় পৰিষদে পুনৰ শক্তিশালী ৰূপত আৰম্ভ কৰিব কা আন্দোলন । ৰাজ্যজুৰি কা আন্দোলন হোৱাৰ পক্ষত আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । ১১ ডিচেম্বৰত কা গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনটোতে ৰাজ্যজুৰি জাতীয় পৰিষদে পালন কৰিব ক'লা দিৱস ।

CAA protest
অসমত পুনৰ শক্তিশালী ৰূপত হ'ব কা আন্দোলন

গুৱাহাটী,২৫ নৱেম্বৰ : কৃষক সংগঠনসমূহৰ শক্তিশালী আন্দোলনৰ ওচৰত সেও মানি কেন্দ্ৰীয় চৰকাৰে অৱশেষত বিতৰ্কিত তিনিখন কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰিলে ৷ ইয়াৰ পাছতেই এতিয়া অসমত বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইন (citizenship amendment act) চমুকৈ 'কা' বাতিলৰ দাবীত পুনৰ সৰৱ হৈ উঠিছে । বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমত পুনৰ শক্তিশালী ৰূপত কা আন্দোলন কৰাৰ হুংকাৰ দিয়ে (Lurinjyoti Gogoi roaring of CAA protest)। অসম জাতীয় পৰিষদৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে কয় যে কা আন্দোলনৰ মাজেৰে অসমৰ ৰাইজৰ মাজত পুনৰ জনজাগৰণৰ সৃষ্টি কৰিব লাগিব ।

তেওঁৰ মতে 'কা' আন্দোলন আপোচহীনভাৱে শক্তিশালী ৰূপত আগবঢ়ায় নিব লাগিব (Lurinjyoti Gogoi in favour of CAA protest )। ৰাজ্যত পুনৰ ‘কা’ আন্দোলন আপোচহীনভাৱে শক্তিশালী ৰূপত আগবঢ়ায় নিয়াৰ বাবে সকলো দল-সংগঠনক একত্ৰিত হোৱাৰ বাবে লুৰীণজ্যোতি গগৈয়ে আহ্বান জনায় । তেওঁ লগতে কয় যে অহা ১১ ডিচেম্বৰত কা গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হ'ব ।

‘কা’ গৃহীত কৰা এই দিনটোতে সমগ্ৰ অসমতে অসম জাতীয় পৰিষদৰ উদ্যোগত পালন কৰা হ'ব ক'লা দিৱস আৰু সকলো সমষ্টিতে সংকল্প লোৱা হ'ব (AJP will observe Black Day) । আকৌ ১২ ডিচেম্বৰত 'কা'ৰ প্ৰতিবাদতত মৃত্যুবৰণ কৰা সকলৰ স্মৃতিত আত্মবলিদান দিৱস পালন কৰা হ'ব । সংশ্লিষ্ট জিলা কমিটিয়ে শ্বহীদ পৰিয়ালক সাক্ষাৎ কৰিব ।

শ্বহীদ ঈশ্বৰ নায়কৰ বাসস্থান ওদালগুৰিত কেন্দ্ৰীয়ভাৱে আত্মবলিদান দিৱস পালন কৰা হ'ব । লুৰীণজ্যোতি গগৈয়ে কয় যে অহা ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদ গঠনৰ এবছৰ সম্পূৰ্ণ হ'ব । মাজুলীত অহা ১৭ ডিচেম্বৰত দলটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ব (AJP formation day) ।

তেওঁ লগতে জনায় যে এই কাৰ্যসূচীবোৰক সামৰি অহা ১০ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ দলটোৱে ৰাজ্যজুৰি জাতীয় স্বাভিমান যাত্ৰা ৰূপায়ণ কৰিব । অহা ১০ ডিচেম্বৰত ছয়গাঁৱত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালনৰ মাজেৰে এই জাতীয় স্বাভিমান যাত্ৰা আৰম্ভ কৰা হ'ব ।

লগতে পঢ়ক :আন্দোলনক যি সকলে উপহাস কৰে সেইসকলে পঢ়ি চাওক ইতিহাস : লুৰিণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.