গুৱাহাটী, ১৩ অক্টোবৰ : ২৪ ঘণ্টা নহওঁতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৱাহাটী পৌৰ নিগমৰ জাননীৰ উত্তৰ দিলে (APCC president Bhupen Bora responds to GMC notice within 24 hours)। বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ এটি প্ৰতিনিধিৰ দলে গুৱাহাটীৰ উজান বজাৰস্থিত গুৱাহাটী পোৰ নিগমৰ কাৰ্যালয়ত উপস্থিত হৈ জাননীৰ উত্তৰ দাখিল কৰে (Bhupen Bora in GMC office) ।
![Bhupen Bora in GMC office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-apcc-president-bhupen-bora-responds-to-gmc-notice-within-24-hours-7209925_13102022161701_1310f_1665658021_623.jpg)
উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (APCC president Bhupen Borah) নামত তেওঁৰ গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহৰ নিৰ্মাণ সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমে বুধবাৰে এখন জাননী প্ৰেৰণ কৰিছিল (GMC issues notice to Bhupen Borah) । ঘোঁৰামাৰাৰ ভাস্কৰজ্যোতি কুমাৰ আৰু হীৰেন ভট্টই ভূপেন বৰাৰ বিৰুদ্ধে অকৰ্তৃত্বশীলভাৱে গৃহ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰি নিগমত অভিযোগ দিছিল (Bhupen Borah residence at Ghoramara Guwahati) ।
![Bhupen Bora in GMC office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-apcc-president-bhupen-bora-responds-to-gmc-notice-within-24-hours-7209925_13102022161701_1310f_1665658021_69.jpg)
সেই অভিযোগ সন্দৰ্ভত নিগমে নিৰ্মাণ কৰা গৃহটোৰ এন অ’চি আৰু অনুমোদিত পৰিকল্পনাৰ প্ৰতিলিপি দাখিলৰ নিৰ্দেশ দিছে ভূপেন বৰাক । ইয়াৰ বাবে ভূপেন বৰাক তিনি দিনৰ সময় দিছিল পৌৰ নিগমে । এই জাননীৰ ২৪ ঘণ্টাৰ ভিতৰতে অৰ্থাৎ আজি (বৃহস্পতিবাৰে) ভূপেন বৰাই উত্তৰ দিয়ে ।
লগতে পঢ়ক : Notice to Bhupen Borah: প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰালৈ গুৱাহাটী পৌৰ নিগমৰ জাননী
আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ গুৱাহাটী পৌৰ নিগমে গৃহ নিৰ্মাণৰ সন্দৰ্ভত দিয়া জাননীক লৈ উজানবজাৰস্থিত পৌৰ নিগমৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰাক্তন মেয়ৰ কুশল শৰ্মা নেতৃত্বাধীন কংগ্ৰেছৰ এটা সজাতি দল । সজাতি দলটোৱে নিগম কৰ্তৃপক্ষক কেতবোৰ তথ্য পাতি প্ৰদান কৰে ।
![Bhupen Bora in GMC office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-apcc-president-bhupen-bora-responds-to-gmc-notice-within-24-hours-7209925_13102022161701_1310f_1665658021_774.jpg)
সজাতি দলটোৰ নেতৃত্ব দিয়া কুশল শৰ্মাই ভূপেন বৰালৈ প্ৰেৰণ কৰা জাননীয়ে বিজেপি চৰকাৰৰ আক্ৰোশমূলক স্থিতিকে সূচাইছে বুলি মন্তব্য কৰে । তেওঁ কয় যে, বিজেপিৰ বিৰুদ্ধে ভূপেন বৰাই মন্তব্য কৰা বাবেই এই আক্ৰোশমূলক স্থিতি গ্ৰহণ কৰা হৈছে । GMC ৰ দৰে এখন স্বায়ত্ব শাসিত পৰিষদে এনেদৰে আক্ৰোশমূলকভাৱ গ্ৰহণ কৰিব নালাগে বুলি তেওঁ কয় ।
মাটিডোখৰ কাৰ নামত আছে সেয়া অনুসন্ধান নকৰাকৈ এই জাননী পঠাইছে বুলি তেওঁ অভিযোগ কৰে । ইফালে জাননী সন্দৰ্ভত ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, গুৱাহাটীত তেওঁৰ কোনো সম্পত্তি নাই । তেওঁ থকা ঘৰটো তেওঁৰ পত্নীৰ নামতহে আছে । এই জাননীখন তেওঁৰ বিৰুদ্ধে বিজেপি নেতৃত্বাধীন চৰকাৰৰ ৰাজনৈতিক প্ৰতিশোধৰ বাহিৰে আন একো নহয় বুলি তেওঁ সদৰী কৰে ।
![Bhupen Bora in GMC office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-apcc-president-bhupen-bora-responds-to-gmc-notice-within-24-hours-7209925_13102022161701_1310f_1665658021_774.jpg)
চৰকাৰী মাটিৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয়টোৰ অনুমতিক লৈ প্ৰশ্ন কৰি অহা বাবেই এইধৰণ জাননী প্ৰেৰণ কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক : Bhupen Borah Encounter Threat : কোনে এনকাউণ্টাৰ কৰিব খুজিছে ভূপেন বৰাক ?