গুৱাহাটী, ২৪ ডিচেম্বৰ: বিশ্বৰ বজাৰত অসমৰ চাহৰ মৰ্যাদা আৰু গৰিমাই সুকীয়া । ভাৰতবৰ্ষত উৎপাদিত মুঠ চাহৰ ৫০ শতাংশতকৈ অধিক চাহ কেৱল অসমে উৎপাদন কৰে । সোৱাদৰ ক্ষেত্ৰতো অনন্য অসমৰ চাহ। এই অনন্য সোৱাদক আৰু অধিক সোৱাদযুক্ত তথা ভিন্নতাৰে সজাই বিশ্বৰ চাহপ্ৰেমীৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাইছে এগৰাকী অসমীয়া উদ্যোগীয়ে ।
এসময়ত উজনি অসমৰ বিভিন্ন বৃহৎ চাহ গোষ্ঠীৰ মালিকানাধীন বাগিচাত প্ৰশাসনিক সেৱা আগবঢ়োৱা ৰঞ্জিৎ বৰুৱাই অসমৰ চাহক নতুন ৰূপত, নতুন সোৱাদেৰে মানুহৰ মাজলৈ লৈ যোৱাৰ সপোন দেখি বাগিচাৰ চাকৰি ইস্তফা দি নিজে প্ৰতিষ্ঠা কৰে এটা নতুন কোম্পানী । নাম দিয়ে "এৰ'মিকা টি" । পত্নী ডলী শৰ্মা বৰুৱাৰ সৈতে লগ লাগি ৰঞ্জিৎ বৰুৱাই প্ৰতিষ্ঠা কৰা এৰ'মিকা টিয়ে আজিৰ তাৰিখত উৎপাদন কৰে 32 বিধ ভিন্ন সোৱাদযুক্ত চাহ । তাৰ ভিতৰত অন্যতম কেইবিধমান হৈছে ব্লু টি, থলুৱা অসমীয়া সোৱাদৰ চেলেকা চাহ, বান বাতি চাহ, ভোট জলকীয়া চাহ, তন্দুৰি চাহ, মলাই মচালা চাহ, কক'নাট গোল্ডেন মিল্ক টি, হোৱাইট টি, ঢেকী ব্লেক টি উইডাউট মিল্ক, ঢেকী জিঞ্জাৰ মিল্ক টি, ফায়াৰ মচালা টি, ব্লুমিং টি, ৰ'জ গ্ৰীণ টি ষ্টিক, এৰ'মিকা ইয়েল্ল' টি, ভেলেন্টাইন টি, স্ম'কড্ চিংফৌ স্মোকড টি, অৰেঞ্জ গ্ৰীণ টি, ৰ'জ গ্ৰীণ টি আদি ।
ইতিমধ্যে নিজৰ বিশেষ ঔষধি গুণৰ বাবে বিদেশতো বিশেষ সমাদৰ লাভ কৰিছে ভোট জলকীয়া টিয়ে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰত এৰ'মিকা টিয়ে মুকলি কৰিছে "জাষ্ট টি" নামৰ এটা কাফে । যত 32 বিধ চাহৰ সোৱাদ ল’ব পাৰে চাহ প্ৰেমীয়ে । এই বিশেষ 32 বিধ সোৱাদযুক্ত চাহে আপ্লুত কৰিছে দেশ-বিদেশৰ চাহ প্ৰেমীক । যাৰ বাবে এতিয়া এৰ'মিকা টিৰ এটা আউটলেট সুদুৰ অষ্ট্ৰেলিয়াতো মুকলি কৰিবলৈ আগবাঢ়িছে ৰঞ্জিৎ বৰুৱাই ।
আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, এৰ'মিকা টি কোম্পানীয়ে তেওঁলোকক প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ চাহ ক্ৰয় কৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ পৰা । সেই চাহকে বিভিন্ন মিশ্ৰণেৰে সজাই পৰাই তুলি দিয়ে চাহ প্ৰেমীৰ হাতত । উদ্যোগী গৰাকীৰ এই পদক্ষেপে বহু সংখ্যক ক্ষুদ্ৰ চাহ খেতিয়কক উপকৃত কৰাৰ লগতে সংস্থাপনো দিবলৈ সক্ষম হৈছে ভালেসংখ্যক থলুৱা যুৱক-যুৱতীক ।
লগতে পঢ়ক-অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা