ETV Bharat / state

APCC President Bhupen Borah: কংগ্ৰেছত ৰোধ হোৱা খহনীয়া এতিয়া বিজেপিত আৰম্ভ হৈছে : ভূপেন বৰা - Bhupen Borah Reacts on Sherman Ali controversy

বিজেপিয়ে ভগৱান ৰামচন্দ্ৰক অনুসৰণ কৰি ছিণ্ডিকেট চলাব নেকি, প্ৰজাক যাতনা দিব নেকি ? ৰামৰাজ্যত ছিণ্ডিকেট চলে নেকি বুলি বিজেপিলৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ বিজেপি চৰকাৰে জনতাৰ নিদ্ৰাহৰণ কৰিছে বুলি মন্তব্য কৰে তেওঁ (APCC President Bhupen Borah Slams BJP) ৷

APCC President Bhupen Borah Slams BJP
এতিয়া বিজেপিত খহনীয়া আৰম্ভ হৈছে: ভূপেন বৰা
author img

By

Published : May 18, 2023, 5:59 PM IST

ৰামৰাজ্যত ছিণ্ডিকেট চলে নেকি বুলি বিজেপিলৈ প্ৰশ্ন ভূপেন বৰাৰ

গুৱাহাটী, 18 মে': ৰামৰাজ্যত ছিণ্ডিকেট চলে নেকি বুলি বিজেপিলৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰামৰাজ্যৰ প্ৰসংগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ তেওঁ লগতে কয় যে বিজেপিয়ে ভগৱান ৰামচন্দ্ৰক অনুসৰণ কৰি ছিণ্ডিকেট চলাব নেকি, প্ৰজাক যাতনা দিব নেকি ? ৰাৱণে সীতাক হৰণ কৰিছিল আৰু বিজেপি চৰকাৰে জনতাৰ নিদ্ৰাহৰণ কৰিছে বুলি তেওঁ কয় (APCC President Bhupen Borah Slams BJP) ৷

আনহাতে AIUDFৰ ভোট বিভাজনৰ ৰাজনীতি সন্দৰ্ভত তেওঁ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলৰ প্ৰসংগৰে কয় যে কংগ্ৰেছে নিৰ্বাচনত জয়ী হ'ব লাগে আৰু জয়ী হৈ গৈ থাকিব ৷ তেওঁ লগতে কয় যে এটা সময়ত কংগ্ৰেছত খহনীয়া হৈছিল আৰু এতিয়া সেই খহনীয়া ৰোধ হৈছে ৷ এতিয়া বিজেপিত খহনীয়া আৰম্ভ হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰা সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ নিৰ্বাচন খেলাৰ ইচ্ছা আছে ৷ ইচ্ছা নাই বুলি ক'লে মিছা কথা কোৱা হ'ব; সভাপতি এজনে নিৰ্বাচন খেলা-নেখেলা বিষয়টো দলৰ কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (APCC President Bhupen Borah) ৷

আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে অসমৰ 14 খন আসনকে লক্ষ্য কৰি লৈছে বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে ইয়াৰ বাবে তৎপৰ হৈছে কংগ্ৰেছ দল ৷ আনহাতে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 11 টা বিৰোধী ৰাজনৈতিক দলৰ অভিৱৰ্তন শীঘ্ৰেই অনুষ্ঠিত হ'ব বুলিও তেওঁ সদৰী কৰে ৷ বিজেপিক প্ৰতিহত কৰাৰ মূল লক্ষ্যৰে বিৰোধী শক্তি ঐক্যবদ্ধ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এ আই ইউ ডি এফৰ দৰে সাম্প্ৰদায়িক শক্তিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিয়াটো আমাৰ লক্ষ্য (Bhupen Borah Slams BJP) ৷

ইফালে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে নিজৰ দেহৰক্ষীক কৰা অভব্য আচৰণ সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে বিধায়ক শ্বেৰমান আলী আহমেদৰ ওপৰত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আছে ৷ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ থকা লোকে এনেদৰে আচৰণ কৰিব পাৰে ৷ শ্বেৰমান আলী আহমেদৰ দৰে অসভ্য লোকক চৰকাৰখনে কিয় সুৰক্ষা দি আছে বুলি মন্তব্য কৰি এই ঘটনাৰ বাবে আশ্বৰ্য প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Bhupen Borah Reacts on Sherman Ali controversy) ৷

লগতে পঢ়ক: Sherman Ali controversy: বিধায়ক শ্বেৰমান আলী আহমেদক মানসিক বিকাৰগ্ৰস্ত আখ্যা প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.