ETV Bharat / state

Angkita Dutta changed twitter bio: বহিষ্কাৰৰ পিচতেই টুইটাৰৰ বায়’ সলনি কৰিলে অংকিতা দত্তই

author img

By

Published : Apr 22, 2023, 6:25 PM IST

"প্ৰতাৰিত মহিলা অধ্যক্ষ" বুলি টুইটাৰৰ বায়’ সলনি কৰিলে বহিষ্কৃত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই (Angkita Dutta changed twitter bio) ৷ হিন্দী ভাষাত নিজৰ বায়’ এইদৰে লিখিলে অংকিতাই ৷

Angkita Dutta changed twitter Bio
বহিষ্কাৰৰ পিচতেই টুইটাৰৰ বায়’ সলনি কৰিলে ড৹ অংকিতা দত্তই

নিউজ ডেস্ক, 22 এপ্ৰিল : শনিবাৰে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক বহিষ্কাৰ কৰাৰ পিচতেই সলনি হ’ল টুইটাৰৰ বায়’ (Angkita Dutta changed twitter bio) ৷ "প্ৰতাৰিত মহিলা অধ্যক্ষ" বুলি টুইটাৰৰ বায়’ত হিন্দীত উল্লেখ কৰিলে অংকিতাই ৷ উল্লেখ্য যে, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্তই যোৱা 6 মাহ ধৰি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ দ্বাৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱা বুলি টুইট কৰাৰ পিচতেই ৰাজ্যৰ ৰাজনৈতিক মহল জোঁকাৰি গৈছিল (Angkita Dutta expelled) ৷

এই টুইটৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংকিতাক তেওঁৰ বাসগৃহলৈ মাতি এই সন্দৰ্ভত আলোচনা কৰাৰ লগতে দিল্লীতো এই বিষয়ত অৱগত কৰি সমস্যা সামাধানৰ আশ্বাস দিছিল ৷ তেতিয়ালৈ সকলোবোৰ ঠিকেই আছিল (Angkita Dutta Row update) ৷ কিন্তু সেইদিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘‘এই গোচৰটো পালে আমি ইয়াৰ বিৰুদ্ধে পদক্ষেপ ল’ম’’ বুলি কোৱা মন্তব্যৰ পিচতে অংকিতা দত্তই দিছপুৰ থানাত শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল (Pratarito Mahila Adhakshya)৷

এজাহাৰ দাখিলৰ পিচতে কংগ্ৰেছৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এজাহাৰ দাখিলৰ পিচতে খঙত টিঙিৰ তুলা হৈ পৰিছিল সভাপতি ভূপেন বৰা ৷ মুখ্যমন্ত্ৰীৰ কথা শুনি অংকিতাই এজাহাৰ দাখিল কৰা বুলি মন্তব্য প্ৰকাশ কৰিছিল বৰাই ৷

পৰৱৰ্তী সময়ত দলৰ নিয়ম উলংঘা কৰাৰ বাবে অংকিতা দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ একেদিনাই প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল (Angkita Dutta accuses IYC President) । শুকুৰবাৰে অংকিতা দত্তই দিয়া জাননীৰ উত্তৰ প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰে ।

ইফালে অংকিতাই এজাহাৰ দাখিল কৰাৰ পিচতে শাসকীয় দলে অংকিতাৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট দিয়াৰ লগতে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছিল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংকিতাৰ সমৰ্থন কৰি প্ৰদেশ কংগ্ৰেছৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল (Angkita Dutta accuses IYC President) ৷ এগৰাকী অসমৰ জীয়ৰী হিচাপে অসম প্ৰদেশ কংগ্ৰেছে অংকিতাৰ সমৰ্থন কৰিব লাগিছিল বুলিও মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

স্মৰ্তব্য যে, বিগত বহু সময়ত অংকিতা দত্তই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি গুজৱ ওলাইছিল (Angkita Dutta controversy)৷ ইয়াৰ পিচতে শনিবাৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তক 6 বছৰৰ বাবে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰাৰ পিচতেই অচিৰেই তেওঁ বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷

লগতে পঢ়ক: Angkita Dutta Row: অংকিতাৰ বিষয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ গাতহে দোষ বিচাৰি পালে ভূপেন বৰাই

কেৱল বিজেপিয়েই নহয় অংকিতাৰ বিতৰ্কৰ মাজতে আম আদমী পাৰ্টীয়ে অংকিতাক নিজ দললৈ স্বাগমত জনায় মন্তব্য প্ৰকাশ কৰিছিল ৷ আগন্তুক সময়ত লক্ষ্যনীয় হ’ব যে কোন দললৈ ঢাপলি মেলিব অংকিতাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.