ETV Bharat / state

Bhupen Borah on Raghav Movie: যতীন বৰাৰ শেহতীয়া অৱস্থাৰ কাৰণ বিচাৰি পালে ভূপেন বৰাই; সংগদোষ !

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 10:26 PM IST

যতীন বৰা এগৰাকী ভাল অভিনেতা । তাত কোনো সন্দেহ নাই । সংগদোষত পৰিহে যতীন বৰাৰ এই অৱস্থা হৈছে । এই মন্তব্য ভূপেন বৰাৰ ৷

Bhupen Borah on Raghav Movie
যতীন বৰাৰ প্ৰসংগত ভূপেন বৰা
যতীন বৰাৰ প্ৰসংগত ভূপেন বৰা

গুৱাহাটী, ২৯ অক্টোবৰ : অভিনেতা যতীন বৰাৰ 'ৰাঘৱ' ছবিখনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সংগদোষত পৰি যতীন বৰাৰ এই অৱস্থা হৈছে বুলি মন্তব্য কৰে ভূপেন বৰাই ।

উল্লেখ্য যে, ছবিখন মুক্তি পোৱাৰ পূৰ্বেই যতীন বৰাক কেন্দ্ৰ কৰি ছবিখন চোৱা-নোচোৱাক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছিল । মুক্তিৰ পাচতো সেই চৰ্চা অব্যাহত আছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘এটা কথা স্বীকাৰ কৰিব লাগিব যে যতীন বৰা এগৰাকী ভাল অভিনেতা । তাত কোনো সন্দেহ নাই ।’’

আনহাতে ছবিখনো ভাল হৈছে বুলি শুনাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘‘কিন্তু ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে । ছবিখনক লৈ যি ঢৌ উঠিব লাগিছিল সেই ঢৌ উঠা নাই । বৰং বিতৰ্কৰহে সৃষ্টি হৈছে ।’’ ইয়াৰ কাৰণ হিচাবে তেওঁ কয় যে সংগদোষত পৰি যতীন বৰাৰ এই অৱস্থা হৈছে । যতীন বৰাৰ সংগক ৰাইজে বেয়া পাইছে বুলি সদৰী কৰি তেওঁ কয় যে এইটোৱেই হৈছে অসমীয়া জাতীয় জীৱনৰ বৰ্তমান সময়ৰ অনুভৱ । জাতীয় জীৱনৰ এই সংবেদনশীল পৰিস্থিতি বিজেপি নাইবা বিজেপিৰ নেতাসকলে অনুধাবন কৰিব পৰা নাই বুলি তেওঁ কয় ।

ভূপেন বৰাই লগতে কয় যে যতীন বৰাক লৈ বহু বেছি বিদ্বেষ আছে বুলি নাভাবো যদিও যতীন বৰাৰ বেয়া সংগক লৈ ৰাইজৰ বিদ্বেষ আছে । শিল্পী হিচাবে যতীন বৰাৰ বৰ্তমান যি পৰিস্থিতি হৈছে সেইটো যতীন বৰাই অনুভৱ কৰিব লাগে । প্ৰসংগক্ৰমে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটৰ বৰ্তমানৰ পৰিস্থিতিৰ কথা উল্লেখ কৰে । পৰামৰ্শ হিচাবে তেওঁ কয় যে শিল্পীসকল হয় ৰাজনীতিৰ বাহিৰত থাকিব লাগে নহ'লে ভাল সংগত থাকিব লাগে ।

লগতে পঢ়ক : Actor Jatin Bora : যতীন বৰাও এদিন এনেদৰে সমালোচিত হ’ব বুলি কোনোবাই ভাবিছিলনে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.