ETV Bharat / state

APW on NRC : উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত প্ৰস্তুত হোৱা এন আৰ চিৰ ভৱিষ্যৎ কি ?

author img

By

Published : Nov 10, 2022, 9:16 PM IST

Updated : Nov 11, 2022, 3:13 PM IST

বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইৰ স্থিতি ৩০ বছৰ পাছত সলনি হৈছে (APW slammed Hiren Gohain on NRC issue) । হীৰেণ গোঁহাইৰ বক্তব্য শিলৰ ৰেখা হ'ব নোৱাৰে । ভিত্তিবৰ্ষ ১৯৫১ চন হোৱাৰ পক্ষত অসমৰ সকলো খিলঞ্জীয়া দল-সংগঠনক থিয় হোৱাৰ বাবে আহ্বান । পৰিপূৰক এন আৰ চিখনক এন আৰ চি (NRC) বুলি উল্লেখ কৰিয়েই বুদ্ধিজীৱীসকলে মাৰাত্মক ভুল কৰি আছে । সাংবিধানিক বিচাৰপীঠত চলি থকা দুটা গোচৰৰ ওপৰত ন্যায়ালয়ে দিয়া ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰিহে এইখন পৰিপূৰক এন আৰ চিৰ ভৱিষ্যৎ ৰূপৰেখা নিৰ্ধাৰিত হ’ব ।

NRC সন্দৰ্ভত হীৰেণ গোঁহাইক তীব্ৰ সমালোচনা আছাম পাব্লিক ৱৰ্কছৰ

গুৱাহাটী, ১০ নৱেম্বৰ : নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন হোৱাৰ পক্ষত অসমৰ সকলো খিলঞ্জীয়া দল-সংগঠনক থিয় হোৱাৰ বাবে আহ্বান জনালে আছাম পাব্লিক ৱৰ্কছ চমুকৈ এ পি ডব্লিউৱে (Assam Public Works appeal on NRC) । আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মা (APW President Abhijit Sarma) আৰু সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে এই আহ্বান জনাই এন আৰ চি সন্দৰ্ভত কেতবোৰ বিষয় উত্থাপন কৰে ।

সংবাদমেলত এন আৰ চি সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহায়ে আগবঢ়োৱা মতামতক সমালোচনা কৰি তেওঁলোকে কয় যে আজিৰে পৰা ৩০ বছৰ পূৰ্বে ভাৰতবৰ্ষত হিন্দু বাংলাদেশী সংস্থাপনৰ দাবী তোলা বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহায়ে এতিয়া 'CAA'ৰ বিৰোধিতা কৰিছে (APW slammed Hiren Gohain on NRC issue) । এই সন্দৰ্ভত তেওঁলোকে ১৯৯২ চনৰ ১২ জুলাইত 'আজিৰ অসম' কাকতত প্ৰকাশিত হীৰেণ গোঁহাইৰ 'প্ৰসংগক্ৰমে' প্ৰবন্ধৰ প্ৰসংগ উল্লেখ কৰে ।

য'ত হিন্দু বাংলাদেশীক ভাৰতত সংস্থাপিত কৰাৰ দাবী উত্থাপন কৰা হৈছিল । এই বিষয় উত্থাপন কৰি তেওঁলোকে কয় যে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইৰ স্থিতি ৩০ বছৰ পাছত সলনি হৈছে । হীৰেণ গোঁহাইৰ বক্তব্য শিলৰ ৰেখা হ'ব নোৱাৰে বুলি তেওঁলোকে সদৰী কৰে । আনহাতে, এন আৰ চিৰ (NRC) পৰিপূৰক তালিকাৰ পৰা নাম বাদ পৰা লোকসকলক ৰিজেকচন শ্লিপ দিয়াৰ বাবে হীৰেন গোঁহায়ে জনোৱা আহ্বানক সমালোচনা কৰি তেওঁলোকে কয় যে ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (National Register of Citizenship) পৰিপূৰক তালিকাখন এতিয়াও ভাৰতবৰ্ষৰ মহাপঞ্জীয়কে ছীল-মোহৰ লগাই চূড়ান্ত নাগৰিকপঞ্জী বুলি স্বীকৃতি দিয়া নাই । গতিকে পৰিপূৰক এন আৰ চিৰ ওপৰত ভিত্তি কৰি যিসকলৰ নাম উক্ত তালিকাৰ পৰা বাদ পৰি গৈছে তেওঁলোকক চৰকাৰে ৰিজেকচন শ্লিপ দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে ।

উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত প্ৰস্তুত হোৱা এন আৰ চিৰ ভৱিষ্যৎ কি ?

