ETV Bharat / state

‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

ৰাজ্যৰ কমৰ্চাৰীসকল উপকৃত হ’ব পৰাকৈ চৰকাৰে গ্ৰহণ কৰা ‘আপোন ঘৰ’(Apun ghor) আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে এক চিন্তা চৰ্চা কৰিছিল বিত্ত বিভাগে আৰু অৱশেষত মঙলবাৰে বিত্ত বিভাগে ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন জনায় ।

Finance minister
আপোন ঘৰ আঁচনি
author img

By

Published : Jun 22, 2021, 7:32 PM IST

গুৱাহাটী, ২২জুন: মুখ্যমন্ত্ৰী (Chief minister) ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই নতুন চৰকাৰখনে দায়িত্ব লোৱাৰে পৰা অতি ক্ষীপ্ৰতাৰে কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে । ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে নিজৰ নিজৰ বিভাগসমূহ পৰ্যৱেক্ষণ কৰাৰ লগতে বিভিন্ন আঁচনি ৰূপায়ণত গুৰুত্ব আৰোপ কৰিছে । শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাইও এক সংবাদমেলত উল্লেখ কৰিছে যে তেওঁ অতি ক্ষীপ্ৰতাৰে সকলো কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবেও বিশেষ পদক্ষেপ লৈছে চৰকাৰখনে ।

বাকী মন্ত্ৰীসকলৰ দৰে বিত্তমন্ত্ৰী(Finance minister) অজন্তা নেওগেও নিজৰ বিভাগৰ জৰিয়তে উন্নয়নৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে ৰাজ্যৰ কমৰ্চাৰীসকল উপকৃত হ’ব পৰাকৈ চৰকাৰে গ্ৰহণ কৰা ‘আপোন ঘৰ’(Apun ghor) আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে এক চিন্তা চৰ্চা কৰিছিল বিত্ত বিভাগে আৰু অৱশেষত মঙলবাৰে বিত্ত বিভাগে ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন জনায় । হিতাধিকাৰী কমৰ্চাৰীসকলে কেইবামাহো ধৰি সূদৰ অংশ ৰেহাই নোপোৱাৰ বিষয়টোও ইতিমধ্যে বিত্তমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছে বুলি জানিব পৰা গৈছে ।

শেহতীয়াভাৱে আপোন ঘৰ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বিষয়টোৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী অজন্তা নেওগে প্ৰতিবেদন বিচাৰে আৰু বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি কমৰ্চাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা অনুমোদন জনোৱা হয় । তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে ৰাজ্য চৰকাৰৰ ‘আপোন ঘৰ’ অভিলাষী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ৩১ হাজাৰ ৯৯৬ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী উপকৃত হৈছে ।

ইতিমধ্যে এই ‘আপোনাৰ আপোন ঘৰ’ আঁচনিখন ৰূপায়ণৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত (Financial year) ৫ কোটি টকা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৭০ কোটি টকা আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত ৪৯.২৪ কোটি টকা মুকলি কৰি দিয়া হৈছিল । এই আঁচনিৰ জৰিয়তে এজন কৰ্মচাৰীয়ে সৰ্বাধিক ১৫ লাখ টকা পৰ্যন্ত ঋণ (Loan) লাভৰ বাবে যোগ্য বিবেচিত হয় ।

লগতে পঢ়ক:সমষ্টিৰ বান-খহনীয়া প্ৰৱণ অঞ্চল পৰিদৰ্শন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.