গুৱাহাটী, 20 জুলাই : এমেনষ্টি ইণ্টাৰনেশ্যনেলৰ দৰে সংস্থাক ভাৰতবৰ্ষত নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ড৹ শৰ্মাই কয় যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ দীঘলীয়া ইতিহাসৰ বাবে কুখ্যাত এমেনষ্টি ইণ্টাৰনেশ্যনেল । তেওঁ কয়, এনে সংগঠনসমূহে দেশক বদনাম আৰু ক্ষতি কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে ৷
ইজৰাইলী প্ৰতিষ্ঠান NSOই ভাৰতবৰ্ষৰ মন্ত্ৰী, অধিবক্তা, সাংবাদিক, শীৰ্ষ নেতা তথা মানৱাধিকাৰ কর্মীকে আদি কৰি দেশৰ আগশাৰীৰ ব্যক্তিৰ ফোনৰ পৰা তথ্য সংগ্ৰহ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ হাতত বিক্ৰী কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰাৰ পাছতেই এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ লগতে কয় যে এমেনষ্টি ইণ্টাৰনেশ্যনেল বাওঁ উগ্ৰপন্থাক সহায় কৰে ৷
তেওঁ আৰু কয় যে, সদনৰ অধিৱেশনৰ ঠিক আগে আগে পোহৰলৈ আহা এই কাৰ্যৰ দ্বাৰা ভাৰতক লজ্জানত কৰাৰ লক্ষ্য কৰি লোৱা হৈছে ৷ ভাৰতে যেতিয়াই নিজ কাৰ্যৰ দ্বাৰা মাইলৰখুটি স্থাপন কৰিবলৈ সক্ষম হয় তেতিয়াই ভাৰতক হেয় প্ৰতিপন্ন কৰাৰ বাবে ষড়যন্ত্ৰ কৰা হয় ৷
"ভাৰতে ইতিমধ্যে 40 কোটি নাগৰিকক ক’ভিড-19ৰ ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিমাহে ভাৰতে 15 কোটি লোকক প্ৰতিষেধক প্ৰদান কৰি আহিছে৷" হিমন্ত বিশ্ব শৰ্মাই কয় ৷
তেওঁ আৰু কয়, "সদনে দেশৰ ক’ভিড পৰিস্থিতি, অৰ্থনীতিৰ পুৰুদ্ধাৰৰ লগতে তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ ওলোৱাৰ সময়তেই সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত জন্মোৱা কাৰ্য জনবিৰোধী ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে তেওঁৰ ফোনটো হেছিল ৷ গতিকে তেওঁ FIR ৰুজু কৰি ফোনটো ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব পাৰিলেহেতেন ৷ "
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, এমনেষ্টি ইন্টাৰনেশ্যনেল বাওঁ উগ্ৰপন্থাক সমৰ্থন কৰে ৷ তেওঁলোক ভাৰতক বদনাম কৰাৰ পক্ষপাতি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বদনাম কৰাৰ আন্তঃৰাষ্ট্ৰীয় ডিজাইন হ’ল এমনেষ্টি ইন্টাৰনেশ্যনেল গতিকে ইয়াক আইনৰ আওতালৈ আনিব লাগে ৷
অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিবলৈ আৰম্ভ কৰিছে ৷ ভাৰতৰ মূল ভূ-খণ্ডতকৈ 4 সপ্তাহ পিছুৱাই থকা অসমে অহা চাৰি সপ্তাহৰ ভিতৰ আৰোগ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, গৃহমন্ত্ৰীগৰাকীয়ে অহা 23 জুলাইত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া North Eastern councilৰ বৈঠকত অংশগ্ৰহণ কৰিব ৷
তেওঁ লগতে কয়, গৃহমন্ত্ৰীগৰাকীয়ে অহা 24 জুলাইত অসমত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ উপৰিও গৃহমন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক সীমা বিবাদ সন্দৰ্ভতো উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হ’ব ৷
সমান্তৰলাকৈ, 23 জুলাইত গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাতে অসমতে অৰুনাচল আৰু মেঘালয়ৰ সৈতে হোৱা সীমা বিবাদৰ বিষয়তো উত্থাপন কৰিব বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷ তেওঁ অসম-মিৰোৰাম সীমান্তৰ পৰিস্থিতি সন্তোষজনক নহয় বুলি মন্তব্য কৰি দুয়োখন ৰাজ্যৰে মুখ্য সচিব আৰু কেন্দ্ৰীয় গৃহ সচিবৰ উপস্থিত অনুষ্ঠিত হ’বলগীয়া বৈঠকত এই সমস্যৰ সমাধান পোৱা যাব বুলি আশা প্ৰকাশ কৰে ৷
লগতে পঢ়ক: লালু প্ৰসাদে হৈ থাকিব RJD ৰ ৰাষ্ট্ৰীয় সভাপতি : জগদানন্দ সিং