ETV Bharat / state

‘লিজেণ্ড অৱ নাইন্টি" খ্যাত শিল্পী অৰুণ দাস কৰ’ণাত আক্ৰান্ত

author img

By

Published : May 18, 2021, 11:05 PM IST

শিল্পী অৰুণ দাস ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ সম্প্ৰতি চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান ক’ভিড নিগেটিভ হোৱাৰ বাবে শিল্পীগৰাকীক ৰিলিজ দিয়া হৈছে যদিও তেওঁৰ শৰীৰ খুবেই দুৰ্বল । কিন্তু শিল্পীৰ এনে বিপদৰ সময়ত তেওঁৰ কাষত থিয় দিবলৈ কোনো নাই । আনকি নিয়মিত চিকিৎসাৰ উপৰিও প্ৰয়োজনীয় যত্ন লওতা কোনো নাই । এই দুখৰ কথা বিৱৰি এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে সামাজিক মাধ্যমত ।

‘লিজেণ্ড অৱ নাইন্টি" খ্যাত শিল্পী অৰুণ দাস কৰ’ণাত আক্ৰান্ত
‘লিজেণ্ড অৱ নাইন্টি" খ্যাত শিল্পী অৰুণ দাস কৰ’ণাত আক্ৰান্ত

গুৱাহাটী,18 মে’: নব্বৈ দশকত হাতত গীটাৰখন লৈ মঞ্চত উঠিলেই দৰ্শকৰ মাজত হৰ্ষোল্লাস হৈছিল ৷ যাৰ কণ্ঠতেই এদিন বহু ৰোমাণ্টিক বিৰহ বেদনাৰে ভৰা জনপ্ৰিয় গীতবোৰে প্ৰাণ পাই উঠিছিল ৷ সেইগৰাকী শিল্পী গৰাকী হৈছে অৰুণ দাস ৷ শিল্পী গৰাকী ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ সম্প্ৰতি চিকিৎসকে জানিবলৈ দিয়া অনুসৰি, বৰ্তমান ক’ভিড নিগেটিভ হোৱাৰ বাবে শিল্পীগৰাকীক ৰিলিজ দিয়া হৈছে যদিও তেওঁৰ শৰীৰ খুবেই দুৰ্বল ।

সেইগৰাকী শিল্পীৰ এনে বিপদৰ সময়ত তেওঁৰ কাষত থিয় দিবলৈ কোনো নাই । আনকি নিয়মিত চিকিৎসাৰ উপৰিও প্ৰয়োজনীয় যত্ন লওতা কোনো নাই । এই দুখৰ কথা বিৱৰি এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈছে সামাজিক মাধ্যমত । ঠিক তেনে সময়তে শিল্পীগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে সংগীত শিল্পী জয়ন্ত কাকতি আৰু ৰণী ।

উল্লেখ্য যে নব্বৈ দশকৰ এইগৰাকী শিল্পীৰ ‘ভাৱিছা নেকি আতৰাই ৰাখি মোক পাহৰিব পাৰিবা তুমি’, ‘নালাগে মৰম, নকৰিবা তুমি, নক’বা ভুলতে… ভালপাও বুলি’, এই গীতবোৰৰ মাজেৰেই তেওঁ বহুতৰ বুকুত ঠাই লৈছিল । আজিও সেই গানবোৰ তেতিয়াৰ দৰেই চিৰসেউজ। ‘আঁতৰি আঁতৰি নাযাবা’, ‘মনৰ যাতনা তুমি নুবুজা’, ‘অকলে অকলে মই কিমান কান্দিম’, ‘ক’ত লুকাই ফুৰিছা’ আদি গীতসমূহ কোনেও পাহৰিব নোৱাৰে ।

অসমৰ সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি" খ্যাত এইগৰাকা শিল্পীক চিকিৎসালয়ৰ পৰা ৰিলিজ দিলে যদিও শিল্পীগৰাকীৰ পত্নী বৰ্তমানেও কৰ’ণাত আক্ৰান্ত হৈ GMCH ত চিকিৎসাধীন হৈ আছে । এনে সময়ত নিয়মিত চিকিৎসাৰ উপৰি প্ৰয়োজনীয় যত্ন ল’বৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে শিল্পী গৰাকীৰ শুভাকাংক্ষী সকলে ।

লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয় পৰিৰ্দশন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.