তেওঁলোকে কয় যে অসম চৰকাৰে এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰি উচ্চতম ন্যায়ালয়ৰ (Supreme Court of India) মজিয়াত এক শপতনামা দাখিল কৰা উচিত । আনহাতে, একাংশ বুদ্ধিজীৱীয়ে ৩ নৱেম্বৰত দিয়া সংবাদমেল সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকে কয় যে পৰিপূৰক এন আৰ চি খনক এন আৰ চি বুলি উল্লেখ কৰিয়েই বুদ্ধিজীৱীসকলে মাৰাত্মক ভুল কৰি আছে । এন আৰ চিৰ পদ্ধতি আৰু প্ৰক্ৰিয়াটোক ভালকৈ অধ্যয়ন নকৰাকৈয়ে বুদ্ধিজীৱীসকলে মন্তব্য ৰাখিছে ।

তেওঁলোকে কয় যে অবৈধ বিদেশী অসমৰ ভূমিত এটা জ্বলন্ত সমস্যা আছিল আৰু আছে আৰু চিনাক্তকৰণ নকৰালৈ ই জ্বলন্ত সমস্যা হৈয়ে থাকিব ৷ ইয়াত সজীৱকৰণ বা নিৰ্জীৱিকৰণ বুলি কোনো ধাৰণা নাই । ৰাজ্যৰ সাধাৰণ নাগৰিকে এই এন আৰ চি মানি লৈছে বুলি বুদ্ধিজীৱীসকলে কৰা মন্তব্যৰ প্ৰসংগত তেওঁলোকে প্রশ্ন কৰি কয় যে 'সাধাৰণ নাগৰিক' শব্দৰে কাক বুজোৱা হৈছে । ভূমিপুত্ৰ অসমীয়া মানুহখিনিক নে পৰিপূৰক এন আৰ চিৰ যোগেদি নাম অন্তর্ভুক্ত হৈ স্বদেশী হোৱাৰ পথত থকা মানুহখিনিক ।

যদি বিদেশীৰ পৰা স্বদেশী হোৱাৰ পথত থকা মানুহখিনিৰ কথা 'সাধাৰণ নাগৰিক' হিচাবে উল্লেখ কৰিছে তেন্তে ইয়াৰ আঁৰৰ ৰহস্য কি সেয়া বুজাই ভালদৰে বুজিছে । সংবাদমেলত ২০১৯ চনৰ ৩১ আগষ্টৰ নিৰ্দেশনাৰ ১৮ নং নিৰ্দেশৰ প্ৰসংগ উল্লেখ কৰি সভাপতি আভিজিৎ শৰ্মাই কয় যে সাংবিধানিক বিচাৰপীঠত চলি থকা দুটা গোচৰৰ ওপৰত ন্যায়ালয়ে দিয়া ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰিহে এইখন পৰিপূৰক এন আৰ চিৰ ভৱিষ্যৎ ৰূপৰেখা নিৰ্ধাৰিত হ’ব ।

তেওঁ কয় যে আমি মনে-প্রাণে বিচাৰোঁ সাময়িকভাৱে এন আৰ চিৰ পৰিপূৰক তালিকাত হাত নিদি সাংবিধানিক বিচাৰপীঠত বিচাৰাধীন গোচৰ দুটাৰ নিষ্পত্তি কৰিব লাগে আৰু সাংবিধানিক বিচাৰপীঠত বিচাৰাধীন গোচৰৰ ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব লাগে । তেওঁ লগতে কয় যে আমি অসম চৰকাৰকো অনুৰোধ জনাইছোঁ নাগৰকিত্ব চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সমগ্ৰ ভাৰতবৰ্ষৰ লগত একে কৰি ১৯৫১ চনৰ সমর্থনত উচ্চতম ন্যায়ালয়ত শপতনাম দাখিল কৰিব লাগে ।

