ETV Bharat / state

গুৱাহাটীৰ লালগণেশ, ওদালবাক্ৰাৰ 20 হাজাৰ মানুহৰ নাম বাদ পৰিল এন আৰ চিত

author img

By

Published : Sep 5, 2019, 12:46 AM IST

Updated : Sep 5, 2019, 8:23 AM IST

মহানগৰীৰ লালগণেশ আৰু ওডালবাক্ৰাত 20 হাজাৰ মানুহৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ'ল ৷ অঞ্চল দুটাত বাস কৰা লোকসকলৰ অধিকাংশই 1971 চনৰ পূৰ্বেই ভাৰতত আহি বসতি পাতিছিল ৷

গুৱাহাটীৰ 20 হাজাৰ মানুহৰ নাম বাদ পৰিল এন আৰ চিত

গুৱাহাটী, 4 ছেপ্তেম্বৰঃ বহুপ্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰিল বহুতৰে ৷ বিশেষকৈ হিন্দু বঙালী সম্প্ৰদায়ৰ অধিকাংশ লোকৰে নাম নাহিল এন আৰ চিত ৷ মহানগৰীৰ লালগণেশ আৰু ওদালবাক্ৰাৰ প্ৰায় 20হাজাৰ মানুহৰ নাম বাদ পৰে এনআৰচিৰ পৰা ৷

দুয়োটা অঞ্চলতে বাস কৰা লোকসকল বিশেষকৈ হিন্দু বঙালী সম্প্ৰদায়ৰ আৰু 1971চনৰ পূৰ্বেই তেওঁলোকে অসমত আহি বসতি আৰম্ভ কৰিছিল ৷ তেওঁলোকৰ হাতত 1966চনৰ লিগেচি ডাটাকে ধৰি অন্যান্য সকলো বৈধ নথি-পত্ৰ আছিল, যদিও এইদৰে তেওঁলোকৰ নাম বাদ পৰাত চিন্তিত হৈ পৰিছে লোকসকল ৷

৩১ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল ১৯,০৬৬৫৭ গৰাকী ব্যক্তিৰ নাম । তালিকাখন প্ৰকাশৰ পিছতে তালিকাখনত বিসংগতি থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল সংগঠনে । বহু প্ৰকৃত ভাৰতীয়ৰ নাম তালিকাখনত সন্নিবিষ্ট নোহোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে ।

Intro:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহ'ল মহানগৰীৰ লালগণেশ আৰু ওদালবাক্ৰাৰ প্ৰায় ২০ হাজাৰ হিন্দু বাঙালীৰ নাম। অঞ্চল দুটাত বসবাস কৰা ৩০ হাজাৰ লোকৰ অধিক সংখ্যক লোকৰ পৰিয়ালৰ কাৰোবাৰ নহলে কাৰোবাৰ নাম বাদ পৰিল নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা।

Body:মহানগৰী গুৱাহাটীৰ লালগণেশ আৰু ওদালবাক্ৰা হিন্দু বাঙালী সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চল। পূব পাকিস্তান, বৰ্তমানৰ বাংলাদেশত নিৰ্যাতনৰ বলি হোৱা বহু পৰিয়াল ১৯৭১ চনৰ পূৰ্বে ভাৰতলