গুৱাহাটী, 25 জুলাই : দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) শনিবাৰে শ্বিলঙত বিভিন্ন অনুষ্ঠানত ভাগ লৈ দেওবাৰে বিয়লি ভাগত গুৱাহাটীত উপস্থিত হয় ৷ বিমানবন্দৰৰ পৰা পোনে পোনে মা কামাখ্যা মন্দিৰ (Kamakhya Temple)ত উপস্থিত হৈ পূজা-অৰ্চনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাচতে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (Cancer Institute)ত উপস্থিত হয় ।
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা ‘ৰেডিয়েশ্যন থেৰাপি ব্লক’ৰ (Radiation Therapy Block)ৰ শুভাৰম্ভ কৰে ৷ ইয়াৰোপৰি ‘লিনিয়াৰ এক্সেলেৰেটৰ মেচিন’ (Linear Accelerator Machine) মুকলি কৰে গৃহমন্ত্ৰী শ্বাহে । কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ দুটাকৈ অত্যাধুনিক সেৱা মুকলি কৰাৰ লগতে প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰি চিকিৎসকসকলৰ সৈতে মত-বিনিময় কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta) আৰু হাস্পতালৰ অধ্যক্ষকে ধৰি ভালেসংখ্যক বিষয়াই ।
উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহক বৰঝাৰ বিমানবন্দৰ (Barjhar Airport)ত আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita)ই ৷
লগতে পঢ়ক : গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