গুৱাহাটী,১৩ জুলাইঃ এটাৰ পাছত আনটোকৈ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মূখীন হোৱা কংগ্ৰেছ এতিয়াও আভ্যন্তৰীন কন্দলতে নিমজ্জিত । ইয়াৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে অতি পৰিকল্পিতভাৱে দলীয় সংগঠন শক্তিশালী কৰিছে । আজিৰ তাৰিখত বিৰোধী শক্তি একপ্ৰকাৰ নিচিহ্ন বুলিয়েই কব পাৰি । এজনৰ পাছত আনজনকৈ নেতা-কৰ্মীয়ে দল ত্যাগ কৰাৰ ফলত শক্তিহীন হৈ পৰা প্ৰধান বিৰোধী দল কংগ্ৰেছ আজিও শৃংখলিত হ'ব পৰা নাই ।
বহুধা বিভক্ত তথা দলীয় অন্তর্কন্দলত জৰ্জৰিত প্ৰদেশ কংগ্ৰেছ কমিটীত আগন্তুক ছেপ্টেম্বৰৰ পাছত আন এক জোকাৰণি সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে । কাৰণ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাংগঠনিক নির্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে(Assam Pradesh Congress Committee Organisational Elections begun)। এই প্ৰক্ৰিয়াৰ শেষ অংশ হ’ব অসম প্ৰদেশ কমিটীৰ সভাপতি আৰু নিখিল ভাৰত কংগ্ৰেহ কমিটীৰ সদস্যৰ নিৰ্বাচনৰ যোগেদি । উল্লেখ্য় যে লবীকেন্দ্রিক ৰাজনীতিত বিধ্বস্ত হৈ পৰা প্ৰদেশ কংগ্ৰেছত নিৰ্বাচনৰ জৰিয়তে সভাপতি বাছনি হ'লেই দুই বা তিনিটা শিবিৰৰ মুকলি অৱস্থান প্রকাশ্য হৈ পৰিব । সাংগঠনিক নির্বাচনো প্রদেশ কংগ্ৰেছৰ এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিব পাৰে ।
উল্লেখ্য় যে প্রদেশ কংগ্ৰেছৰ সভাপতি পদৰ নির্বাচন হ’লে প্রতিদ্বন্দ্বিতাত কোন কোন নামিব পাৰে সেই লৈ ইতিমধ্যে ভিতৰচ'ৰাত চৰ্চা আৰম্ভ হৈছে । কাৰণ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশমতে কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি সাংগঠনিক নির্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে । ব্লক কংগ্ৰেছ কমিটীসমূহ গঠন হোৱাৰ পাছত জিলা কংগ্ৰেছ কমিটী গঠন প্ৰক্ৰিয়া জুন মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও বান পৰিস্থিতিৰ বাবে নিৰ্বাচন প্রক্রিয়া স্থবিৰ হৈ পৰে ।
জুলাই-আগষ্টৰ ভিতৰতে জিলা কংগ্ৰেছৰ সভাপতি নির্বাচন প্রক্রিয়া সমাপ্ত হ’ব । ছেপ্টেম্বৰত হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নির্বাচন প্ৰক্ৰিয়া । কংগ্ৰেছৰ এক বিশেষ সূত্ৰই জনোৱা মতে সভাপতিৰ দৌৰত আছে বৰ্তমানৰ সভাপতি ভূপেন বৰাৰ উপৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ(Opposition leader Debabrata Saikia and MP Pradyut Bara)। উল্লেখ্য় যে বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে মহাজোঁটবন্ধন কৰাৰ পাছতো শোচনীয় ফলাফল প্ৰদৰ্শন কৰাৰ পাছত ৰিপুন বৰাৰ পৰিৱৰ্তে কংগ্ৰেছ হাইকমাণ্ডে ভূপেন কুমাৰ বৰাক দায়িত্ব দিয়ে । ৰিপুন বৰা দায়িত্বত থকাৰ সময়ত ৰাজীৱ ভৱন কেইবাটাও শিবিৰত বিভক্ত হৈছিল । দায়িত্বৰ পৰা আঁতৰাৰ পাছত এই শিবিৰকেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছ সফল নোহোৱাৰ কথা বিপুন বৰাই ৰাজহুৱাকৈ উল্লেখ কৰিছিল ।
আনহাতে, ভূপেন বৰাই প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত কংগ্ৰেছৰ অন্তৰ্কন্দল হ্রাস হোৱাৰ পৰিৱৰ্তে অধিক তীব্ৰতৰহে হৈছে (APCC president Bhupen Bora)। প্রকাশ্যে নহ'লেও কংগ্ৰেছত কেইবাটাও লবী সক্ৰিয় হৈ আছে । ছেপ্টেম্বৰত সভাপতি পদৰ বাবে নির্বাচন অনুষ্ঠিত হ'ব । তিনিবাৰকৈ ধাৰাবাহিকভাৱে ক্ষমতাত থকা দলটোৱে ক্ষমতা হেৰুওৱাৰ পাছৰে পৰা অন্তৰ্কন্দলত জৰ্জৰিত হৈ দিক-বিদিক হেৰুৱাইছে । প্রদেশ কংগ্ৰেছৰ সভাপতি পদৰ বাবে তিনিগৰাকী নেতাৰ নাম চৰ্চা হৈ আছে যদিও লোকসভাৰ নিৰ্বাচনৰ ব্যস্ততাৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী ৰণৰ পৰা পৃষ্ঠভংগ দিয়াৰ সম্ভাৱনাই অধিক । কাৰণ লোকসভাৰ নিৰ্বাচনৰ আগত লবী সৃষ্টি কৰি দলৰ একাংশৰ সমৰ্থন বৰদলৈয়ে হেৰুৱাব নিবিচাৰিব বুলি কংগ্ৰেছত ইতিমধ্য়েই চৰ্চা চলিছে । তেনেক্ষেত্ৰত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'লে সভাপতিৰ দৌৰত থাকিবগৈ ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়া । বর্তমান নেতৃত্বক কেন্দ্ৰ কৰি কংগ্ৰেছত দলীয় বাদ-বিসম্বাদ থাকিলেও সেই কথা প্রকাশ্য হোৱা নাই । কিন্তু সাংগঠনিক নিৰ্বাচনৰ জৰিয়তে সভাপতি বাছনি হ'লে প্ৰাৰ্থীসকলৰ মাজত থকা লবীকেন্দ্রিক সংঘাত স্পষ্ট হৈ পৰাটো নিশ্চিত ।
ইতিমধ্যে অন্তৰ্কন্দলত বিধ্বস্ত হৈ পৰা দলটোৰ সভাপতি পদটো নিৰ্বাচনৰ দ্বাৰা বাছনি কৰি অধিক সংঘাতৰ মাজলৈ যাবলৈ কংগ্ৰেছ হাইকমাণ্ডে দিবনে নিদিব সেয়া সময়তহে স্পষ্ট হ'ব । লক্ষণীয় বিষয় যে শাসকীয় দল বিজেপিয়ে লোকসভা নিৰ্বাচনকলৈ বিশেষভাৱে তৎপৰ হৈ পৰাৰ সময়তো কিন্তু প্ৰধান বিৰোধী দল কংগ্ৰেছে সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বিপৰীতে দলীয় কন্দলতে আৱদ্ধ হৈ আছে ।
লগতে পঢ়ক: Drinking water problem: খোৱাপানীৰ সমস্যাত অতুল বৰাৰ সমষ্টিৰ এখন গাঁও