গুৱাহাটী, ২৩ জুলাই : ২০১৩ বৰ্ষৰ অসম লোকসেৱা আয়োগ(APSC)ৰ কলংকিত পৰীক্ষা আৰু নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই থকা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগ হতভম্ভ হৈ পৰিছে । কিয়নো, লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সেই বৰ্ষৰ লিখিত পৰীক্ষাৰ ৭০ খন উত্তৰবহীৰ সম্প্ৰতি কোনো সম্ভেদ নাই । শৰ্মা আয়োগৰ এক সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিছে এই বিস্ফোৰক খবৰ ।
বিশেষ সূত্ৰটোৱে জনোৱা মতে, ২০১৩ বৰ্ষৰ পৰীক্ষাৰ উত্তৰবহী সমূহ বিচাৰি ন্যায়াধীশ শৰ্মা আয়োগে(Justice Sharma commitfee) লোকসেৱা আয়োগক জাননী জাৰি কৰিছিল । সেইমৰ্মে উত্তৰবহী সমূহ লোকসেৱা আয়োগে শৰ্মা আয়োগক হস্তান্তৰ কৰিছিল যদিও সন্দেহজনক ৭০ গৰাকী প্ৰাৰ্থীৰ বহী শৰ্মা আয়োগক জমা নিদিলে লোকসেৱা আয়োগে । সেই ৭০ খন উত্তৰবহী বিচাৰি ইতিমধ্যে দুবাৰকৈ পুনৰ শৰ্মা আয়োগে লোকসেৱা আয়োগক জাননী জাৰি কৰিছে যদিও শেহতীয়াকৈ লোকসেৱা আয়োগে শৰ্মা আয়োগক জনাইছে যে, সকলো উত্তৰবহী আয়োগৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকৰ জিম্মাত থাকে ৷
অৱশ্যে, এই ৭০ খন উত্তৰবহীৰ সম্প্ৰতি কোনো সম্ভেদ পোৱা নাই আয়োগে । এককথাত এই ৭০ খন উত্তৰবহী "হেৰাল" ।
অসম লোকসেৱা আয়োগ(assam public service commision)ৰ এনে কাণ্ড দেখি আশ্চৰ্যচকিত হৈ পৰিছে ন্যায়াধীশ শৰ্মা আয়োগ । ইপিনে ফৰেনচিক পৰীক্ষাৰ বাবে পঠিওৱা ১৭ গৰাকী বৰ্তমানৰ কৰ্মৰত বিষয়াৰ বহীৰ ফৰেনচিক প্ৰতিবেদনো ইতিমধ্যে শৰ্মা আয়োগে লাভ কৰিছে ৷ সেইসকলৰ মাজৰ পৰা কেইবাজনলৈকো আয়োগে জাননী প্ৰেৰণ কৰিবলৈ সাজু হৈছে । আনহাতে পূৰ্বতে যি ১৯ গৰাকী এপিএছ, এচিএছ আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ পোন্ধৰ দিনৰ ভিতৰত উত্তৰ বিচাৰি শৰ্মা আয়োগে জাননী প্ৰেৰণ কৰিছিল তেওঁলোকৰ ভিতৰত দুজনে এতিয়াও দাখিল কৰা নাই নিজৰ উত্তৰ ।
লগতে পঢ়ক : সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক