ETV Bharat / state

Satgaon elephant attack : নাৰেঙ্গী সেনা শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু সেনা জোৱানৰ - শিবিৰত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু সেনা জোৱানৰ

ৰাজ্যত ক্ৰমাগতভাবে বৃদ্ধি পাবলৈ ধৰিছে হস্তী মানুহৰ সংঘাত (Men elephant conflict in Satgaon army camp) ৷ ইয়াৰ পিচতো বৰ বিশেষ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৰাজ্যৰ বন বিভাগে ৷ এইবাৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে নাৰেঙ্গী সেনা শিবিৰৰ এগৰাকী সেনা জোৱানে (Army soldier killed in wild elephant attack) ৷ অঞ্চলজুৰি শোকৰ ছাঁ ৷

Satgaon elephant attack
হস্তী মানুহৰ সংঘাতত মৃত্যু আৰক্ষী জোৱানৰ
author img

By

Published : Feb 12, 2023, 10:30 AM IST

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : হস্তী মানুহৰ সংঘাতত এইবাৰ অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী সেনা জোৱানে (Men elephant conflict) ৷ ৰাজ্য চৰকাৰৰ বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত । খাদ্য তথা উপযুক্ত বিচৰণ ভূমিৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ ফলত বন্যহস্তীৰ আক্ৰমণত অকাল মৃত্যুক সাৱটিব লগীয়া হৈছে ৰাজ্যখনৰ বহু লোকে ।

11 ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰৰ নিশা নাৰেঙ্গী সেনা শিবিৰৰ এগৰাকী সেনা জোৱানৰ কৰ্তব্যৰত অৱস্থাতে বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় (Satgaon army camp) ৷ নাৰেঙ্গী সেনা শিবিৰৰ পাব্লিক স্কুলৰ সন্মুখত কৰ্তব্যৰত অৱস্থাত আছিল সেনা জোৱানগৰাকী । মৃত সেনা জোৱানজন ডিমাপুৰ অঞ্চলৰ খামলীয়ং খাপ (52) বুলি সাতগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে । জানিব পৰা মতে মৃত সেনা জোৱানজন শনিবাৰে সন্ধিয়া নাৰেঙ্গী সেনা শিবিৰৰ এটা অংশত নিজৰ কৰ্তব্য সমাপন কৰি আছিল (Army soldier killed in wild elephant attack) ।

তেনে সময়ত সন্ধিয়াৰ ভাগত আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে এটা বন্যহস্তী । বন্যহস্তীটোক দেখাৰ লগে লগে জোৱানজনে উক্ত স্থান এৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে বন্যহস্তীটোৱে অতৰ্কিতে আক্ৰমণ চলায় । বন্যহস্তীটোৱে সেনা জোৱানজনক শুৰেৰে মাটিত দলিয়াই দিয়ে । এই দৃশ্য প্ৰত্যক্ষ কৰি ওচৰত থকা আন কেইবাজনো সেনা জোৱানে দৌৰি আহি হাতীটোৰ আক্ৰমণৰ পৰা সেনা জোৱানজনক উদ্ধাৰৰ বাবে চেষ্টা চলায় ।

বিভিন্ন উপায় অৱলম্বন কৰি অৱশেষত বন্যহস্তীটোক উক্ত স্থানৰ পৰা খেদি পঠাবলৈ সক্ষম হয় সেনা জোৱানসকলে ৷ ইয়াৰ পিছতেই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত সেনা জোৱানজনক তাৎক্ষণিকভাবে নাৰেঙ্গী সেনা শিবিৰত চিকিৎসা প্ৰদান কৰা হয় ৷ পৰৱৰ্তী সময়ত সেনা জোৱানজনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে বশিষ্ঠ আৰ্মী বেছ হাস্পতালত ভৰ্তি কৰোৱা হয় । বশিষ্ঠ আৰ্মী বেছ হাস্পতালতেই সন্ধিয়া প্ৰায় 7 বজাত মৃত্যু ঘটে খামলীয়ং খাপ নামৰ সেনা জোৱানজনৰ (Men elephant conflict in Satgaon army camp) ।

মন কৰিবলগীয়া যে, খাদ্য তথা বিচৰণ ভূমিৰ সংকোচন ঘটি অহাৰ ফলস্বৰূপে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিব লগা হৈছে বনৰীয়া হাতীয়ে ৷ ইয়ে বৃদ্ধি কৰিছে হাতী মানুহৰ সংঘাত । কিছুদিন পূৰ্বে চন্দ্ৰপুৰ ঠাকুৰকুছিত হাতীৰ আক্ৰমণত মৃত্যু হৈছিল শিল্পী তথা জেষ্ঠ অধিবক্তা দিলীপ নাথৰ । উক্ত ঘটনাটো আতংক পৰা মাৰ নৌযাওঁতেই পুনৰ সাতগাঁও সেনা শিবিৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া শংকিত কৰি তুলিছে স্থানীয় ৰাইজক ৷

লগতে পঢ়ক : Illegal sand mining in Sivasagar : বন বিভাগক মেনেজ কৰি শিৱসাগৰৰ জাঁজী নদীত চলিছে অবাধ খনন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.