ETV Bharat / state

বিশেষ ক'ভিড প্ৰটক'লৰ মাজত দেওবাৰে অনুষ্ঠিত হ’ব APSC prelims ৰ পৰীক্ষা

দেওবাৰে অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা ৷ ক'ভিড পৰিস্থিতিৰ মাজতেই বিভিন্ন শ্ৰেণীৰ ৩৩১ টা পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ।

apsc exam update
বিশেষ ক'ভিড প্ৰটক'লৰ মাজত দেওবাৰে অনুষ্ঠিত হ’ব APSC prelims ৰ পৰীক্ষা
author img

By

Published : Sep 11, 2021, 5:39 PM IST

গুৱাহাটী, ১১ ছেপ্তেম্বৰ : ক'ভিড পৰিস্থিতিৰ মাজতেই দেওবাৰে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ’ব । ৰাজ্যৰ ৩১ খন জিলা সদৰ বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, হাফলং, হামৰেন, হাটশিঙিমাৰী, হোজাই, যোৰহাট, কাজলগাওঁ, কৰিমগঞ্জ, কোকৰাঝাৰ, মাজুলী, মঙলদৈ, মৰিগাঁও, মুছলপুৰ, নগাওঁ, নলবাৰী, নৰ্থ লখিমপুৰ, শিলচৰ, শিৱসাগৰ, সোনাৰী, তেজপুৰ, তিনিচুকীয়া, ওদালগুৰি আৰু গুৱাহাটীত এই পৰীক্ষা অনুষ্ঠিত হ'ব ।

উক্ত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ আবেদন আৰু ই- নামভৰ্তি প্ৰমাণপত্ৰৰ স্থিতি ৱেবছাইটত আপলোড কৰাৰ ব্যৱস্থা কৰা হৈছে । ৱেবছাইটতো হৈছে www.apsc.nic.in। প্ৰাৰ্থীসকলক বিভিন্ন শ্ৰেণীৰ ৩৩১ টা পদত নিযুক্তিৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে । মুঠ ৭৬,০৭১ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব ।

অসম লোকসেৱা আয়োগে ইতিমধ্যে এই পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ বাবে ক'ভিড নিৰ্দেশনা প্ৰকাশ কৰিছে । আয়োগে পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ বাবে মাস্ক, ফেচ শ্বিল্ড আৰু হেণ্ড গ্ল’ভছ বাধ্যতামূলক কৰিছে । প্ৰাৰ্থীসকলক ৬০ মিলি লিটাৰৰ এটা হেণ্ড ছেনিটাইজাৰৰ বটল লগত নিয়াৰ বাবে অনুমতি দিয়া হৈছে ।

লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীয়ে লগত আৰ টি-পি চি আৰ নেগেটিভ ৰিপৰ্ট আনিব লাগিব । কমেও ক'ভিড-১৯ ভেকচিনৰ এটা ড’জ লোৱা প্ৰাৰ্থীসকলে এই ৰিপ’ৰ্ট নানিলেও হ’ব । অৱশ্যে সেইসকল প্ৰাৰ্থীয়ে লগত ভেকচিনৰ প্ৰমান পত্ৰৰ হাৰ্ড কপি এটা লগত নিব লাগিব । আনহাতে, আয়োগে দিয়া নিৰ্দেশাৱলী অনুসৰি প্ৰাৰ্থীসকলৰ আৰ টি-পি চি আৰ ৰিপ’ৰ্ট ৭২ ঘন্টাৰ ভিতৰৰ হ’ব লাগিব আৰু ৰেপিড এন্টিজেন টেষ্ট হ’লে ৪৮ ঘন্টাৰ ভিতৰত কৰা হ’ব লাগিব ।

লগতে পঢ়ক : অসাৰ হ'ল মুখ্যমন্ত্ৰীৰ ঘোষণা:অফলামুখ ঘাটত নচলিল জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.