গুৱাহাটী, 10 নৱেম্বৰঃ দেওবাৰে অন্ত পৰিল ৰাষ্ট্ৰীয় পশুধন আৰু হাঁহ কুকুৰা মেলা । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছিল এই মেলা । সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখী, কৃষি মন্ত্ৰী অতুল বৰা, বিধায়ক প্ৰদীপ হাজৰিকা, পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াকে ধৰি বহুতো গন্য-মান্য ব্যক্তি ।
আনহাতে, এই অনুষ্ঠানত প্ৰদান কৰা হয় ৰাজ্যখনৰ শ্ৰেষ্ঠ পশুপালক বঁটা । শৈলেন চৌধৰী নামৰ ব্যক্তি গৰাকীক শ্ৰেষ্ঠ পশুপালক বঁটাৰে সন্মানিত কৰাৰ লগতে ১ লাখ টকাৰে পুৰষ্কৃত কৰা হয় ৷ এই মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে ।