গুৱাহাটী, ১৮ নৱেম্বৰ: কিছুদিনৰ ভিতৰতে দহ হাজাৰ শিক্ষক পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। অলপতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছিল। ইপিনে,শিক্ষা বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা মতে, বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এইবাৰ দহ হাজাৰ শিক্ষকৰ নিযুক্তি সংশোধনী প্ৰক্ৰিয়াৰ মাজেৰে কৰা হ'ব । লক্ষ্য়ণীয় যে ৰাজ্যিক কেবিনেটে ইতিমধ্যে যোৱা বৈঠকত বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক সংশোধনৰ সিদ্ধান্ত লৈছিল। সেইমৰ্মে, প্রাথমিক পর্যায়ত এতিয়াৰে পৰা প্ৰাৰ্থীসকলে শৈক্ষিক জীৱনত লাভ কৰা নম্বৰ কাৰ্যতঃ গুৰুত্বহীন হৈ পৰিব । কিয়নো টেট পৰীক্ষাত লাভ কৰা নম্বৰহে নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব ।
উল্লেখ্য যে এইবাৰৰ পৰা মাধ্যমিক পৰ্যায়ত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হ'ব বাছনি পৰীক্ষা । প্রাথমিক পৰ্যায়ত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নতুন ব্যৱস্থাটো বলৱৎৰ বাবে অসম প্রাথমিক শিক্ষা (প্রাদেশিকীকৰণ) বিধি-২০২৩ ৰ সংশোধনীৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই মৰ্মে, নিম্ন প্রাথমিকৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্রার্থীজনে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত পোৱা নম্বৰৰ মাত্র ৫ শতাংশহে লোৱা হ'ব; সেইদৰে ডি এল ই ডি/ বি এল ই ডি পৰীক্ষাত পোৱা নম্বৰৰো ৫ শতাংশহে ধৰা হ'ব। ইয়াৰ বিপৰীতে ৰাজ্যিক টেট বা 'চি' টেটত লাভ কৰা নম্বৰৰ ৮৫ শতাংশ লোৱা হ'ব ।
তদুপৰি এন চি চিৰ 'চি' প্ৰমাণপত্ৰৰ ক্ষেত্ৰত সংশ্লিষ্ট প্রার্থীজনে ৫ নম্বৰ; 'বি' প্ৰমাণপত্ৰৰ ক্ষেত্ৰত ৩ নম্বৰ; অসমক প্রতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বা তাৰ ঊৰ্দ্ধৰ কোনো স্বীকৃত ক্রীড়া প্রতিযোগিতা, পৰিৱেশ্য কলা আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণৰ ক্ষেত্ৰত অতিৰিক্ত পাঁচ নম্বৰ পাব । উচ্চ প্রাথমিকৰ ক্ষেত্ৰত (ষষ্ঠ-অষ্টম শ্রেণী) উচ্চ, উচ্চতৰ মাধ্যমিক, স্নাতক পৰীক্ষা আৰু বি এড পৰীক্ষাত লাভ কৰা নম্বৰৰ পাঁচ শতাংশকৈহে যোগ হ'ব । ৰাজ্যিক টেট বা 'চি' টেটত পোৱা নম্বৰৰ ৮০ শতাংশ মেটি লিষ্ট প্রস্তুত কৰাৰ ক্ষেত্ৰত যোগ কৰা হ'ব । এই নিযুক্তিৰ ক্ষেত্ৰতো এন চি চি, ক্রীড়া, সাংস্কৃতিক কাৰ্যসূচীত অংশগ্রহণকাৰীয়ে অতিৰিক্ত পাঁচ নম্বৰকৈ পাব।
উল্লেখ্য যে এই দহ হাজাৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উল্লিখিত সংশোধনী বলৱৎ হ'ব বুলি বিভাগীয় সূত্রই প্রকাশ কৰিছে । ইপিনে,মাধ্যমিক পর্যায়ত শিক্ষা জীৱনৰ পৰীক্ষাসমূহত পোৱা নম্বৰ বিবেচনালৈ অনাৰ সলনি এটা সুকীয়াকৈ টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । শীঘ্ৰেই এই পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।
লগতে পঢ়ক:কাকতত বিজ্ঞাপনৰ জৰিয়তে জাৰি কৰা হ'ব হাজেলাক আদালতত হাজিৰ হোৱাৰ জাননী