গুৱাহাটী, ১০ মাৰ্চ : পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু মাজুলী উপ-নিৰ্বাচনত(Majuli by election 2022) বিধ্বস্ত হৈছে কংগ্ৰেছ । এই শোচনীয় পৰাজয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC president Bhupen Bora's reaction regarding election result) ।
তেওঁ কয় যে, কংগ্ৰেছে ৰাইজৰ ৰায় নতশিৰে মানি লৈ ভৱিষ্যতে দলৰ ভূল-ভ্ৰান্তিসমূহ দূৰ কৰি দলটোক সু-সংগঠিত ৰূপত আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয় যে আজিৰ ফলাফলে আমাক এটা শিক্ষা দিলে যে আমি তৃণমূল পৰ্যায়ত অধিক মনোনিৱেশ কৰিব লাগিব ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে, আজিৰ ফলাফলত নিঃসন্দেহে দলটো নিৰাশ হৈছে যদিও হতাশ হোৱা নাই । কংগ্ৰেছে সদায় ৰাইজৰ হকে যুঁজি যাব । নিৰ্বাচনী জয় বা পৰাজয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰাৰ বিচলিত কৰিব নোৱাৰে বুলি সদৰি কৰি তেওঁ কয় যে কংগ্ৰেছ দল সদায় ৰাইজৰ সৈতে একাত্ম হৈ থাকিব ।
ৰাইজৰ ইচ্ছ্যু সমূহ যেনে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা, স্বাস্থ্য, আন্তগাথঁনিমূলক উন্নয়নৰ বিষয়বোৰ দায়িত্ব সহকাৰে সদায় আমি তুলি ধৰিম বুলি তেওঁ কয়। উল্লেখ্য যে, মাজুলী উপনিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত হৈছে । সেইদৰে পাঁচ ৰাজ্যৰ নিৰ্বাচনতো কংগ্ৰেছৰ শোচনীয় পৰাজয় হয় ।
লগতে পঢ়ক : Rajya Sabha Election 2022: ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ নতুন মুখৰ সম্ভাৱনা !