ETV Bharat / state

APCC criticized Assam CM; মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে; মনজিৎ মহন্ত - Monjit Mahanta on Assam CM

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে আয়োজন কৰে এক সংবাদমেল ৷ এই সংবাদমেলতে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই দিছপুৰৰ উৰণীয়া সেতু উদ্বোধনৰ নামত বহু দুৰ্নীতি আৰু কেলেংকাৰী হোৱা বুলি অভিযোগ উত্থাপন কৰে (APCC media department Monjit Mahanta criticized Assam CM) ৷

APCC criticized Assam CM
গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Apr 2, 2023, 9:06 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ২ এপ্ৰিল : দিছপুৰৰ উৰণীয়া সেতু উদ্বোধনৰ বাবে আয়োজন কৰা বিয়াগোম অনুষ্ঠানৰ নামত বৃহৎ কেলেংকাৰী হৈছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । একাংশ সংবাদ মাধ্যমৰ উদ্ধৃতি দি আজি অৰ্থাৎ দেওবাৰে এই কেলেংকাৰীক লৈ সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত (Monjit Mahanta criticized Assam CM)।

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, দিছপুৰৰ উৰণীয়া সেতু ২০২১ চনৰ ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল । আনহাতে, উদ্বোধনী অনুষ্ঠানৰ জাকজমকতাৰ নামত ব্যয় কৰা হৈছিল ৪৬,৯৪,৬৫৭ টকা (Monjit Mahanta on Assam CM)।

তেওঁ লগতে কয় যে উৰণীয়া সেতু উদ্বোধন কৰাৰ ৫ মাহ পাচত উদ্বোধনী অনুষ্ঠানৰ আয়োজনৰ বাবে নিবিদা আহ্বান কৰা হৈছিল । প্ৰকৃততে পচন্দৰ ঠিকাদাৰক আগতে ঠিকাটো দিয়া হৈছিল । যাৰ বাবে উদ্বোধনৰ পাঁচ মাহ পাচত নিবিদা আহ্বান কৰি ৭ মাহ পিচত ঠিকাদাৰজনৰ ৱৰ্ক অৰ্ডাৰ দিয়া হৈছিল । অৰ্থাৎ আগতে ঠিক কৰি থোৱা হৈছিল যে কাক নিবিদা দিব (Manjit Mahanta slams Assam CM) ।

এই ঠিকাটো লাভ কৰিছিল ‘‘ড্ৰিম এ মেজ’’ নামৰ এটা প্ৰতিষ্ঠানে আৰু এই প্ৰতিষ্ঠানটোৰ মালিক ভাস্কৰ শৰ্মা । যিজন ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ প্ৰতিষ্ঠান প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ সঞ্চালক । ঠিকাটো মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ নামত নলৈ নিজৰ পৰিবাৰৰ কোম্পানীৰ সঞ্চালক এজনৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ নামত দিলে । টকাটো ডাঙৰ কথা নহয়, কিন্তু এইটো এটা ভয়ানক কেলেংকাৰী ।

অনিয়মৰ এটা বৃহৎ কেলেংকাৰী বুলি সদৰী কৰি তেওঁ কয় যে ভাস্কৰ শৰ্মাই কোনো নিবিদা আৰু ৱৰ্ক অৰ্ডাৰ নোহোৱাকৈ ঠিকাটো কেনেকৈ পালে । তেওঁ অভিযোগ কৰি কয় যে, মুখ্যমন্ত্ৰীৰ পৰিবাৰ ৰিণিকি শৰ্মা ভূঞাই ভাস্কৰ শৰ্মাৰ জৰিয়তে লুণ্ঠন চলাই আছে । তেওঁ লগতে কয় যে, এতিয়া কথা হ’ল ২০ হাজাৰ কোটি টকা ক’ৰ পৰা আদানীৰ কোম্পানীত সোমালে বুলি ক'লে তেওঁলোকৰ গাতো বিজবিজাই যায় । এই সমস্ত ঘটনাৰ কংগ্ৰেছে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে বুলি সদৰী কৰে ৷

তেওঁ আৰু কয় যে, মাকুমৰ এখন চাহ বাগিচাৰো মালিক ভাস্কৰ শৰ্মা । আনহাতে, ৰিণিকি শৰ্মা ভূঞাৰ মাতৃ মিনা ভূঞাৰ ডি এছ গৃহ নিৰ্মাণ কোম্পানীত ২৮ লাখ টকাৰ শ্বেয়াৰ আছে । কলকাতাৰ ঠিকনা থকা কোম্পানীটোৰ কিন্তু কলকাতাত কোনো অস্তিত্ব নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা হাতত লৈ লুণ্ঠন চলাই আহিছে বুলি অভিযোগ কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে ৷

তেওঁ কয় যে এইটো বিজেপিৰ নীতি । এই সকলো অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ পৰিবাৰ তথা পৰিবাৰৰ প্ৰতিষ্ঠানৰ নামত ব্যাপক লুণ্ঠন চলাই আহিছে । নিৰপেক্ষ তদন্ত কৰিলে আৰু বহু ভয়ানক কেলেংকাৰী পোহৰলৈ আহিব বুলি তেওঁ কয় ।

লগতে পঢ়ক : Assam Govt Recruitment : প্ৰসংগ : অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া; বৰ্তমানেও ৭১১ টা ANM নাৰ্চৰ পদ খালী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.