ETV Bharat / state

AN2 Cab in Guwahati: পৰিবহন খণ্ডত নতুনকৈ সংযোজন হ’ল AN2 কেবসেৱা

author img

By

Published : Dec 16, 2022, 10:43 PM IST

শুকুৰবাৰৰ পৰা মহানগৰীত আৰম্ভ হ’ল AN2 কেব সেৱা (AN2 Cab in Guwahati)৷ AN2 কেবসেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব বীৰেন ফুকনে ৷

AN2 Cab in Guwahati)\
পৰিবহন খণ্ডত নতুনকৈ সংযোজন হ’ল AN2 কেবসেৱা

গুৱাহটী, ১৬ ডিচেম্বৰ: গুৱাহাটী মহানগৰীৰ পৰিবহন খণ্ডত নতুনকৈ সংযোজন হোৱা AN2 কেব সেৱা শুকুৰবাৰে শুভাৰম্ভণি হয় (AN2 Cab in Guwahati)৷ মহানগৰীৰ পাঞ্জাবাৰী পথৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যলয় প্ৰেক্ষাগৃহত অনু্ষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত AN2 কেবসেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব বীৰেন ফুকনে (IAS Biren Ch Phukan)৷

শুভাৰম্ভণি ভাষণত সচিবগৰাকীয়ে কয়- ‘‘ক্ৰমবৰ্ধিত জনসংখ্যা আৰু বাণিজ্যিক অভিকেন্দ্ৰ হৈ পৰা গুৱাহাটী মহানগৰীত অনাগত দিনত এই সেৱাই সাধাৰণ ৰাইজক যাতায়তৰ ক্ষেত্ৰত বহুলভাৱে উপকৃত কৰিব ৷" সম্পূৰ্ণভাৱে স্থানীয় প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত এই সেৱাই মহানগৰীত সাধাৰণ ৰাইজ আৰু গাড়ী চালক উভয়কে উপকৃত কৰি তুলিব বুলি বক্তব্য প্ৰদান কৰে AN2 কেবৰ সঞ্চালক নাজিৰ হুছেইনে ৷

উল্লেখযোগ্য যে, বহুৰাষ্ট্ৰীয় কোম্পানীৰ দ্বাৰা পৰিচালিত কেব ব্যৱস্থাত প্ৰায়েই সৰ্বসাধাৰণ ৰাইজে দূৰ্ভোগ ভুগি থকা বুলি অভিযোগ শুনিবলৈ পোৱা যায় ৷ AN2 কেব সেৱাই এই সকলোবোৰ দিশলৈ লক্ষ্য ৰাখি ন্যুনতম খৰচত জনসাধাৰনলৈ উৎকৃষ্টতম সেৱা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে AN2 কেবৰ সঞ্চালকগৰাকীয়ে ৷

লগতে তেও কয় যে গ্ৰাহকে নিজৰ স্মাৰ্টফোনটোৰ দ্বাৰা AN2 কেব এপচটো ডাউনলোড কৰি প্ৰত্যক্ষভাৱে নিজৰ বাহন বুক কৰাৰ লগতে নিজৰ গন্তব্য স্থানলৈ ভ্ৰমণ সুনিশ্চিত কৰিব পাৰিব ৷ ভাড়াৰ ক্ষেত্ৰত সকলো অনলাইন মাধ্যমতে পৰিশোধ কৰাৰ সুবিধা থকাৰ লগতে সাধাৰণ শ্ৰেণীৰ পৰা ভি.আই.পিলৈকে কেইবাটাও শ্ৰেণীত গ্ৰাহকে নিজৰ বাহন বুক কৰিব পাৰিব ৷

এই সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা আৰু জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়ায়ো(Singer Montumoni Saikia) ভাষণ প্ৰদান কৰে ৷ মহানগৰীৰ কেইবাটাও কেবচালক সন্থাৰ বিষয়ববীয়াকে ধৰি তিনি শতাধিক কেবচালকেও এই সভাত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানটো সঞ্চালনা কৰে জনপ্ৰিয় অভিনেত্ৰী তথা লেখিকা তন্ত্ৰালী মূৰ্ছনাই ৷

লগতে পঢ়ক: Guwahati Metro new CP: অপৰাধমুক্ত গুৱাহাটী গঢ়াৰ অংগীকাৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.