ETV Bharat / state

আৰ্চাৰ জয়ন্ত তালুকদাৰক আইচিইউত ভৰ্তি - অক্সিজেনৰ স্তৰ কম

ক’ভিড-19 ত আক্ৰান্ত হৈ আইচিইউত ভৰ্তি হ’বলগীয়া হৈছে শীৰ্ষ ভাৰতীয় ধনুৰ্ধৰ জয়ন্ত তালুকদাৰ ৷ বৰ্তমান খেলুৱৈগৰাকী গুৱাহাটীৰ কালাপাহাৰস্থিত ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ ধনুৰ্ধৰ জয়ন্ত তালুকদাৰ ৩৫ বছৰীয়া এগৰাকী অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ ৷

archer jayanta talukdar covid possitive, admitted to hospital
ক’ভিড-19ত আক্ৰান্ত ধনুৰ্ধৰ জয়ন্ত তালুকদাৰ
author img

By

Published : May 3, 2021, 10:15 PM IST

নিউজ ডেস্ক,3 মে': কৰ’ণাই তচনচ কৰিছে দেশৰ অৰ্থনীতি ৷ আক্ৰান্ত হৈছে ইজনৰ পিছত আনজন লোক ৷ বাদ পৰি ৰোৱা নাই সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা ৰাজনৈতিক নেতা, চিনেমা জগতৰ পৰা ক্ৰীড়াক্ষেত্ৰ পৰ্যন্ত কোনো লোক ৷ ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও সাংবাদিক, শিল্পী কৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুবৰণ কৰিছে ৷ শেহতীয়াকৈ ক’ভিড-19 ত আক্ৰান্ত হৈছে শীৰ্ষ ভাৰতীয় ধনুৰ্ধৰ তথা অসম সন্তান জয়ন্ত তালুকদাৰ ৷ বৰ্তমান তেওঁ গুৱাহাটীৰ কালাপাহাৰস্থিত ক’ভিড হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ শৰীৰত অক্সিজেনৰ স্তৰ হ্ৰাস হোৱাৰ বাবে ইণ্টেচিভ কেয়াৰ ইউনিট অৰ্থাৎ আইচিইউত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য যে, ধনুৰ্ধৰ জয়ন্ত তালুকদাৰ ৩৫ বছৰীয়া এগৰাকী অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ ৷ ২০০৬ চনত মেক্সিক’ৰ মেৰিডাত অনুষ্ঠিত বিশ্বকাপত স্বৰ্ণপদক বিজয়ী আৰু ২০০৫ চনত স্পেইনৰ মাদ্ৰিদত পুৰুষৰ দলৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী আছিল খেলুৱৈগৰাকী ৷

লগতে পঢ়ক : ভাৰতলৈ ৭০ নিযুত ডলাৰ মূল্যৰ ঔষধ সাহায্য ফাইজাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.