ETV Bharat / state

লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমছু-এবিএমছুৰ প্ৰতিবাদ - ওদালগুৰি জিলা সমিতি

২০১৭ চনৰ আজিৰ দিনটোতে অৰ্থাৎ 1 আগষ্টতে কোকৰাঝাৰ চহৰৰ তিতাগুড়ীত এবিএমছুৰ প্ৰয়াত সভাপতি গৰাকীক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । কিন্তু, বিগত চাৰি বছৰে ন্যায়ৰ আশাত বন্দী পৰিয়ালৰ লোক ।

লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমছু-এবিএমছুৰ প্ৰতিবাদ

author img

By

Published : Aug 1, 2021, 9:41 PM IST

ৰৌতা, 1 আগষ্ট : অসম তথা বিটিচিৰ সংখ্যালঘু সম্প্ৰদায়ৰ এক বলিষ্ঠ কণ্ঠ প্ৰয়াত ছাত্ৰ নেতা শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই আজি চাৰিটা বছৰ অতিক্ৰম কৰিলে । ২০১৭ চনৰ আজিৰ দিনটোতে অৰ্থাৎ 1 আগষ্টত কোকৰাঝাৰ চহৰৰ তিতাগুড়ীত এবিএমছুৰ প্ৰয়াত সভাপতি গৰাকীক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । কিন্তু বিগত চাৰি বছৰে ন্যায়ৰ আশাত ৰৈ থাকি আজি পৰ্যন্ত ন্যায় নাপালে লাফিকুলৰ পৰিয়ালৰ লোকে । সুদীৰ্ঘ সময়ছোৱাত হত্যাকাৰীক কৰায়ত্ত কৰা দূৰৈৰে কথা আজিকোপতি চিনাক্ত কৰিব নোৱাৰা কাৰ্যত জাঙুৰ খাই উঠিছে আমছু আৰু এবিএমছু ।

লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমছু-এবিএমছুৰ প্ৰতিবাদ

এই সন্দৰ্ভত আজি সংগঠন দুটাই ওদালগুৰি জিলা সমিতিৰ যৌথ উদ্যোগত ৰৌতাৰ আমিনপাৰা জামিয়া আৰবীয়া ইছলামিয়া মাদ্ৰাছাত ক’ভিড প্ৰট‘কল মানি এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ছাত্ৰ নেতা গৰাকীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমছু আৰু এবিএমছুৰ কৰ্মীসকলে হাতে-হাতে বিভিন্ন শ্ল'গানৰ প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

সমান্তৰালকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনৰ বিভিন্ন প্ৰচাৰ সভাসমূহত শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰা হ'ব বুলি দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈও আমছু আৰু এবিএমছুৰ নেতৃত্বই আহ্বান জনায় । শ্বহীদ লাফিকুল ইছলাম আহমেদৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি আত্মাৰ চিৰশান্তি কামনাৰে দোৱা ও প্ৰাৰ্থনা সভাৰো আয়োজন কৰা সংগঠনটোৱে ৷

লগতে পঢ়ক: 3 টকাত তৃপ্তিৰ এসাঁজ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.