ETV Bharat / state

তুৰস্কৰ ইস্তানবুলত এৰিডাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন

বিদেশী বিনিয়োগৰ (Foreign Investment) লগতে নিৰ্মাণ খণ্ডৰ উত্তৰণৰ বাবে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েচন চমুকৈ এৰিডাৰ বিশেষ উদ্যোগ (AREIDA) । বিনিয়োগকাৰীসকলক উৎসাহিত কৰাৰ লগতে ব্যৱসায়িক ক্ষেত্রখনৰ নতুন ধাৰা সম্পৰ্কে অধ্যয়ন ।

author img

By

Published : Oct 7, 2022, 7:56 PM IST

AREIDA
AREIDA

গুৱাহাটী, ৭ অক্টোবৰ : অসমৰ নিৰ্মাণ খণ্ডত বিদেশী বিনিয়োগৰ (Foreign Investment in Assam construction sector) লগতে এই ক্ষেত্রখনৰ উত্তৰণৰ বাবে আছাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েচন (Assam Real Estate Infrastructure Developers Association) চমুকৈ এৰিডাই (AREIDA) বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে ।

বিশেষকৈ বিশ্বৰ বিভিন্ন ঠাইত এৰিডাই অনুষ্ঠিত কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় সন্মিলন (AREIDA International Convention) । প্ৰত্যেক বছৰৰ দৰে এইবাৰো 'এৰিডা'ৰ উদ্যোগত 'এৰিডা আন্তঃৰাষ্ট্ৰীয় সন্মিলন'ৰ (AREIDA International Convention in Istanbul) আয়োজন কৰা হৈছে । এইবাৰ এই সন্মিলন তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত কৰা হৈছে ।

ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় এই সন্মিলনৰ বাবে এৰিডাৰ এটা প্ৰতিনিধি দল তুৰস্কৰ ইস্তানবুলত উপস্থিত হৈছে । উল্লেখ্য যে ২০১৯ চনত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত অন্তিমখন সন্মিলনৰ (AREIDA International Convention in Mosco) দুবছৰৰ ব্যৱধানৰ পিছত এইবাৰ ইস্তানবুলত অনুষ্ঠিত কৰা হৈছে । ক'ভিডৰ পৰিস্থিতিৰ বাবে দুটা বছৰ এই সন্মিলন অনুষ্ঠিত হোৱা নাছিল ।

আন্তঃৰাষ্ট্ৰীয় এই সন্মিলন সন্দৰ্ভত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয় যে, এৰিডাৰ প্ৰতিনিধিসকলে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰি শ্ৰেষ্ঠ পদ্ধতিৰ অভিজ্ঞতা অৰ্জন কৰাৰ লগতে স্থানীয় ব্যৱসায়িক সম্প্ৰদায় আৰু চৰকাৰী সংস্থাসমূহক জড়িত কৰাৰ বাবে কাম কৰি আহিছে ।

এৰিডাই অসমৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগীসকলক উদগনি যোগাবলৈ আৰু উৎসাহিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি সমগ্ৰ বিশ্বতে অসমৰ সুকীয়া পৰিচয় দাঙি ধৰাৰ বাবেও কাম কৰি আহিছে । এই সন্মিলনৰ যোগেদি বিদেশী বিনিয়োগকাৰীসকলক উৎসাহিত কৰাৰ লগতে ব্যৱসায়িক ক্ষেত্রখনৰ নতুন ধাৰা সম্পৰ্কে অধ্যয়ন কৰা হয় । শৰ্মাই লগতে কয় যে, ইস্তানবুলৰ উপৰি এৰিডাৰ প্ৰতিনিধি দলটোৱে এণ্টালিয়া আৰু কাপ্পাড'কিয়া ভ্ৰমণ কৰিব ।

লগতে পঢ়ক :ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে অমিত শ্বাহৰ বৈঠক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.