ETV Bharat / state

Annual Art Exhibition: অসম চাৰু কাৰু কলা পৰিষদৰ বাৰ্ষিক কলা প্রদর্শনী

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 10:03 PM IST

১ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে বাৰ্ষিক কলা প্রদর্শনী অনুষ্ঠান । অসম চাৰু কাৰু কলা পৰিষদৰ উদ্যোগত ৰবীন্দ্ৰ ভৱনস্থিত ৰাজ্যিক কলা বীথিকাত অনুষ্ঠিত হৈছে এই প্ৰদৰ্শনী ।

Annual Art Exhibition of Assam Charu Karu Kala Parishad
অসম চাৰু কাৰু কলা পৰিষদৰ বাৰ্ষিক কলা প্রদর্শনী

গুৱাহাটী,১ ছেপ্টেম্বৰ: অসম চাৰু কাৰু কলা পৰিষদৰ উদ্যোগত বাৰ্ষিক কলা প্রদর্শনী অনুষ্ঠান । ৰবীন্দ্ৰ ভৱনস্থিত ৰাজ্যিক কলা বীথিকাত অনুষ্ঠিত কৰা হয় এই প্ৰদৰ্শনীৰ । প্ৰদৰ্শনীখনত পৰিষদৰ সমূহ শিল্পী সদস্যসকলৰ নিৰ্বাচিত সৃষ্টিৰাজি সমূহ প্ৰদৰ্শন কৰা হয় । চিত্ৰ, ভাস্কৰ্য্য আৰু ছপা চিত্রসহ আটাইকেইটা মাধ্যমেৰে প্ৰায় ৫০ খন চিত্র, ভাস্কৰ্য্য উক্ত প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয় ।

এই বৰ্ষৰ চিত্ৰ প্ৰদৰ্শনীখন পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্ঞানপীঠ বঁটা প্ৰাপক ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য দেৱৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য হিচাপে উৎসৰ্গা কৰা হৈছে । ১ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব এই বাৰ্ষিক কলা প্ৰদৰ্শনী । শুকুৰবাৰে উক্ত প্ৰদৰ্শনীৰ আৰম্ভনি আনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

বন্তি প্ৰজ্জ্বলনেৰে সমূহীয়াভাৱে প্ৰদৰ্শনীখন মুকলি কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কুলধৰ শ‍ইকীয়া, বিশিষ্ট ভাস্কৰ্য্য শিল্পী বীৰেন সিংহ, বিশিষ্ট কবি আনিছ উজ্ জামান আৰু ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জীয়ৰী জুৰি ভট্টাচার্য্যই । অসমৰ চিত্ৰকলা জগতখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯৭১ চনতে প্ৰতিষ্ঠা হোৱা অসম চাৰু কাৰু কলা পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে অনুষ্ঠিত কৰা হৈছে এই কলা প্ৰদৰ্শনীখন ।

সুদীৰ্ঘ পাঁচ দশক ধৰি অসমৰ চিত্ৰকলা জগতখনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে অসম চাৰু-কাৰু কলা পৰিষদ । দৰ্শনাৰ্থীৰ বাবে প্ৰদৰ্শনীৰ দ্বাৰ ২ ছেপ্তেম্বৰৰ পৰা ৮ ছেপ্তেম্বৰৰ দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকিব অসম চাৰু কাৰু কলা পৰিষদৰ উদ্যোগত আয়োজিত বাৰ্ষিক কলা প্রদর্শনী অনুষ্ঠান ।

লগতে পঢ়ক: AASU protest against price hike: ৰঙিয়াত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.