ETV Bharat / state

Land grabbing allegation : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ - ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ বিৰুদ্ধে বুধবাৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ পৰা সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব (APCC will protest in Assam against CM family land scam)।

apcc-will-protest-in-assam-against-cm-family-land-scam
Land grabbing allegation
author img

By

Published : Jan 11, 2022, 8:33 PM IST

গুৱাহাটী, 11 জানুৱাৰী : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এখন সাংবাদ মেল ৷ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই সাংবাদিক সকলক সম্বোধন কৰি, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against Assam CM's family)ৰ ন্যায়াধীশ ৰ দ্বাৰা তদন্তৰ দাবী জনায় ৷

ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও অৱগত কৰে তেওঁ । বুধবাৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ দীঘলী পুখুৰী পাৰৰ পৰা সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও জনায় তেওঁ ৷ এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অহা 10 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ প্ৰায় এমাহজোৰা এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে বুলিও সদৰি কৰে মহন্তই (APCC will protest in Assam against CM family land scam) ।

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা প্ৰশিক্ষণ শিৱিৰৰ সামৰণিৰ পিছত কংগ্ৰেছ নেতা কৰ্মী সকলে কলাক্ষেত্ৰৰ ভিতৰৰ পৰা অসম সচিবালয়লৈ সমদল উলিয়াইছিল ।

প্ৰতিবাদৰ শেষত কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনায় ৰাজ্যপাললৈ প্ৰেৰণ কৰা হৈছিল স্মাৰকপত্ৰ (APCC demands probe against Riniki Bhuyan Sarma) । এই সন্দৰ্ভত যেতিয়ালৈকে চৰকাৰে তদন্ত ঘোষণা নকৰে কংগ্ৰেছে আন্দোলন অব্যাহত ৰাখিব বুলি মনজিৎ মহন্তই কয় ।

সাংবাদ মেলত, প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে সৎ সাহস আছে যদি তদন্ত কৰা হওক । লুই বাৰ্জাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰীত সাঙোৰ খায় থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মাটি কেলেংকাৰী তেওঁৰ নতুন কেলেংকাৰী । হিমন্ত বিশ্ব শৰ্মাই নিজৰ ১৮ বছৰীয়া পুত্ৰৰ নামত ১৭ টা কোম্পানী খুলিছে । নিজৰ পুত্ৰৰ নামতো হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি কৰিব এৰা নাই । এয়া বৰ লাজৰ কথা বুলিও মীৰা বৰঠাকুৰে মন্তব্য কৰে ।

লগতে পঢ়ক : ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ বাবেই 'কা’ সন্দৰ্ভত নীৰৱ হৈছে নেকি BJP ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.