এন আৰ চিৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে অসমত একাংশ বিষয়া নিয়োজিত হৈ আছে বুলি অভিযোগ কৰি তেওঁ সংবাদমেলত কয় যে প্রতীক হাজেলাৰ নেতৃত্বত এন আৰ চিৰ বাবে আবণ্টিত শ শ কোটি টকাৰ দুৰ্নীতি হৈছিল । অসমীয়াৰ আৱেগ আৰু বিবেকৰ বুকুত কামুৰি অসম এৰি পলাই যোৱা হাজেলাক কৰায়ত্ত কৰাত চৰকাৰ ব্যৰ্থ হৈছে । এন আৰ চি অসমৰ গৃহ বিভাগৰ পৰা এক অতীত হিচাপে বিবেচিত হৈছে ।

একাউণ্টেণ্ট জেনেৰেলৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই হাজেলাৰ দুৰ্নীতিৰ সবিশেষ প্রকাশ পাইছে । ব্যাপক দুর্নীতি, অনিয়ম আৰু বিত্তীয় খেলিমেলিৰ ওপৰত দুৰ্নীতি নিবাৰক শাখাত আছাম পাব্লিক ৱৰ্কছে দাখিল কৰা এজাহাৰ ৰাজ্যৰ গৃহ বিভাগত অনুমোদনৰ বাবে বিগত ডেৰ বছৰ ধৰি পৰি ৰৈছে । একেই ধৰণে সন্দেহজনক ভোটাৰৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা, ছফ্টৱেৰ, বংশবৃক্ষ পৰীক্ষাত হোৱা কেলেংকাৰী সন্দৰ্ভত চি আই ডিত দিয়া এজাহাৰ গৃহ বিভাগে সমগ্র ৰাজ্যৰে ওপৰত প্ৰযোজ্য বিষয় হোৱাৰ পাছতো চি আই ডিৰ অভিজ্ঞ বিষয়াৰ দ্বাৰা তদন্ত কৰাৰ সলনি পল্টনবজাৰ আৰক্ষী থানালৈ হস্তান্তৰ কৰিলে ।

Case No. 658/2021 নং us120B/ 109/468/219/ 471 IPC 19.09.2021 এক গোচৰ ৰুজু কৰি হেমন্ত তুমুং নামৰ এজন উপ-পৰিদৰ্শকৰ হতুৱাই ইমান বৃহৎ আৰু স্পর্শকাতৰ বিষয় এটাৰ তদন্তৰ দায়িত্ব দিয়া হয় । কিন্তু অভিযোগকাৰীক বিষয়টোৰ ওপৰত কোনো সোধা-পোছা নকৰাকৈয়ে গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন আৰক্ষীয়ে আদালতত ৩১ জানুৱাৰীত দাখিল কৰিছিল । তেওঁ কয় যে আৰক্ষীয়ে লোৱা এই ভূমিকাৰ বিষয়ে শেহতীয়াকৈ অৱগত হৈ উক্ত চূড়ান্ত প্ৰতিবেদন আমি আদালতৰ পৰা সংগ্ৰহ কৰি প্ৰতিবেদন দেখি আচৰিত হৈ পৰিছোঁ ।

উপযুক্ত তথ্য আমাৰ হাতত মজুত থকাৰ পাছতো অভিযোগকাৰী হিচাপে এবাৰলৈও তদন্তকাৰী বিষয়াই আমাক সোধা-পোছা নকৰাত আমি বাৰুকৈয়ে আচৰিত হোৱাই নহয় আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্রশ্নবোধকৰ সৃষ্টি কৰিছে বুলি তেওঁ কয় । বিষয়টো অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দৃষ্টিগোচৰ কৰিলোঁ বুলি উল্লেখ কৰি তেওঁ তদন্তকাৰী বিষয়া হেমন্ত তুমুঙৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । সংবাদমেলত এ পি ডব্লিউৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক :Congress Bharat Jodo Yatra: জনীয়াত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ভূপেন বৰাৰ বিস্ফোৰণ

Last Updated : Nov 11, 2022, 3:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.