ETV Bharat / state

Jayvardhan Kumar Murder Case: ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জয়বৰ্ধন হত্যাৰ লগত জড়িত আন দুই অভিযুক্তক - Government Railway Police

জয়বৰ্ধন হত্যাৰ লগত জড়িত আন দুই অভিযুক্তকো বুধবাৰে গ্ৰেপ্তাৰ কৰে ৰেল আৰক্ষীয়ে ৷ উক্ত ঘটনাৰ সন্দৰ্ভত এই পৰ্যন্ত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (Jayvardhan Kumar Murder Case)৷

Jayvardhan Kumar Murder Case
ৰে’ল আৰক্ষীৰ জালত জয়বৰ্ধন হত্যাৰ লগত জড়িত আন দুই অভিযুক্ত
author img

By

Published : Nov 16, 2022, 8:11 PM IST

গুৱাহাটী, ১৬ নৱেম্বৰ : ৰে’লৱে আৰক্ষীৰ জালত পৰিল জয়বৰ্ধন হত্যাৰ লগত জড়িত দুই অভিযুক্ত (Accused of Bihar man murder case)। মঙলবাৰে নিশা শুৱালকুছিৰ পৰা GRPয়ে গ্রেপ্তাৰ কৰে দুয়োকে । ধৃত অভিযুক্ত দুটা ক্ৰমে জাহাংগীৰ আলী আৰু ৰবিউল হক ।

উল্লেখ্য যে, যোৱা ২ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল বিহাৰৰ জয়বৰ্ধন কুমাৰ (27) নামৰ যুৱকজন (Jayvardhan Kumar Murder Case)। অক্টোবৰৰ ৭ তাৰিখ পৰ্যন্ত যুৱকজনৰ মোবাইল ফোনটো সক্ৰিয় হৈছিল যদিও গুৱাহাটী ৰে’লৱে ষ্টেচনত মোবাইল ফোনটো নিষ্ক্ৰিয় হৈ পৰে । উক্ত তথ্যৰ ভিত্তিতে চৰকাৰী ৰে’লৱে আৰক্ষীয়ে (Government Railway Police) অভিযান চলাই প্ৰথমে পিতা-পুত্ৰ জহৰ আলি আৰু আয়ুব আলীক গ্ৰেপ্তাৰ কৰিছিল ।

ৰে’ল আৰক্ষীৰ জালত জয়বৰ্ধন হত্যাৰ লগত জড়িত আন দুই অভিযুক্ত

ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে জয়বৰ্ধনৰ মোবাইল ফোন আৰু এটি এম কাৰ্ড উদ্ধাৰ কৰিছিল ।

ইয়াৰ পিছতে সমগ্ৰ ঘটনাটোৰ লগত জড়িত থকা তৃতীয়জন লোক জাহাংগিৰী আলীক । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান এই কথা পোহৰলৈ আহিছে যে, ভুক্তভোগী জয়বৰ্ধনৰ এটি এম কাৰ্ডৰ পিন ৰি-জেনেৰেট কৰাত সহায় কৰিছিল ৰবিকুল আলীয়ে । ইয়াৰ পাছতে ধৃত লোককেইজনে ভুক্তভোগীৰ একাউন্টৰ পৰা ডেৰ লাখ টকা সৰকায় । সম্প্ৰতি চাৰিওকে পৃথকে পৃথকে জেৰা চলাই থকা হৈছে ।

উল্লেখ্য যে, ডিমাপুৰৰ পৰা বিহাৰ অভিমুখী ৰে’লৰ পৰা নিৰুদ্দেশ হৈছিল জয়বৰ্ধন ৷ দুৰ্বৃত্তই ডিমাপুৰৰ পৰা অনুসৰণ কৰিছিল ভূক্তভোগী জয়বৰ্ধনক ৷ গুৱাহাটী ৰেলৱে ষ্টেচনত ম'বাইল ফোন বন্ধ হৈছিল জয়বৰ্ধনৰ ৷ প্ৰথমে ডিমাপুৰত নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰিছিল জয়বৰ্ধন কুমাৰৰ পৰিয়ালৰ লোকে ৷ পিছত এই ঘটনাৰ সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছিল গুৱাহাটী ৰে’লৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসেনজিৎ দাসে ৷

৯ নৱেম্বৰত শুৱালকুছিৰ শালমৰা চৰত আৰক্ষীয়ে অভিযান চলাই জহৰ আলী আৰু আয়ুব আলী গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক : PM announces ex-gratia: মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.