গুৱাহাটী, 18 আগষ্ট: জনপ্ৰিয় অভিনেতা যতীন বৰাই পুনৰ বিজেপিত যোগদান কৰা সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে সংগীত শিল্পী বিদ্যাসাগৰ আৰু অভিনেত্ৰী আশা বৰদলৈয়ে ৷ মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান সভাত দলটোত যোগদান কৰে শিল্পী দুগৰাকীয়ে ৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰে অভিনেত্ৰী আশা বৰদলৈয়ে ৷
উল্লেখ্য যে, একেখন সভাতে দলটোত যোগদান কৰিলে প্ৰাক্তন আছু নেতা তথা ক্ৰীড়া সংগঠক তপন দাস আৰু প্ৰভা চৌধুৰীয়ে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা যোগদান সভাত উপস্থিত থাকে সাংসদ পল্লৱ লোচন দাসৰ লগতে আন কেইবাজনো বিজেপি কৰ্মী ৷
লগতে পঢ়কঃ যতীন বৰা আদৰ্শহীন, সুবিধাবাদী শিল্পীঃ অজিত কুমাৰ ভূঞা