গুৱাহাটী, ৩১ আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(NRC) উন্নীতকৰণ প্ৰক্ৰিয়াটোত ৩৬০ কোটি টকাৰ ভয়ংকৰ বিসংগতি হোৱাৰ তথ্য মহা হিচাপ পৰীক্ষকৰ (AUDITOR GENERAL) প্ৰতিবেদনত প্ৰকাশ পাইছে । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এখন সংবাদমেলত এই তথ্য সদৰি কৰে আসাম পাব্লিক ৱৰ্কছৰ(ASSAM PUBLIC WORKS) সভাপতি আভিজিৎ শৰ্মা(ABHIJIT SHARMA)ই ।
তেওঁ কয়, ‘‘২০১৭ চনৰ পৰা আমি কৈ অহা কথাবোৰ অডিটৰ জেনেৰেলৰ প্ৰতিবেদনত সঁচা হিচাপে প্ৰমাণিত হ'ল । আনহাতে, এই সন্দৰ্ভত আমি ৰুজু কৰা এটা গোচৰৰ প্ৰাথমিক তথ্য শুদ্ধ বুলি জানিব পাৰি সেইসময়ৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে তদন্ত কৰি গোচৰ চলোৱাৰ অনুমতি বিচাৰি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই গৃহ বিভাগলৈ প্ৰেৰণ কৰা ফাইল বিগত ছমাহ ধৰি গৃহ বিভাগৰ কাৰ্যালয়ত পৰি আছে’’ ।
লগতে তেওঁ কয় যে, গৃহ বিভাগত এতিয়াও প্ৰতীক হাজেলা(Pratik Hajela)ৰ মানুহ আছে আৰু যিয়ে ফাইলটো গাপ দি ৰাখিছে । গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক এইক্ষেত্রত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ আহ্বান জনায় । প্ৰতীক হাজেলাক সুৰক্ষা প্ৰদান কৰিবলৈ ৰাজনৈতিক নেতা আৰু আই এ এছ বিষয়াৰ এটা লবীকে ধৰি এটা চক্ৰই কাম কৰি আছে বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
তেওঁ লগতে কয়, ‘‘২০১৭ চনত আমি এন আৰ চিৰ ডাটা এণ্ট্ৰী অপাৰেটৰৰ নিযুক্তি আৰু দৰমহাৰ ক্ষেত্রত দুৰ্নীতি হোৱাৰ লগতে এই বিষয়টোত প্ৰতীক হাজেলাৰ বৃহৎ কমিচনৰ অংক আছে বুলি সংবাদমেলযোগে অভিযোগ উত্থাপন কৰিছিলো । কিন্তু তেতিয়া বৰ্তমানৰ অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আদালত অৱমাননাৰ অভিযোগ আনি মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান কৰিছিল । আমাক ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল’’ ।
এতিয়া কিন্তু তেওঁলোকৰ সেই অভিযোগ অডিটৰ জেনেৰেলৰ প্ৰতিবেদনৰ যোগেদি সঁচা প্ৰমানিত হ'ল বুলি তেওঁ কয় । ডাটা এণ্ট্ৰী অপাৰেটৰৰ নামত ১৫৫.৮৩ কোটি টকাৰ অনিয়ম হোৱা বুলি অডিটৰ জেনেৰেলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে । সেইদৰে এন আৰ চি সেৱা কেন্দ্ৰৰ বাবে জেনেৰেটৰ ক্ৰয়ৰ নামত ২১.০৬ কোটি টকাৰ বিত্তীয় অনিয়ম হোৱাৰ তথ্য প্ৰতিবেদনত প্ৰকাশ পাইছে । প্ৰতীক হাজেলাৰ দুৰ্নীতি আৰু অডিটৰ জেনেৰেলৰ প্ৰতিবেদন সন্দৰ্ভত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিব বুলি তেওঁ মন্তব্য কৰে ।
আনহাতে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়তো শপতনামা দাখিল কৰিব বুলি তেওঁ জানিবলৈ দিয়ে । এন আৰ চিৰ ঘোচখোৰ বিষয়াসকলে ফল ভোগ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আমাৰ অভিযোগৰ ক্ষেত্রত সেই সময়তেই ব্যৱস্থা গ্ৰহণ কৰা হ'লে এই দুৰ্নীতি সংঘটিত নহ'লহেতেন । এই ক্ষেত্রত সন্দেহৰ অৱকাশ আছে । প্ৰতীক হাজেলাক দুৰ্নীতি কৰিবলৈ ৰঞ্জন গগৈয়ে একপ্ৰকাৰ সুবিধা কৰি দিছিল’’ ।
পৰৱৰ্তী সময়ত আসাম পাব্লিক ৱৰ্কছে ৩৬০ কোটি টকাৰ বাকী অনিয়ম সন্দৰ্ভত সবিশেষ তথ্য ৰাজহুৱা কৰিব বুলিও সকীয়াই দিয়ে । এন আৰ চিখনক বাংলাদেশীক ভাৰতীয় কৰাৰ দলিল আখ্যা দি তেওঁ কয় যে, এইখন চূড়ান্ত তালিকা নহয়, এইখন চাপ্লিমেণ্টৰী লিষ্ট । ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা আৰ জি আয়ে প্ৰকাশ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।
তেওঁ অভিযোগ মতে, এন আৰ চিত পৰিকল্পিতভাৱে ৮০ লাখ বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । সেয়ে, তেওঁলোকে এন আৰ চিৰ ১০০ শতাংশ পুনৰীক্ষণ বিচাৰে বুলি স্পষ্ট কৰি দিয়ে । ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, নগাঁও, মৰিগাঁও, হোজাই, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ১০০ শতাংশ পুনৰীক্ষণ কৰিলে ৮০ লাখ বাংলাদেশীৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব । আনহাতে, বৰ্তমানৰ সমন্বয়ক হিতেশ দেৱ শৰ্মায়ো এন আৰ চিখনত ব্যাপক বিসংগতি আৰু জালিয়াতি হোৱা বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে ।
বৃহৎ সংখ্যক পূৰ্ববংগীয় মানুহৰ নাম এন আৰ চিত ‘‘প্ৰকৃত বাসিন্দা'(অৰিজিনেল ইনহেবিটেণ্ট) হিচাপে সন্নিৱিষ্ট কৰাৰ তথ্যও ন্যায়ালয়ত প্ৰমাণ সহকাৰে দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে । এন আৰ চিখন প্ৰকাশ হোৱাৰ পাছত এতিয়া ২৭ লাখ মানুহে ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয়-'২৭ লাখ মানুহে বায়োমেট্ৰিকছৰ নামত আধাৰ কাৰ্ড বনাব নোৱাৰাকে ধৰি বিভিন্ন ক্ষেত্রত বিপদত পৰিছে । এইক্ষেত্রত অসম চৰকাৰ আৰু আৰ জি আয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে’’ । এইক্ষেত্রত আসাম পাব্লিক ৱৰ্কছৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰা হৈছে বুলি তেওঁ জনায় ।
লগতে পঢ়ক:মিত্ৰতা ভংগৰ পৰিণতি : জনীয়াত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDF ত যোগদান