গুৱাহাটী,২৬ অক্টোবৰ: মিঞা মিউজিয়ামৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ থকাৰ সময়তে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC President Bhupen bora) । তেওঁ কয় যে এইবোৰ আৰ এছ এছ, বিজেপিৰ বিভাজনকামী চিন্তাৰ বহিঃপ্ৰকাশ (APCC President reaction on Miya museum)। তেওঁলোক ইয়াত জড়িত হৈ আছে ।
কিছুদিন পূৰ্বে যেতিয়া চৰকাৰে মছজিদ ভাঙিছিল তেতিয়া এ আই ইউ ডি এফৰ হাতত মছজিদ নিৰ্মাণৰ বাবে পইচা দিছিল বুলিও বিস্ফোৰক অভিযোগ তোলে দলটোৰ বিৰুদ্ধে । মিঞা মিউজিয়ামৰ আঁৰত গোপন ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি অভিযোগ কৰি বৰাই কয় যে অসমৰ সমাজ জীৱন গভীৰ ষড়যন্ত্ৰৰ বলি হবলৈ গৈ আছে । আৰ এছ এছ আৰু বিজেপিয়ে ৰাজনৈতিক দৃষ্টিভংগীৰে সমাজ বিভাজনৰ বাবে যিবোৰ কাম আৰম্ভ কৰিলে তাৰ হাতোৰাত বিভিন্ন মানুহ ব্যৱহাৰ হৈ আহিছে আৰু হৈ থাকিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।
আৰ এছ এছ, বিজেপিৰ ষড়যন্ত্ৰৰ বলি বহু মানুহে হৈ আহিছে । বিজেপিয়ে ভিজন ডকুমেণ্টৰ কথা কৈ নিৰ্বাচন খেলিব নোৱাৰে বাবে বিভাজনৰ ৰাজনীতি কৰিছে ৷ কাৰণ বিভাজনবাদী চিন্তাৰ বাদে অন্য কোনো পন্থাৰে যে বিজেপিয়ে গাদী ৰক্ষা কৰিব নোৱাৰে সেই সন্দৰ্ভত দলটো নিশ্চিত । সেয়ে বিভাজনকামী চিন্তাবোৰ সমাজত শিপাই দিবলৈ কষ্টৰ ক্ৰটি কৰা নাই বিজেপিয়ে বুলি অভিযোগ অনাৰ লগতে তেওঁ কয় যে বিজেপি আৰু আৰ এছ এছে সাপ হৈ খুঁটি বেজ হৈ জাৰিছে ।
মিঞা মিউজিয়ামৰ প্ৰসংগ দোহাৰি সমগ্ৰ ঘটনাটোৰ আৰঁত আৰ এছ এছ আৰু বিজেপি জড়িত হৈ আছে বুলি বৰাই অভিযোগ তোলে । ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা' (Congress Bharat Jodo Yatra)ৰ সময়ত বিজেপিৰ চৰিত্ৰ ৰাইজৰ আগত উদঙাই দিয়া হ'ব বুলি বৰাই উল্লেখ কৰে ।
উল্লেখ্য যে অহা 1 নবেম্বৰৰ পৰা অসমত কংগ্ৰেছৰ সাংগঠনিক শক্তি পুনৰুদ্ধাৰৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ কংগ্ৰেছে আৰম্ভ কৰিব ভাৰত জোড়ো অসম যাত্ৰা(Bharat jodo yatra in Assam) । এই যাত্ৰাত পদব্ৰজে ৮০০ কিলোমিটাৰ অতিক্ৰম কৰা হব বুলি জানিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক: Miya Museum Controversy : মিঞা মিউজিয়ামৰ বিৰোধিতা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