ETV Bharat / state

ব্যক্তিগত প্রতিষ্ঠানক কৰ সংগ্ৰহৰ দায়িত্বৰ সিদ্ধান্ত বাতিলৰ দাবীত কংগ্ৰেছৰ স্মাৰক পত্ৰ - Congress delegation memorandum to GMC commissioner

সম্পত্তি কৰ আহৰণৰ নামত বহিৰাগত ব্যক্তিগত প্রতিষ্ঠানক গুৱাহাটীৰ নাগৰিকৰ পৰা কৰ-কাটল সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত এম এন দাহাল আৰু মেয়ৰ মৃগেন শৰণীয়াক (APCC memorandum to GMC mayor) সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতী দলে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।

APCC
APCC
author img

By

Published : Sep 26, 2022, 8:01 PM IST

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : সম্পত্তি কৰ আহৰণৰ নামত বহিৰাগত ব্যক্তিগত প্রতিষ্ঠানক গুৱাহাটীৰ নাগৰিকৰ পৰা কৰ-কাটল সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ সোমবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত এম এন দাহাল আৰু মেয়ৰ মৃগেন শৰণীয়াক (APCC memorandum to GMC mayor) সুকীয়া সুকীয়াকৈ সাক্ষাৎ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দলে এখন স্মাৰক-পত্ৰ প্ৰদান কৰে (Congress delegation memorandum to GMC commissioner) ।

স্মাৰক-পত্ৰ প্ৰদানৰ সময়ত অসম প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী, দলৰ জ্যেষ্ঠ মুখপাত্রদ্বয় ৰমেন বৰঠাকুৰ আৰু কুশল কুমাৰ শৰ্মা, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন কুমাৰ দাস আৰু চানমাৰি ব্লক কংগ্ৰেছৰ সভাপতি চবিণ শর্মা উপস্থিত থাকে ।

স্মাৰক-পত্ৰ প্ৰদান কৰি মনজিৎ মহন্তই কয় যে ৰাজ্য চৰকাৰে সকলোকে অন্ধকাৰত ৰাখি সম্পত্তি কৰ আহৰণৰ নামত বহিৰাগত ব্যক্তিগত প্রতিষ্ঠানক গুৱাহাটীৰ নাগৰিকৰ পৰা কৰ-কাটল সংগ্ৰহৰ দায়িত্ব অর্পণ কৰিবলৈ ষড়যন্ত্র কৰিছে (Assam govt new decision to collect property tax) ।

ব্যক্তিগত প্রতিষ্ঠানক কৰ সংগ্ৰহৰ দায়িত্বৰ সিদ্ধান্ত বাতিলৰ দাবীত কংগ্ৰেছৰ স্মাৰক পত্ৰ

তেওঁ কয়, "গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দাহালে কংগ্ৰেছ সঁজাতী দলটোৰ সকলো যুক্তি শুনাৰ অন্তত স্বীকাৰ কৰে যে নৱ-গঠিত গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গ আৰু নাগৰিকৰ সৈতে আগতীয়াকৈ আলোচনা নকৰাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰাটো অৱশ্যেই ভুল হৈছিল । তদুপৰি, আজি সঁজাতি দলটোৰ আগত আয়ুক্ত দাহালে এই কথাও স্পষ্টকৈ প্ৰকাশ কৰে যে সম্পত্তি কৰৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে নিবিদা আহ্বান কৰা নাছিল, বৰঞ্চ গুৱাহাটী পৌৰ নিগমেই যোৱা আগষ্ট মাহত নিবিদাৰ জাননী জাৰি কৰিছিল ।

অৱশ্যে কাউন্সিলাৰসকলৰ সৈতে, মেয়ৰৰ সৈতে আলোচনামর্মে কিয় এই সিদ্ধান্ত লোৱা নহ'ল, সেই বিষয়ে তেওঁ অধিক নাজানে বুলি ব্যক্ত কৰি আয়ুক্তগৰাকীয়ে কয় যে তেওঁ যোগদান কৰাৰ পূৰ্বেই এইবোৰ সম্পূৰ্ণ হৈ উঠিছিল ।"

লগতে তেওঁ কয় যে গুৱাহাটী পৌৰ নিগমে আইনে দিয়া ব্যৱস্থা অনুসৰি কাউন্সিলাৰৰ উপৰি ৱার্ডসমূহত ৱার্ড কমিটী গঠন কৰি সম্পত্তি কৰৰ জৰীপ কাৰ্যত নাগৰিকক জড়িত কৰাৰ সুযোগ আছে । তদুপৰি, পৌৰ নিগমৰ কৰ শাখাটো অধিক দক্ষ আৰু কৰ্মপটু বিষয়া-কৰ্মচাৰীৰে গঠন কৰি এই বিষয়টোত নিজাব্বীয়াকৈ পৌৰ নিগম আগবঢ়া উচিত বুলিও সঁজাতি দলটোৱে আয়ুক্তগৰাকীক আহ্বান জনায় ।

কোনোবা মন্ত্ৰীৰ স্বাৰ্থ পূৰ্ণ কৰিবলৈ গুৱাহাটী পৌৰ নিগমে ভৱিষ্যতে এনে থলুৱাবিৰোধী সিদ্ধান্ত গ্রহণ কৰিলে অসম প্রদেশ কংগ্ৰেছে নাগৰিকক লগত লৈ ব্যাপক আন্দোলন গঢ়ি তুলি তেনে ষড়যন্ত্র ব্যর্থ কৰিব বুলিও আয়ুক্তগৰাকীক প্রদেশ কংগ্ৰেছৰ সঁজাতী দলটোৱে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক : প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ অভিযোগেৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কামপুৰত ঋণগ্ৰস্ত মহিলাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.