ETV Bharat / state

Ankur Surana Kidnap Case: বন্ধু আৰু পাৰ্টীয়েই বিপদত মাতিছিল অংকুৰ চুৰাণাৰ

author img

By

Published : Feb 7, 2023, 8:16 PM IST

বন্ধু আৰু পাৰ্টীয়েই বিপদত মাতিছিল গুৱাহাটীৰ অংকুৰ চুৰাণাৰ । ৫ অপহৰণকাৰী গ্ৰেপ্তাৰ । ১ ফেব্ৰুৱাৰীত বন্ধুৰ সৈতে নৈশপাৰ্টীৰ বাবে ওলাই যাওঁতেই অপহৃত হৈছিল অংকুৰ চুৰাণা (Ankur Surana kidnap case guwahati) ।

ghy
ghy
আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : বন্ধুৱেই কাল হ'ব পাৰে আপোনাৰ বাবেও । সেয়ে বন্ধুমহল গঠন কৰোঁতে, বন্ধুৰ সৈতে পাৰ্টী কৰিবলৈ যোৱাৰ পূৰ্বে এশবাৰ ভাবক । সাৱধান হওক আপুনিও । কিয়নো বন্ধু আৰু পাৰ্টীয়েই বিপদ মাতিছিল গুৱাহাটীৰ অংকুৰ চুৰাণাৰ (Ankur Surana kidnap case guwahati) । ১ ফেব্ৰুৱাৰীত নিশা প্ৰায় ১০.৩০ বজাত বন্ধুৰ সৈতে নৈশপাৰ্টীৰ বাবে ওলাই গৈছিল অংকুৰ চুৰাণা (৩০) । তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছিল অংকুৰ চুৰাণা (Ankur Surana guwahati kidnapped by friends) ।

২ ফেব্ৰুৱাৰীত অংকুৰ চুৰাণাৰ পিতৃয়ে অংকুৰ পাৰ্টী কৰিবলৈ গৈ নিৰুদ্দেশ হৈ থকাৰ অভিযোগ দিয়ে ভৰলু আৰক্ষীক । ২ অক্টোবৰত অংকুৰক অপহৰণ কৰা অপহৰণকাৰী দলে হাই টেকন'লজীৰ জৰিয়তে ধনদাবী কৰি ফোন কৰিছিল মুম্বাইত থকা অংকুৰৰ বায়েকলৈ । ৩ ফেব্ৰুৱাৰিত বিট কইনছযোগে ধন দিবলৈ লিংক প্ৰেৰণ কৰিছিল (Ankur Surana kidnapper demand bit coins) । ১০৪ বিট কইনছ দাবী কৰিছিল । উল্লেখ্য, মুদ্ৰাৰ হিচাপত এই বিট কইনছৰ মূল্য হৈছে ১৯ কোটিতকৈও অধিক ।

এই সমগ্ৰ ঘটনা আৰক্ষীক জনোৱাৰ পিছত আৰক্ষীৰ হেঁচাত ৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা প্ৰায় ৪ বজাত আমচিং চাহ বাগিচাত অংকুৰক মুকলি কৰি দিয়ে (police rescued kidnapped Ankit Surana) । আৰক্ষীয়ে অংকুৰক উদ্ধাৰ কৰাৰ সময়ত অংকুৰৰ দেহত আঘাতৰ চিন আছিল । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অপহৰণকাণ্ডৰ লগত জড়িত ৫ জনক । ধৃত অভিযুক্তকেইজন ক্ৰমে ৰূপম দাস (৩৩) ৰাজেন কাইমাল (৩৩) , আজাহাৰ চৌধুৰী (২৯), হৰেণ দাস (৪৮), গৌতম দাস (২৭) । আনহাতে, তিনিজন পলাতক হৈ আছে । মঙলবাৰে এই কথা সংবাদমেলযোগে সদৰী কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati metro police commissioner) ।

সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে ১ ফেব্ৰুৱাৰীৰ সন্ধিয়া এজন বন্ধুৱে এটা বেলেগ ধৰণৰ পাৰ্টীৰ বাবে মাতি লৈ গৈছিল অংকুৰক । অপহৰণকাৰী দলটোৰ লগত হাই টেকন'লজী আছিল, তেওঁলোক শিক্ষিত লোক আছিল । যাৰ ফলত ফোন কৰা নম্বৰ, ৱাটছএপ মেছেজ কৰা নম্বৰ ট্ৰেক কৰাটো ইমান সহজ নাছিল । আৰক্ষীৰ অভিযানৰ হেঁচাত পৰি অপহৰণকাৰী দলটোৱে ৪ তাৰিখে পুৱা আমচিং চাহ বাগিচাৰ ওচৰত হাত-ভৰি বন্ধা অৱস্থাত এৰি থৈ যায় অংকুৰক । পাৰ্টীলৈ মাতি নিয়া বন্ধুৱেই অংকুৰৰ বাবে বিপদ মাতিছিল বুলি প্ৰকাশ কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ।

তেওঁ লগতে কয় যে পাৰ্টীলৈ মাতি নি অংকুৰক সম্পূৰ্ণ পৰিকল্পিতভাৱে অপহৰণ কৰিছিল । পাৰ্টীলৈ গৈ থকাৰ পথতে অংকুৰক অপহৰণকাৰীয়ে অপহৰণ কৰিছিল বুলিও তেওঁ প্ৰকাশ কৰে । আনহাতে, তেওঁক অপহৰণ কৰি এটা বন্ধকোঠাত আবদ্ধ কৰি ৰখা হৈছিল বুলি জানিব পৰা গৈছে । সেয়েহে যুৱপ্ৰজন্মক বন্ধু মহল গোটাওঁতে সাৱধান হ'বলৈও আহ্বান জনায় দিগন্ত বৰাই ।

লগতে পঢ়ক :Tinsukia murder : পুত্ৰক কিয় হত্যা কৰিলে পিতৃয়ে..কেমেৰাৰ সন্মুখত ভয়ংকৰ স্বীকাৰোক্তি পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.