ETV Bharat / state

অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত চচলত অৱস্থান ধৰ্মঘট - অৱস্থান ধৰ্মঘট কাৰ্যসূচী

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Mar 15, 2019, 1:45 PM IST

গুৱাহাটী, 15 মাৰ্চ : অসমৰ অনুসূচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত চচলত অৱস্থান ধৰ্মঘট অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ৷ প্ৰায় ৪০ লাখ অনুসূচিত জাতিৰ লোকৰ উন্নয়ন আৰু কল্যাণৰ স্বাৰ্থত তেওঁলোকক স্বায়ত্ব শাসন ব্যৱস্থালৈ আনিব লাগে বুলি দাবী সংগঠনটোৰ ৷ স্বায়ত্ব শাসন ব্যৱস্থা নোহোৱাৰ বাবেই অনুসূচিত জাতিৰ বাবে আবন্টিত ধন মন্ত্ৰী বিধায়কে আত্মসাৎ কৰি আহিছে বুলিও অভিযোগ তোলে সংগঠনটোৱে ৷ ইপিনে চলিত বৰ্ষৰ বিত্তীয় বাজেটতো অনুসূচিত জাতিৰ বাবে কোনো ধৰণৰ বিশেষ আঁচনি হাতত নল'লে বিজেপি চৰকাৰে যাৰ বাবে এনে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে সংগঠনটোৱে ৷ আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ এনে বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে জনমত গঢ়ি প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

অসমৰ অনুসুচিত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত চচলত অৱস্থান ধৰ্মঘট ৷ অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত পালন কৰা এই ধৰ্মঘটত চৰকাৰ তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ৷ তেওঁলোকৰ স্পষ্ট কথা প্ৰায় ৪০ লাখ অনুসুচিত জাতিৰ লোকক উন্নয়ন আৰু কল্যানৰ স্বাৰ্থত স্বায়ত্ব শাসন ব্যৱস্থালৈ আনিব লাগে ৷ এই ব্যৱস্থা নোহোৱাৰ বাবেই অনুসুচিত জাতিৰ বাবে আবন্টিত ধন মন্ত্ৰী বিধায়কে উদৰস্থ কৰিছে বুলি অভিযোগ তুলে ৷ ইয়াৰ উপৰিও এইবৰ্ষৰ বিত্তীয় বাজেটতো অনুসুচিত জাতিৰ বাবে কোনো ধৰনৰ বিশেষ আঁচনি হাতত নললে ৷ সেয়ে সংগঠনটোৱে এলানি প্ৰতিবাদী কাৰ্যসুচি হাতত লৈছে সংগঠনটোৱে ৷ এই প্ৰতিবাদী কাৰ্যসুচীৰ জৰিয়তে চৰকাৰৰ এনে বৈষম্যমূলক আচৰনৰ বিৰুদ্ধে জনমত গঢ়ি তোলা হব বুলি হুংকাৰ দিয়ে ৷

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.