ETV Bharat / state

আলফা (স্বা)ৰ শান্তি আলোচনা সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

আলফা স্বাধীনে শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ আলফা (স্বা)ক ভাৰত চৰকাৰে শান্তি আলোচনাৰ বাবে গোপনে কিবা প্ৰচেষ্টা চলাই আছে এই ক্ষেত্রত আমি কোনো জ্ঞাত নহয় বুলি মন্তব্য কৰে আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই ৷

অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া
অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া
author img

By

Published : Mar 17, 2020, 6:18 PM IST

Updated : Mar 17, 2020, 6:47 PM IST

গুৱাহাটী, 27 মাৰ্চঃ শান্তি আলোচনা আৰু পৰেশ বৰুৱাৰ সন্দৰ্ভত আলফা নেতা অনুপ চেতিয়াই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আলোচনাপন্থী আলফা নেতাগৰাকীয়ে জনোৱা অনুসৰি, সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ সৈতে চলি থকা আলোচনা অন্তিম পৰ্যায়ত আছিল । যাৰ বাবে এ.বি মাথুৰে ঘোষণা কৰিছিল যে, বিহুৰ পূৰ্বে কেন্দ্ৰ চৰকাৰ আৰু আলফা (স্বা)ৰ মাজত শান্তি চুক্তি অনুষ্ঠিত হ'ব । কিন্তু শান্তি চুক্তিৰ ক্ষেত্রত বৰ বিশেষ অগ্ৰগতি লাভ কৰা দেখা নাই । যদি ভাৰত চৰকাৰে আলফা (স্বা)ৰ সৈতে শান্তি আলোচনাৰ বাবে কোনো প্ৰচেষ্টা কৰা নাই আৰু এই আলোচনা স্থগিত ৰাখি ভাৰত চৰকাৰে কি কৰিব বিচাৰিছে এই সম্পূৰ্ণ বিষয় ভাৰত চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে ।

আলফা (স্বা)ৰ শান্তি আলোচনা সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

তেওঁ কয়, অসমৰ স্বাৰ্থৰ খাতিৰত ৰাজ্যই সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে চুক্তি হোৱাৰ আশা কৰে । এই ক্ষেত্ৰত ভাৰত চৰকাৰে ইতিবাচক পদক্ষেপ লোৱাটো দৰকাৰ । NDFB ৰ চাৰি গোট একেলগে আনি যিদৰে কেন্দ্ৰ চৰকাৰে এটা চুক্তি কৰিলে ঠিক তেনেদৰে আলফা (স্বা)ক আলোচনাৰ পক্ষে থকা এখন চুক্তি কৰিলে আমাৰ কোনো আপত্তি নাই ।

লগতে পঢ়কঃ NRC ৰ দুৰ্নীতি তদন্ত কৰাৰ সদিচ্ছা নাই গৃহ বিভাগৰ: অভিজিৎ শৰ্মা

Last Updated : Mar 17, 2020, 6:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.