গুৱাহাটী, 2 নৱেম্বৰ : কাইলৈ অৰ্থাৎ মঙলবাৰে ঘোষণা কৰা হ’ব পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ নিৰ্বাচনৰ ফলাফল । এই উপ নিৰ্বাচনৰ প্ৰতি যেনেকৈ সাধাৰণ নিৰ্বাচনৰ দৰে আকৰ্ষণ ভোটদাতা ৰাইজৰ নাছিল, একেদৰে ফলাফল কাইলৈ কি হ’ব তাকলৈও বৰ বেছি মূৰ ঘমোৱা নাই সাধাৰণ জনতাই ।
![annoyed people by election of assam indicates what](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13519164_b.jpg)
কিয়নো মাত্ৰ চাৰি মাহ পূৰ্বে ৰাইজে ভোট দি উঠিছিলহে । সেয়েহে সদ্যসমাপ্ত পাঁচ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত পূৰ্বৰ দৰে হিলদল ভাঙি ভোট দিবলৈ জনতা ওলাই নাহিল ।
![annoyed people by election of assam indicates what](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13519164_c.jpg)
আনকি পাঁচটা সমষ্টিৰ এটাতো ভোটদানৰ হাৰে ৮০ শতাংশ স্পৰ্শ নকৰিলে ৷ অথচ, মাত্ৰ চাৰি মাহ পূৰ্বে হৈ যোৱা বিধানসভা নিৰ্বাচনত এই পাঁচোটা সমষ্টিতে ভোটদানৰ হাৰ আছিল এইবাৰতকৈ অধিক ৷
![annoyed people by election of assam indicates what](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13519164_g.jpg)
শেহতীয়া বিধানসভা নিৰ্বাচন আৰু সদ্যসমাপ্ত উপ নিৰ্বাচন, এই দুয়োটা নিৰ্বাচনতে উক্ত পাঁচটা সমষ্টিৰ ভোটদানৰ হাৰলৈ মন কৰক । থাওৰাত আছিল ৮৪ শতাংশ, উপ নিৰ্বাচনত হ'লগৈ ৭৭.৫৬ শতাংশ । একেদৰে মৰিয়নীত আছিল ৭৩.৯৩ শতাংশ, এইবাৰ হ'ল ৭১.৭০ শতাংশ । তামুলপুৰত আছিল ৭৮ শতাংশ, উপ নিৰ্বাচনত হ'ল ৬৭.৮৪ শতাংশ ।
![annoyed people by election of assam indicates what](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13519164_e.jpg)
গোঁসাইগাঁৱত আছিল ৮১.২১ শতাংশ, এইবাৰ হ'ল ৭৭.২০ শতাংশ আৰু ভৱানীপুৰত আছিল ৮৪ শতাংশ আৰু উপ নিৰ্বাচনত হ'লগৈ ৭৬.৮৪ শতাংশ । ভোটদানৰ হাৰৰ এনে ক্ৰমহ্ৰাসমান গতিয়ে জনতাক বিৰক্ত হোৱাৰেই যেন ইংগিত দিছে ।
![annoyed people by election of assam indicates what](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13519164_a.jpg)
এই উপ নিৰ্বাচনত শাসকপক্ষ এনেভাৱে উবুৰি খাই প্ৰচাৰত নামি পৰিছিল, যি আছিল সঁচাকৈয়ে বিৰল । স্বয়ং মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৯ অক্টোবৰৰ পৰা প্ৰচাৰ শেষ হোৱা মূহুৰ্তলৈকে পাঁচটা সমষ্টিত সৰ্বমুঠ ৩৫ খন নিৰ্বাচনী সভাত ভাগ লৈছিল । ইয়াৰে সৰ্বাধিক ১১ খন সভা কৰিছিল থাওৰাত ।
![annoyed people by election of assam indicates what](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13519164_f.jpg)
তৎস্বত্বেও কিন্তু ভোটদানৰ হাৰ নাবাঢ়িল । এক কথাত যেন বাৰে বাৰে ভোট দিয়া প্ৰক্ৰিয়াটোৰ ওপৰতে বিতৃষ্ণা জন্মিছে ভোটদাতা জনতাৰ ।