গুৱাহাটী, 31 জুলাই: "হাত" এৰি থৈ হাতত পদুম তুলি লব খোজা সুশান্ত বৰগোঁহাইক লৈ এতিয়া কংগ্ৰেছ দল তল-ওপৰ ৷ শুকুৰবাৰে সুশান্ত বৰগোঁহাইয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত শনিবাৰে তেওঁৰ পদত্যাগ পত্ৰ গৃহীত কৰে প্ৰদেশ কংগ্ৰেছে ৷ আনহাতে একে সময়তে যিহেতু তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে সেয়েহে তাৎক্ষণিকভাৱে তেওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ৷ শুকুৰবাৰে ই-মেইলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা উজনি অসমৰ প্ৰভাৱশালী যুৱ নেতা সুশান্ত বৰগোঁহাইয়ে ৷
ইপিনে, সুশান্ত বৰগোহাঁইৰ অবৰ্তমানত থাওৰা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক কাম-কাজৰ পৰা আৰম্ভ কৰি সকলো দিশ চোৱা-চিতাৰ বাবে শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গঠন কৰি দিয়ে সাতজনীয়া এখন বিশেষ সমিতি ৷ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিয়া এই সমিতিখনৰ আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে প্ৰজাপতি নন্দন বৰুৱাক । সমিতিখনৰ বাকীসকল সদস্য হ'ল ক্ৰমে দেৱ কুমাৰ চেতিয়া, সুশীল পেগু, প্ৰাঞ্জল ঘাটোৱাৰ, কৰ্ম বাহাদুৰ চেত্ৰী, বিপুল গগৈ আৰু অনুজ বৰকটকী ৷
নিঃসন্দেহে সুশান্তৰ কংগ্ৰেছ ত্যাগ দলৰ বাবে পূৰাব নোৱাৰা ক্ষতি ।
উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত উজনি অসমত মাত্ৰ চাৰিখন আসনহে দখল কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে । ইয়াৰে দুগৰাকী বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইয়ে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰাত কংগ্ৰেছৰ দখলত থাকিল মাত্ৰ নাজিৰা আৰু তিতাবৰ সমষ্টি দুটাহে ৷ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দলৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিধায়ক সুশান্ত বৰগোঁহাইলৈ জাৰি কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী ৷ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সুশান্ত বৰগোঁহাইক ৩১ জুলাই পৰ্যন্ত সময়সীমা ধৰি দিছিল প্ৰদেশ কংগ্ৰেছে ৷
লগতে পঢ়কঃ জল্পনা কল্পনা শেষ: কংগ্ৰেছ এৰিলে সুশান্তই