ETV Bharat / state

Ambubashi Mela: অম্বুবাচীলৈ অহা ভক্তক আদৰিবলৈ সাজু নীলাচল

author img

By

Published : Jun 18, 2023, 4:44 PM IST

Updated : Jun 18, 2023, 5:08 PM IST

দেশ-বিদেশৰ লাখ লাখ সাধু-সন্নাসী তথা ভক্ত-দৰ্শনাৰ্থীক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় ৷ অম্বুবাচী মেলাৰ প্ৰস্তুতি সন্দৰ্ভত সৱিশেষ ইটিভি ভাৰতৰ আগত ব্যক্ত কৰিলে কামাখ্যা দেৱালয়ৰ বৰদলৈ কবিন্দ্ৰ শৰ্মাই ৷

Ambubachi Mela at Assam Kamakhya Temple
বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মহামেলা
অম্বুবাচীলৈ অহা ভক্তক আদৰিবলৈ সাজু নীলাচল

গুৱাহাটী, 18 জুন: বিশ্ব প্ৰসিদ্ধ অম্বুবাচী মহামেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ 22 জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা ৷ ইতিমধ্যে মা কামাখ্যাৰ পবিত্ৰস্থল নীলাচল পাহাৰলৈ আগমণ ঘটিছে বিভিন্ন প্ৰান্তৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰ ৷ মেলাক লৈ উখল-মাখল হৈ পৰিছে নীলাচল পাহাৰ ৷

অম্বুবাচীক লৈ পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনৰ লগতে কামাখ্যা দেৱালয়ে ব্যাপক প্ৰস্তুতি চলাইছে ৷ উল্লেখ্য যে, এইবাৰ সোণাৰাম খেলপথাৰৰ পৰিৱৰ্তে কামাখ্যা ষ্টেচনত হ’ব অম্বুবাচীৰ শুভাৰম্ভণি অনুষ্ঠান ৷ ইফালে অম্বুবাচী উপলক্ষে সোণাৰাম খেলপথাৰ কেৱল পাৰ্কিঙৰ বাবে ৰখা হ’ব ৷ অন্য স্থানৰ পৰিৱৰ্তে পাণ্ডু প'ৰ্ট আৰু কামাখ্যা ৰে’ল ষ্টেচনত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰা হৈছে ৷ ভক্তৰ সুবিধাৰ্থে শিবিৰসমূহত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

Ambubachi Mela at Assam Kamakhya Temple
অম্বুবাচী মহামেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী

অম্বুবাচী মেলাৰ প্ৰস্তুতি সন্দৰ্ভত সৱিশেষ জনাৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰা কামাখ্যা দেৱালয়ৰ বৰ দলৈ কবিন্দ্ৰ শৰ্মাক স‍াক্ষাৎ কৰা হৈছিল ৷ আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে 22 জুনৰ নিশা 2 বাজি 30 মিনিট 42 ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ'ব ৷ 23 জুনৰ পৰা 25 জুনলৈ বন্ধ থাকিব মন্দিৰৰ দ্বাৰ ৷ 26 জুনৰ পুৱা পৰম্পৰা অনুসৰি দেৱীৰ স্নান তথা নিত্যপূজা সম্পন্ন কৰাৰ পাছত খুলি দিয়া হ’ব কামাখ্যা মন্দিৰৰ দ্বাৰ ৷ অম্বুবাচী উপলক্ষে 26 জুনত কামাখ্যা মন্দিৰত নাথাকিব কোনো ভি ভি আই পি তথা ভি আই পিৰ ব্যৱস্থা ৷

Ambubachi Mela at Assam Kamakhya Temple
আগমণ ঘটিছে বিভিন্ন প্ৰান্তৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰ

আনহাতে এইবাৰ অম্বুবাচীৰ দিনকেইটাত পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈহে নীলাচলত প্ৰৱেশ কৰিব পাৰিব ভক্তসকল ৷ নিশা 9 বজাৰ পাছত প্ৰৱেশত বাধা থাকিব ৷ তেওঁ জনোৱা মতে বিগত বৰ্ষত অম্বুবাচী মেলাৰ সময়ত 20 লাখৰ পৰা 25 লাখ লোকৰ কামাখ্যা মন্দিৰলৈ আগমণ ঘটিছিল ৷

এইবাৰ ভক্তৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ অম্বুবাচীৰ সময়ত ভক্তসকলৰ নিৰাপত্তাৰ বাবে প্ৰয়োজন হোৱা সকলো দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয় ৷ নীলাচল পাহাৰত ভক্ত থকাৰ বাবে কোনো ধৰণৰ শিবিৰৰ আৰু খোৱা খাদ্য বিতৰণৰ ব্যৱস্থা কৰা হোৱা নাই ৷ মন্দিৰ চৌহদৰ স্বচ্ছতাৰ ওপৰত বিশেষ গুৰুত্ব দি এই ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে কবিন্দ্ৰ শৰ্মাই ৷

অম্বুবাচী মেলাৰ সময়ত নেপাল, অষ্ট্ৰেলিয়া, থাইলেণ্ড, ইংলেণ্ড আদি বিভিন্ন ৰাষ্ট্ৰৰ ভক্ত-সন্ন্যাসীৰ নীলাচল পাহাৰত সমাগম ঘটে ৷ আনহাতে নীলাচল পাহাৰত অন্ধবিশ্বাসৰ বলি হৈ অসৎ উদ্দেশ্য পূৰণৰ বাবে বহু লোক অহা সন্দৰ্ভত তেওঁ কয় যে, অম্বুবাচী মেলাৰ সময়ত সকলো লোকেই সৎ উদ্দেশ্য লৈ আহে বুলি ক'ব নোৱাৰি ৷

বহু লোকে অসৎ উদ্দেশ্য লৈ আহে ৷ ইয়াৰ বাবে সতৰ্কতাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ লগত কেইবালানি আলোচনা হোৱা বুলি তেওঁ জানিবলৈ দিয়ে ৷ নীলাচল পাহাৰত বহু বছৰ পূৰ্বে এগৰাকী মহিলাক বলি দিয়া ঘটনা সন্দৰ্ভত তেওঁ কয় যে কামাখ্যা মন্দিৰত মানুহ বলি দিয়াৰ কোনো ইতিহাস নাই ৷ কামাখ্যা মন্দিৰত মতা ম'হ, ছাগলী, পাৰ, হাঁহ আদি বলি দিয়া হয় ৷ কামাখ্যা মন্দিৰত নাৰীক পূজা কৰা হয় বুলি তেওঁ কয় ৷

লগতে পঢ়ক: Large crack in Bharalu guard wall: ভৰলুৰ গাৰ্ডৱালত বৃহৎ ফাট: শংকিত অনিল নগৰবাসী

Last Updated : Jun 18, 2023, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.