ETV Bharat / state

এ পি এছ চি কেলেংকাৰী : ৱাহিদা বেগমক তিনি দিনৰ আৰক্ষীৰ জিম্মাত; আন তিনিজনক তলব - ৰাজপত্ৰিত বিষয়া

কৰ অধীক্ষক ৱাহিদা বেগমক তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৷ সোমবাৰে এছ আই টিয়ে তলব কৰিছে দুগৰাকী ৰাজপত্ৰিত বিষয়া দীপাংকৰ দত্ত লহকৰ আৰু ধীৰাজ কুমাৰ জৈনক ৷ জেললৈ প্ৰেৰণ মহানগৰ আৰক্ষীৰ এ ডি চি পি সুকন্যা দাসক ৷

Wahida Begum Sent to 3 Days Police Custody
ৱাহিদা বেগমক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:02 PM IST

গুৱাহাটী, 9 ডিচেম্বৰ : অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছ আই টি)-এ ডিফুৰ পৰা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা ডিফুৰ বিক্ৰী কৰ বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক ৱাহিদা বেগমক শনিবাৰে গুৱাহাটীৰ বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে অভিযুক্ত ৱাহিদা বেগমক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

এছ আই টিয়ে বেগমক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল ৷ বৰ্তমান বেগমক পানবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ দেওবাৰে এছ আই টিয়ে বেগমক পুনৰ জেৰা চলাব ৷ নগাঁৱৰ কৰ অধীক্ষক হিচাপে কৰ্মৰত আছিল ৱাহিদা বেগম ৷ 2014 ৰ এ পি এছ চিৰ মূল পৰীক্ষাৰ উত্তৰবহী ভুৱা আছিল ৱাহিদাৰ ৷ অসম আৰক্ষীৰ এজন শীর্ষ বিষয়াৰ পত্নী ধৃত বেগমে 2014 চনত পৰীক্ষা দি 2016 চনত চাকৰিত যোগ দিছিল ৷

বিগত কিছুদিনত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা বিষয়াসকলে 2013 চনত পৰীক্ষা দি 2014 চনত চাকৰিত যোগ দিছিল ৷ আনহাতে গ্ৰেপ্তাৰ কৰা বেগম হৈছে 2014 চনত পৰীক্ষা দি 2016 চনত চাকৰিত যোগ দিয়া প্ৰথমগৰাকী অভিযুক্ত বিষয়া ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগত ধৃত বেগমকে ধৰি অন্য কেইবাজনৰো নাম আছে ৷ ধৃত বেগমৰ আটাইকেইখন পৰীক্ষাৰ বহীয়েই নকল আছিল বুলি জানিব পৰা গৈছে ৷ হাতৰ আখৰো আছিল বেলেগৰ ৷ অৰ্থাৎ উত্তৰ বহী লিখি দিছিল বেলেগ লোকে ৷

বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে গ্ৰেপ্তাৰ হোৱা বেগমক পূৰ্বেই ন্যায়িক আয়োগত হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল ৷ কিন্তু তেওঁ হাজিৰ হোৱা নাছিল ৷ ইফালে এ পি এছ চি কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত মিনাৰ্ভা দেৱীক তলব কৰিছে এছ আই টিয়ে ৷ সোমবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব কৰিমগঞ্জ জিলাৰ অতিৰিক্ত আয়ুক্ত মিনাৰ্ভা ৷ এ পি এছ চিৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ কন্যা মিনাৰ্ভা দেৱী ৷

নন্দ বাবু সিঙে একাধিক প্ৰাৰ্থীৰ নম্বৰ বঢ়াই দিয়াৰ অভিযোগো উত্থাপন হৈছে ৷ এ পি এছ চিৰ নথি জ্বলোৱা কাণ্ডত সাঙোৰ খাইছিল নন্দ বাবু সিঙৰ নাম ৷ লগতে সোমবাৰে এছ আই টিয়ে তলব কৰিছে দুগৰাকী ৰাজপত্ৰিত বিষয়া দিপাংকৰ দত্ত লহকৰ আৰু ধীৰাজ কুমাৰ জৈনকো ৷ ইফালে শুকুৰবাৰে এছ আই টিয়ে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা মহানগৰ আৰক্ষীৰ এ ডি চি পি সুকন্যা দাসক পাঁচ দিনৰ জিম্মাৰ ম্যাদ শেষ হোৱাত বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰায় ৷ আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : অপৰাধীক নহয়, ভুক্তভোগীক হাৰাশাস্তিৰ অভিযোগ যোৰহাটৰ পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.