ETV Bharat / state

10 কোটি টকীয়া বাকযুদ্ধ : অখিল গগৈ বনাম আমিনুল ইছলাম

দহ কোটি টকাক লৈ বাক যুদ্ধ দুগৰাকী বিধায়কৰ ৷ ৰাইজৰ দল গঠনৰ বাবে অখিল গগৈয়ে আজমল বাহিনীক দহ কোটি টকা বিচৰাৰ অভিযোগ তুলিছে বিধায়ক আমিনুল ইছলামে ৷ ইয়াৰ বিপৰীতে আমিনুল ইছলামক ফটুৱা আখ্যা দিছে অখিল গগৈয়ে ৷

aminul islam allegation against akhil gogoi
10 কোটি টকীয়া বাকযুদ্ধ : অখিল গগৈ বনাম আমিনুল ইছলাম
author img

By

Published : Aug 10, 2021, 7:14 PM IST

গুৱাহাটী,১০ আগষ্ট : এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ এক বিস্ফোৰক অভিযোগে ৰাজ্যৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছে ৷ এই অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে । মঙলবাৰে অসম বিধানসভাৰ চৌহদত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয় যে, ‘‘দল গঠনৰ বাবে অখিল গগৈয়ে এ আই ইউ ডি এফৰ পৰা ১০ কোটি টকা বিচাৰিছিল ৷ টকা নোপোৱাৰ বাবেই মহাজোঁটৰ অংশীদ্বাৰ হোৱা নাছিল ৰাইজৰ দল’’ ৷

"অখিল গগৈৰ লগত আমাৰ দলৰ কেইবাবাৰো আলোচনা হৈছিল । সেই সময়ত মহাজোঁট গঠনৰ প্ৰক্ৰিয়া চলি আছিল । তেতিয়া অখিল গগৈয়ে কৈছিল যে দল গঠনৰ বাবে ১০ কোটি টকাৰ প্ৰয়োজন হৈছে । সংগঠনৰ আৰ্থিক অভাৱৰ কথা তেওঁ কৈছিল ।" এইদৰে কয় আমিনুল ইছলামে ৷

আমিনুল ইছলামে লগতে কয় যে, অখিল গগৈয়ে দুই ধৰণে মহাজোঁটক ক্ষতি কৰাৰ বিপৰীতে দুই ধৰণে বিজেপিক লাভান্বিত কৰিছিল । অখিল গগৈয়ে দল গঠনৰ নামত ১০ কোটি বিচাৰিছিল আৰু টকা নিদিয়াৰ বাবেই এ আই ইউ ডি এফক অখিল গগৈয়ে সাম্প্ৰদায়িক বুলি অভিহিত কৰিছিল ৷

লগতে পঢ়ক : বিভাগীয় অমনোযোগিতাৰ বাবে অপমৃত্যু এটা পশু চিকিৎসা কেন্দ্ৰৰ

মহাজোঁটত আউল নলগাবলৈ অখিল গগৈক অনুৰোধ জনাই আমিনুল ইছলামে কয়, ‘‘এ আই ইউ ডি এফক বাদ দি মহাজোঁটৰ সফলতা সম্ভৱ নহয় । টকা দাবী কৰা বুলি ক'লে ভুল বুজা যায় । আমাৰ সৈতে অখিল গগৈৰ গুড অন ফেইথ আলোচনাহে হৈছিল । সেই সময়ত অখিল গগৈয়ে নতুনকৈ দল খোলাৰ কথা চিন্তা কৰি আছিল । অখিল গগৈয়ে আমাৰ সৈতে হোৱা আলোচনাত কৈছিল যে দল খুলিবলৈ তেওঁলোকক ১০ কোটি মান টকাৰ প্ৰয়োজন হ'ব’’ ।

