ETV Bharat / state

Ankur Surana Kidnapping Case: অংকুৰ চুৰাণা অপহৰণকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড প্ৰবাল কলিতাৰ আত্মসমৰ্পণ

author img

By

Published : Feb 11, 2023, 11:14 AM IST

ভৰলুমুখৰ যুৱক অংকুৰ চুৰাণাৰ অপহৰণকাণ্ডৰ মূল অভিযুক্তৰ আত্মসমৰ্পণ ৷ বাৰে মহানগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অপহৰণকাৰী প্ৰবাল কলিতাই ৷ 1 ফেব্ৰুৱাৰীত অপহৰণ কৰা অংকুৰ চুৰাণাক উদ্ধাৰ কৰা হৈছিল 4 ফেব্ৰুৱাৰীত ৷ 4 ফেব্ৰুৱাৰীৰ পৰা পলাতক অৱস্থাত আছিল অপহৰণকাৰী প্ৰবাল কলিতা ৷

Ankur Surana Kidnapping Case
অংকুৰ চুৰানা অপহৰণকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড প্ৰবাল কলিতাৰ আত্মসমৰ্পন

গুৱাহাটী, 11 ফেব্ৰুৱাৰী: অংকুৰ চুৰাণা অপহৰণ কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডৰ আত্মসমৰ্পণ ৷ গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ অংকুৰ চুৰানাৰ (Ankur Surana kidnapped) চাঞ্চল্যকৰ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত প্ৰবাল কলিতাই শুকুৰবাৰে মহানগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণৰ পূৰ্বে প্ৰবাল কলিতাই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰে এক ভিডিঅ’ বাৰ্তা (Ankur Surana kidnapper surrendered) ৷

সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাযোগে প্ৰবাল কলিতাই অংকুৰ চুৰাণাৰ বিৰুদ্ধে উত্থাপন কৰিছে মানসিক আতিশায্য চলোৱাৰ অভিযোগ ৷ কিয় অংকুৰ চুৰাণাক অপহৰণ কৰিছিল সেই সমগ্ৰ বিষয় আৰক্ষীক জনাব বুলিও মন্তব্য প্ৰবাল কলিতাৰ ৷ উল্লেখ্য যে, অপহৰণকাণ্ডৰ পাচতে 4 ফেব্ৰুৱাৰীৰ পৰা পলাতক হৈ আছিল প্ৰবাল কলিতা (Guwahati Ankur Surana kidnapping case) ৷

1 ফেব্ৰুৱাৰীত আমচিংঙত থকা পি কে ইক্ ৰিজৰ্টৰ (Guwahati PK Eco Resort) স্বত্বাধিকাৰী প্ৰবাল কলিতাই ভৰলুমুখৰ অংকুৰ চুৰাণাক তেওঁৰ ৰিজৰ্টত নৈশ পাৰ্টি থকা বুলি ঘৰত পৰা মাতি নিছিল ৷ ইয়াৰ পাচতেই ডিগাৰু আমছিং পথত অপহৰণ কৰা হৈছিল অংকুৰ চুৰাণাক (Surana Kidnapping Case) ৷ অংকুৰ চুৰাণাক অপহৰণ কৰি মুক্তিপণ হিচাবে 104 বিটকইনছৰ দাবী কৰিছিল প্ৰবাল কলিতাই ৷

কিন্তু মহানগৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্তৰ বাবে 4 ফেব্ৰুৱাৰীৰ পুৱা হাত-ভৰি বান্ধি আমচিং চাহ বাগিচাৰ সমীপৰ এটা পথত মোকলাই দিছিল অংকুৰ চুৰাণাক ৷ এই অপৰণকাণ্ড সন্দৰ্ভত পি কে ৰিজৰ্টৰ প্ৰবন্ধকসহ 5 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ক্ৰমে ৰূপম দাস (33) ৰাজেন কাইমাল (33) , আজাহাৰ চৌধুৰী( 29) , হৰেণ দাস (48) আৰু গৌতম দাসক(27) ৷ এই পাঁচ অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে ৰিজৰ্টখনৰ স্বত্বাধিকাৰী প্ৰবাল কলিতা সমগ্ৰ ঘটনাৰে জড়িত আছে বুলি নিশ্চিত হৈছিল (Guwahati youth kidnapped) ৷

কিন্তু অংকুৰ চুৰাণা মুকলি কৰি দি আত্মগোপন কৰি আছিল অপহৰণকাণ্ডৰ মাষ্টাৰমাইণ্ড প্ৰবাল কলিতা (Prabal Kalita Surrendered) ৷ প্ৰবাল কলিতাৰ বাহনখন পৰিত্যক্ত অৱস্থাত ৰঙিয়া ষ্টেচনৰ পৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰবাল কলিতা বহিঃৰাজ্যলৈ পলায়ন কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছিল ৷ কিন্তু শুকুৰবাৰে মহানগৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে প্ৰবাল কলিতাই ৷ সম্প্ৰতি প্ৰবাল কলিতাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷

লগতে পঢ়ক: Ankur Surana Kidnap Case: অংকুৰ চুৰাণাৰ অপহৰণকাণ্ডত ব্যৱহৃত গাড়ী উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.