ETV Bharat / state

AAP CM to visit Guwahati: 2 এপ্ৰিলত গুৱাহাটীলৈ আহিব অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মান - পৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা

2 এপ্ৰিলত অসমলৈ আহিব আপৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্য়মন্ত্ৰী ভগৱন্ত মান (Arvind Kejriwal to visit Guwahati) ৷ দুয়োগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ সোণাৰাম খেলপথাৰত সম্বোধন কৰিব ৰাজহুৱা সভা ৷ এই সভাত সকলোকে সহযোগ কৰিবলৈ আহ্বান আপৰ উত্তৰ-পূবৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ ৷

AAP CM to visit Guwahati
2 এপ্ৰিলত গুৱাহাটীলৈ আহিব অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্তম মান
author img

By

Published : Mar 12, 2023, 6:36 PM IST

2 এপ্ৰিলত গুৱাহাটীলৈ আহিব অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্তম মান

গুৱাহাটী, 12 মাৰ্চ: অসমলৈ আহিব আপৰ দুই মুখ্যমন্ত্ৰী ৷ দুই এপ্ৰিলত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান । গুৱাহাটীৰ সোণাৰাম খেলপথাৰত আপৰ কৰ্মীসকলক সম্বোধন কৰিব কেজৰিৱালে ৷ সংবাদমেলযোগে এই কথা সদৰী কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই (AAP CM to visit Guwahati) ৷

সংবাদমেলত ভ্ৰষ্টাচাৰ, স্বেচ্ছাচাৰী, সাম্প্ৰদায়িক শাসন নিৰ্মূল কৰিবলৈ সকলোকে সহযোগিতা কৰাৰ আহ্বান আপৰ (Arvind Kejriwal visit to Assam) ৷ সংবাদমেলত তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, ‘‘অসমৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাৰ্য-কলাপ, উচ্চস্তৰৰ দুর্নীতি তথা সা-সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে অসমৰ জনতাই বিজেপিৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে যদিও তেওঁলোকে বিকল্প বিচাৰি পোৱা নাই ৷ সেয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ আম আদমি পাৰ্টীয়ে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত শক্তিশালী বিৰোধীৰ ভূমিকা পালন কৰিবলৈ আগবাঢ়ি আহিছে ৷’’

দিল্লীত শিক্ষা আৰু স্বাস্থ্য খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা আম আদমি পাৰ্টী একমাত্ৰ ৰাজনৈতিক দল যিয়ে ভৱিষ্যত প্ৰজন্মক বিশ্ব মানৰ শিক্ষা প্ৰদান কৰি ভাৰতক বিশ্বৰ ভিতৰত এক নম্বৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে বুলিও সংবাদমেলত মন্তব্য ৰাজেশ শৰ্মাৰ (Bhagwant Singh Mann to visit Guwahati) ৷ লগতে তেওঁ কয়, ‘‘অসমৰ যিসকল লোকে শিক্ষা খণ্ডৰ আমোল পৰিৱৰ্তনৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ অক্ষত উন্নয়ন বিচাৰে, তেওঁলোকে সামগ্ৰিকভাৱে আম আদমি পাৰ্টীক সমৰ্থন কৰক ৷’’

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফেচিবাদে অসমৰ দৰিদ্ৰ জনতাক জ্বলা-কলা খোৱাইছে বুলিও অভিযোগ উত্থাপন কৰে আপে ৷ লগতে প্ৰশাসনক অপব্যৱহাৰ কৰি দুখীয়াৰ ঘৰ বুলড’জাৰেৰে ভাঙি, অভিযুক্তক এনকাউন্টাৰ কৰি হত্যা কৰাৰ দৰে চৰকাৰখনৰ অমানৱীয় কামে জনতাক অতিষ্ঠ কৰি তুলিছে বুলিও উল্লেখ কৰে ৰাজেশ শৰ্মাই (Assam AAP slams BJP) ৷

চূড়ান্ত সততা, চূড়ান্ত দেশপ্ৰেম আৰু চূড়ান্ত মানৱতাক মূল আদর্শ হিচাবে গ্ৰহণ কৰা আম আদমি পাৰ্টীয়ে জনতাৰ এনে দুঃসময়ত জনতাৰ লগত আছে আৰু চৰকাৰৰ এনে স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে আম আদমি পার্টীয়ে সদায় মাত মাতি যাব বুলি উল্লেখ কৰি ৰাজ্যৰ শিক্ষা, স্বাস্থ্যখণ্ড আৰু সামগ্ৰিক উন্নয়নৰ বাবে আম আদমি পার্টী প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে আপৰ উত্তৰ-পূবৰ তত্বাৱধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: CPIM Protest in Guwahati: ত্ৰিপুৰাত CPIMৰ কৰ্মীৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.