ETV Bharat / state

অসম মহিলা কংগ্ৰেছক উভতি ধৰিলে অপৰাজিতা ভূঞাই - বিজেপি চৰকাৰক সমালোচনা

সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক সমালোচনা কৰাৰ পিছতে মহিলা কংগ্ৰেছক তুলাধুনা দিলে ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী অপৰাজিতা ভূঞাই । কংগ্ৰেছৰ শাসন কালত নাৰীৰ সৈতে সংঘটিত হোৱা অপৰাধজনিত ঘটনাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচৰা উচিত বুলি মন্তব্য কৰে সভানেত্ৰীগৰাকীয়ে । লগতে নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে ।

অসম মহিলা কংগ্ৰেছক উভতি ধৰিলে অপৰাজিতা ভূঞাই

author img

By

Published : Jan 19, 2021, 9:37 PM IST

গুৱাহাটী, ১৯ জানুৱাৰী: অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীয়ে সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক নাৰী বিদ্রোহী আখ্যা দি নাৰী সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলাৰ পিছতে মহিলা কংগ্ৰেছক উভতি ধৰিলে ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশ মহিলা মৰ্চাৰ সভানেত্রী অপৰাজিতা ভূঞাই । তেওঁ কয় যে, সৰ্বানন্দ সােণােৱাল নেতৃত্বাধীন চৰকাৰ নাৰীৰ স্বাভিমানৰ প্রতি সংবেদনশীল, স্ত্রী শিক্ষাৰ প্ৰসাৰ আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে ।

তেওঁ কয় যে, বিভিন্ন কর্মক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হােৱা অসমৰ নাৰীসকলক বর্তমানৰ চৰকাৰে বিভন্ন প্রকাৰে উৎসাহিত কৰাই নহয়, হিমা দাস, যমুনা বড়াে, লাভলীনা বঢ়াগোহাঁইৰ দৰে সুদক্ষ খেলুৱৈৰ বাবে উন্নত প্রশিক্ষণৰ ব্যৱস্থা আৰু আর্থিক সাহায্য প্রদান কৰি আন যুৱতী-মহিলাসকলকো উৎসাহিত কৰিছে । অস্কাৰৰ বাবে মনােনীত হােৱা ছবিখনৰ প্রচাৰৰ বাবে ৰীমা দাসক এক কোটি টকা সাহায্য আগবঢ়াই চৰকাৰখনে এক বহল মনৰ পৰিচয় দাঙি ধৰিছে । কেৱল সেয়াই নহয়, অসমৰ মাটিত মহিলা উদ্যোগীসকলক উৎসাহিত কৰাৰ বাবেও চৰকাৰখনে পদক্ষেপ গ্রহণ কৰিছে ।

অসম মহিলা কংগ্ৰেছক উভতি ধৰিলে অপৰাজিতা ভূঞাই

এনে ক্ষেত্ৰত চৰকাৰখনক নাৰী বিদ্রোহী সজাবলৈ যােৱাটো ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্রণােদিত বুলি মন্তব্য কৰে । লগতে কংগ্ৰেছ দলে এই ক্ষেত্ৰত নিকৃষ্ট ৰাজনীতিৰ আশ্রয় লৈছে বুলি সমালোচনা কৰে । নাৰীৰ বিৰুদ্ধে হােৱা অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ স্থিতিক প্রসংশা কৰি মহিলা মৰ্চাৰ সভানেত্রী অপৰাজিতা ভূঞাই কয় যে, যমুনামুখত সংঘটিত হেৱা ৫০ উৰ্দ্ধৰ মহিলাগৰাকীৰ ধর্ষণকাৰীক তথা হত্যাকাৰীক গ্রেপ্তাৰ কৰি ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি শাস্তিৰ পৰ্যায়লৈকে নিয়াৰ কাম তৎপৰতাৰে সম্পন্ন কৰিছে সবানন্দ সােণােৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে ।

মহিলা কংগ্রেছৰ নেত্রীসকলক প্ৰত্যাহ্বান জনাই অপৰাজিতা ভূঞাই কয় যে, কংগ্ৰেছৰ আমােলত হত্যা-ধর্ষণ অপহৰণ, শ্লীনতা হানি হােৱা বহু মহিলাই যুগ যুগ ধৰি ন্যায়ৰ পৰা বঞ্চিত হৈ আছিল । মহিলা মৰ্চাৰ সভানেত্রীগৰাকীয়ে লগতে কয়, ৰাজ্যখনত স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে সংখ্যালঘু বসতিপূর্ণ অঞ্চলত ৬ খনকৈ মহিলা বিদ্যালয় নির্মাণৰ কাম চৰকাৰে হাতত লৈছে । চৰকাৰে মহিলা উদ্যোগীসকলৰ বাবে ষ্টার্ট আপ ইণ্ডিয়া আঁচনি হাতত লৈছে, কনকলতা মহিলা সবলীকৰণ আঁচনিৰ যােগেদি ২ লাখ মহিলা আত্ম সহায়ক গােটক পুঁজিৰ যােগানৰ সিদ্ধান্ত লৈছে ।

তেওঁ লগতে কটাক্ষ কৰি কয় যে, নাৰী সবলীকৰণৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰা বিজেপি চৰকাৰৰ সমালােচনা সেইসকল কংগ্ৰেছ নেত্রীৰ মুখত শােভা নাপাই যিসকলে বনকৰা কিশােৰীৰ গাত গৰম পানী ঢালি আসুৰিক তৃপ্তি লাভ কৰে । এনে কংগ্ৰেছী নেতাৰ আগে-পিছে ঘূৰি ফুৰা কংগ্ৰেছ নেত্রীয়ে বর্তমানৰ চৰকাৰক সমালােচনা কৰাতকৈ তেওঁলােকৰ চৰকাৰৰ আমােলত সংঘটিত হােৱা নাৰীজনিত অপৰাধৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচৰা উচিত বুলি মন্তব্য কৰে ভাৰতীয় জনতা পার্টীৰ, অসম প্রদেশৰ মহিলা মৰ্চাৰ সভানেত্রী অপৰাজিতা ভূঞাই ।

লগতে পঢ়ক:গুৱাহাটীত নিৰ্বাচনী আয়োগৰ বৈঠকঃ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.