ETV Bharat / state

পুনৰ অগপলৈ উভতিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ! - অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

Apurba Bhattacharya : ৰাজনীতিৰ ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ খবৰ ৷ অগপলৈ উভতিব বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ৷ অগপৰ এক বিশেষ সূত্ৰই সদৰী কৰিছে এই কথা ৷ এই কথা অস্বীকাৰ কৰা নাই ভট্টাচাৰ্যয়ো ৷

Apurba Bhattacharya to join AGP
অগপলৈ উভতিব অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:02 PM IST

নিউজ ডেস্ক, 8 জানুৱাৰী : আকৌ পুৰণি ঘৰখনলৈ ঘূৰি যাব অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ৷ বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে এই পৰ্যন্ত কংগ্ৰেছ দল ত্যাগ কৰা নাই যদিও শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰি অগপত যোগ দিব ৷ অগপৰ এক শীৰ্ষস্তৰীয় সূত্ৰই সদৰী কৰিছে এই কথা ৷

উল্লেখ্য যে, এসময়ত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্ব বহন কৰি অহা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত যোগ দিছিল অগপত ৷ এসময়ত অগপ ত্যাগ কৰি তেওঁ কংগ্ৰেছত যোগদান কৰিছিল ৷ বিগত দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ শীৰ্ষ পদত অধিস্থিত হৈ থকাৰ পিচত ভট্টাচাৰ্যৰ ক্ষোভৰ উমান পোৱা গৈছিল সোমবাৰে ৷

দেওবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম কংগ্ৰেছৰ নিৰ্বাচনী সমিতিখন গঠন কৰি দিছিল ৷ সেই সমিতিত নাম অন্তৰ্ভূক্ত হোৱা নাছিল অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ ইয়াৰ আচিলাতেই সোমবাৰে সামাজিক মাধ্যমত ভট্টাচাৰ্যই নিজৰ ক্ষোভ উজাৰি কংগ্ৰেছ ত্যাগ কৰাৰ মনোভাৱ ব্যক্ত কৰিছিল ৷

সেই অনুসৰি এতিয়া পুনৰ অগপলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে নেতাগৰাকী ৷ পূৰ্বতে অগপৰ মুখপাত্ৰৰ দায়িত্ব সুকলমে পালন কৰা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ পুনৰ অগপলৈ ঘূৰি অহা বিষয়টোক লৈ দলটোৰ কোনেও মুখ খুলিব খোজা নাই যদিও অগপৰ এক শীৰ্ষস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি সকলো যদি ঠিকে-ঠাকে থাকে, তেন্তে খুব সোনকালেই তেওঁ পুনৰ এৰি থৈ যোৱা দলটোত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে ৷

এজন বাকপটু নেতা হিচাবে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য পৰিচিত ৷ দীৰ্ঘসময় অগপত থকাৰ পিচত দলীয় টিকটৰ পৰা বঞ্চিত হৈ এসময়ত সেই দল ত্যাগ কৰি তেওঁ কংগ্ৰেছলৈ গমন কৰিছিল ৷ এতিয়া পুনৰ কংগ্ৰেছতেই যেন নিজকে এলাগী বুলি অনুভৱ কৰিছে এইগৰাকী নেতাই ৷ সেয়েহে পুনৰ এৰি থৈ অহা ঘৰখনলৈ উভতি আহিবলৈ মন মেলিছে তেওঁ ৷

লগতে পঢ়ক : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ বিজেপি শংকিত হৈছে : গৌৰৱ‌ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.