"কথাখিনি কোৱাৰ অৰ্থ এয়াই যে, তেতিয়া অখিল গগৈয়ে এ আই ইউ ডি এফক সাম্প্ৰদায়িক বুলি কোৱা নাছিল তথা এ আই ইউ ডি এফ থাকিলে মহাজোঁটত নাথাকো বুলিও কোৱা নাছিল । পৰৱৰ্তী সময়ত দলৰ কৰ্ণধাৰ সমিতিত এই কথাখিনি আলোচনা কৰা হৈছিল যদিও সেই সময়ত আমাৰ দল ইমান ধন দিব পৰা অৱস্থাত নাছিল । কিন্তু লক্ষণীয়ভাৱে বিজেপিৰ এজন সদস্যই অখিল গগৈক জি এম চি এইচৰ পেয়িং কেবিনত সাক্ষাৎ কৰাৰ পিছত তেওঁৰ সুৰ সলনি হৈছিল আৰু আমাক সাম্প্ৰদায়িক আখ্যা দিছিল ।" আমিনুল ইছলামৰ মন্তব্য ৷

লগতে পঢ়ক: 7 আগষ্টক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত

ইফালে আমিনুল ইছলামৰ এই মহাভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয় যে, বিধায়ক আমিনুল ইছলাম এজন সাম্প্ৰদায়িক আৰু গুৰুত্বহীন ব্যক্তি । তেনে মানুহৰ লগত আমাৰ তুলনা নহয় বুলি কটাক্ষ কৰি আমিনুল ইছলামক ফটুৱা আখ্যা দিয়ে অখিল গগৈয়ে ৷

"এ আই ইউ ডি এফ থাকিলে কংগ্ৰেছৰে ৰাইজৰ দলে উপ-নিৰ্বাচনত মিত্ৰতা নকৰে । বিজেপিৰ দৰে এ আই ইউ ডি এফ এটা সাম্প্ৰদায়িক দল আৰু এটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে আন এটা সাম্প্ৰদায়িক দলক লগত লৈ যুঁজ দিয়াৰ পক্ষপাতি নহয় ৰাইজৰ দল ।" এইদৰে কয় অখিল গগৈয়ে ৷

বিধায়ক আমিনুল ইছলামৰ এই মহা অভিযোগ এতিয়া ৰাজ্যৰ ৰাজনীতিৰ ব্যাপক চৰ্চিত বিষয় হৈ পৰিছে । ইফালে উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে বুজাবুজিত উপনীত হোৱাৰ বাবে আলোচনা অব্যাহত ৰাখিছে যদিও এ আই ইউ ডি এফ বাধাৰ প্ৰাচীৰ হিচাপে দেখা দিছে । বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ অংশীদ্বাৰ দল হিচাপে আছে এ আই ইউ ডি এফ দল । কিন্তু এ আই ইউ ডি এফ থাকিলে মহাজোঁটত চামিল নহয় ৰাইজৰ দল ।

লগতে পঢ়ক: কিয় তিনিটা সন্তান বিচাৰে উত্তৰ প্ৰদেশৰ বহু লোকে

এই কথা অখিল গগৈয়ে ইতিমধ্যেই স্পষ্ট কৰি দিছে । কংগ্ৰেছ দলেও ৰাইজৰ দলক এৰিব বিচৰা নাই । উপ-নিৰ্বাচনত এ আই ইউ ডি এফক বাদ দি বাকী বিৰোধী দলসমূহ ঐক্যবদ্ধ হোৱাৰ প্ৰস্তুতি চলি থকাৰ সময়তে এ আই ইউ ডি এফৰ বিধায়কে অখিল গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটাইছে ।

ইফালে ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰেক্ষাপটক লৈয়ো আঞ্চলিক দলসমূহৰ মাজত আৰম্ভ হৈছে আলোচনা । উল্লেখ যে, অখিল গগৈৰ সৈতে ইতিমধ্যে কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী আৰু দেশৰ নিৰ্বাচনী ব্যৱস্থাপক প্ৰশান্ত কিশোৰৰ কেইবালানি বৈঠক অনুষ্ঠিত হৈছে ।

অখিল গগৈক তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিৰ সভাপতিৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ অগ্ৰাহ্য কৰিছে । অৱশ্যে ২০২৪ ৰ লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জীক দেশৰ সকলো আঞ্চলিক ৰাজনৈতিক দলে বিজেপিৰ বিকল্প হিচাপে প্ৰধানমন্ত্রী প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিলে পূৰ্ণ সমৰ্থন জনাব বুলি ইতিমধ্যেই জানিবলৈ দিছে অখিল গগৈয়ে ।

লগতে পঢ়ক : অলিম্পিকত অন্তৰ্ভুক্ত হ’ব ক্ৰিকেট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.