ETV Bharat / state

অসমৰ 17 খন জিলাৰ মাজেৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 2:52 PM IST

Bharat jodo nyay yatra : গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল কংগ্ৰেছ নেতা ভৰত চন্দ্ৰ নৰহৰ সংবাদমেল ৷ 14-25 জানুৱাৰীলৈকে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৰাহুল গান্ধীৰ নেতৃত্বত দলে আৰম্ভ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ সংবাদমেলত এই কথা জানিবলৈ দিয়ে নৰহে ৷

APCC preparations for Bharat Yodo Nyayare Yatarn
অসমৰ 17 খন জিলাৰ মাজেৰে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জড়ো ন্যায় যাত্ৰা

গুৱাহাটী, 6 জানুৱাৰী : লোকসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ কংগ্ৰেছ দলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত তৎপৰতা আৰম্ভ কৰিছে । অহা 14 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছ দলে ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ কৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেল যোগে এই কথা জানিবলৈ দিছে কংগ্ৰেছৰ নেতা ভৰত চন্দ্ৰ নৰহে ৷

সংবাদমেলত ভৰতে কয়, ‘‘কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অহা 14 জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব । নাগালেণ্ড হৈ 18 জানুৱাৰীত অসমত প্ৰৱেশ কৰিব এই যাত্ৰাই ৷ 25 জানুৱাৰীলৈ অসমত এই যাত্ৰা অব্যাহত ৰাখিব । অসমত উজনি অসমৰ পৰা নামনি অসমলৈকে মুঠ 17 খন জিলাত এই যাত্ৰা কৰিব ।‌ গান্ধীয়ে মুঠ 833 কিঃমিটাৰ যাত্ৰা কৰিব ।’’

তেওঁ কয় যে, ‘‘9 জানুৱাৰীত গুৱাহাটীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেনুগোপাল আৰু অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙ উপস্থিত হ'ব । ন্যায় যাত্ৰাৰ‌ বাবে 25 খন উপ-সমিতি গঠন কৰা‌ হ'ব । ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেনুগোপাল আৰু অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত সভা অনুষ্ঠিত কৰি এই উপ-সমিতি গঠন কৰা হ'ব ।’’

আনহাতে ন্যায় যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাৰ কাৰ লগত মত বিনিময় কৰিব সেই সন্দৰ্ভত নৰহে কয়,‘‘ অসমৰ বিভিন্ন দল সংগঠনৰ লগতে চালকৰ সৈতে মত বিনিময় কৰিব ৷ লগতে মটৰ শ্ৰমিকসকলৰ ওপৰত আৰোপ কৰা ক’লা আইনৰ দ্বাৰা অসমৰ চালকসকল কিদৰে ভীতিগ্ৰস্ত হৈছে সেই বিষয়ে ৰাহুল গান্ধীক অৱগত কৰা হ'ব ।’’

লগতে পঢ়ক : মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতি; গুৱাহাটীত যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.