ETV Bharat / state

Karim Uddin Barbhuiya controversy: কৰিম উদ্দিন বৰভূঞাৰ ডিগ্ৰী জালিয়াতিৰ বিৰুদ্ধে পুনৰ সৰৱ আমিনুল হক লস্কৰ - Karim Uddin Barbhuiya fake degree case

অব্যাহত আছে AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ডিগ্ৰী বিতৰ্ক (Karim Uddin Barbhuiya fake degree) ৷ বিধায়ক বৰভূঞাই ডিগ্ৰী জাতিয়াতি কৰাৰ অভিযোগ প্ৰাক্তন বিধায়ক প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ ৷ কৰিম উদ্দিন বৰভূঞাক মানহানিৰ গোচৰ তৰিবলৈ প্ৰত্যাহ্বান অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ ৷

Karim Uddin Barbhuiya controversy
Karim Uddin Barbhuiya controversy
author img

By

Published : May 19, 2023, 4:05 PM IST

গুৱাহাটী,১৯ মে’ : মেট্ৰিক পৰীক্ষাত গ্ৰেচ মাৰ্ক পাই তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা সোণাই সমষ্টিৰ AIUDFৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বাকী সকলো ডিগ্ৰী ভুৱা ৷ এই অভিযোগ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ (Aminul Haque Laskar) ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰ AIUDFৰ সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ভুৱা ডিগ্ৰীকলৈ পুনৰ সৰৱ হৈ পৰে (Karim Uddin Barbhuiya degree controversy) ৷

উল্লেখ্য যে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ শৈক্ষিক অৰ্হতা সন্দৰ্ভত ভুল তথ্য নিৰ্বাচন আয়োগক দাখিল কৰাৰ অভিযোগ উত্থাপন কৰি আমিনুল হক লস্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত (Gauhati High Court) আবেদন দাখিল কৰিছিল ৷ বিধায়ক কৰিম উদ্দিন বৰভূঞাই শপতনামাত তেওঁ জি চি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বুলি উল্লেখ কৰিছিল ৷

ভুৱা ডিগ্ৰী দাখিল কৰিছিল নেকি কৰিম উদ্দিন বৰভূঞাই ?

কিন্তু পৰৱৰ্তী সময়ত আৰ টি আইৰ (RTI) তথ্যৰ ভিত্তিত বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ সকলো ডিগ্ৰী ভুৱা বুলি প্ৰমাণ হৈছিল ৷ যাৰ ভিত্তিত প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল (Karim Uddin Barbhuiya fake degree case) ৷

ইফালে বিধায়ক কৰিম উদ্দিন বৰভূঞাই বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ এই ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰে ৷ যাকলৈ বিধায়ক কৰিম উদ্দিন বৰভূঞাই নিজৰ জয় হোৱা বুলি প্ৰাক্তন বিধায়ক তথা গোচৰীয়া আমিনুল হক লস্কৰৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰ দিয়াৰ কথা উল্লেখ কৰিছে ৷

ইয়াৰ প্ৰত্যুত্তৰত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি আমিনুল হক লস্কৰে বিধায়ক বৰভূঞাক ১০ কোটি টকাৰ নহয় ১০০ কোটি টকাৰ মানহানিৰ গোচত তৰাৰ বাবে প্ৰত্যাহ্বান জনায় ৷ লগতে তেওঁ কয় যে মানহানিৰ গোচৰ তৰিলে ন্যায়ালয়ত সকলো তথ্য দাখিল কৰিব লাগিব আৰু তেতিয়া বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ সকলো জালিয়াতি উন্মোচিত হ’ব (AIUDF MLA gave false edu info) ৷

তেওঁ কৰিম উদ্দিন বৰভূঞাক তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা জালিয়াতিৰ সকলো তথ্য খণ্ডন কৰাৰ বাবে প্ৰত্যাহ্বান জনায় ৷ সংবাদমেলত লস্কৰে বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ জালিয়াতিৰ বহু কেইটা বিস্ফোৰক তথ্য দাঙি ধৰে ৷

লগতে পঢ়ক: Karim Uddin Barbhuiya controversy: খাৰিজ হ'ব নেকি AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পদ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.