ETV Bharat / state

ৰাজ্যত পুনৰ এক বিজেপি বিৰোধী মহাজোট গঠনৰ উকমুকনি !

author img

By

Published : Jan 16, 2021, 9:30 PM IST

শনিবাৰে বিয়লি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ নিচেই কাষতে থকা হোটেল চিগনেটত ইয়াকে লৈ আলোচনাত বহে কংগ্ৰেছ, এ আই ইউ ডি এফ সহ কেইবাটাও ৰাজনৈতিক দল ৷

An allience against BJP may be form in Assam very soon!
ৰাজ্যত পুনৰ এক বিজেপি বিৰোধী মহাজোট গঠনৰ উকমুকনি !

গুৱাহাটী,16 জানুৱাৰী: ৰাজ্যত পুনৰ আৰম্ভ হৈছে বিজেপি বিৰোধী এক মহাজোট গঠনৰ উকমুকনি ৷ শনিবাৰে বিয়লি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ নিচেই কাষতে থকা হোটেল চিগনেটত ইয়াকে লৈ আলোচনাত বহে কংগ্ৰেছ, এ আই ইউ ডি এফ সহ কেইবাটাও ৰাজনৈতিক দল ৷ আলোচনাৰ অন্তত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) আমিনুল ইছলামে ইটিভি ভাৰতক জনাই যে, এই বৈঠক সম্পূৰ্ণ অনানুষ্ঠানিক আছিল ৷ আচলতে ভোগালী বিহু উপলক্ষে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সকলোকে নিমন্ত্ৰণ জনাইছিল আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰিয়েই সকলো তাত উপস্থিত হৈছিল । অৱশ্যে নিশ্চিতভাবে আলোচনাৰ বিষয়বস্তু আছিল মহাজোটবন্ধন ৷

উল্লেখ্য যে, এই বৈঠকত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উপৰিও উপস্থিত আছিল চি পি আই, চি পি এম, চি পি আই (এম এল), আঞ্চলিক গণমৰ্চাকে ধৰি কেইবাটাও বিজেপি বিৰোধী দলৰ নেতৃবৰ্গ ৷ আলোচনাত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া, সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ সাথে, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, সাংসদ আব্দুল খালেক, এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, চি পি আইৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মুনীন মহন্ত, চি পি এমৰ উদ্ধৱ বৰ্মন, দেৱেন ভট্টাচাৰ্য, চিপিএমএলৰ পংকজ দাস ৷ শনিবাৰৰ আলোচনা উপস্থিত থাকি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ মন্তব্য-“কংগ্ৰেছৰ লগত আনুষ্ঠানিক মিত্ৰতাৰ দিশটো আলোচনা চলি আছে ৷ এইক্ষেত্ৰত কিছুদিন অপেক্ষা কৰাৰ প্ৰয়োজন আছে ৷ সময়ত সকলো স্পষ্ট হ’ব" ৷ আনহাতে আগন্তুক নিৰ্বাচন প্ৰসংগত আঞ্চলিক গণ মৰ্চাৰ নেতা তথা সাংসদ অজিত ভূঞাৰ মন্তব্য-“সকলো আঞ্চলিক শক্তি একত্ৰিত নহ'লে বিজেপিক পৰাভূত কৰাটো সহজ নহ'ব ৷”

অৱশ্যে শনিবাৰৰ আটাইকেইটা বিৰোধী দলৰ নেতৃত্বৰ একলগ হোৱা প্ৰসংগটোক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সৌজন্যমূলক সাক্ষাৎ বুলি অভিহিত কৰি কয় যে, এইয়া এক সৌজন্যমূলক বৈঠকহে ৷ ৰাজনৈতিক কথা আলোচনা হোৱা নাই যদিও কিছু বিষয়ে স্থান পাইছে ৷ বিজেপি বিৰোধী একত্ৰিত হৈ আজি ভাল লাগিছে ৷ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ মুখপাত্ৰ প্ৰথমে হৈ লওক, তাৰপিছত দলৰ কথা বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷

লগতে পঢ়কঃ 18 জানুৱাৰীত অনুষ্ঠিত হ’ব আঞ্চলিক গণমৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.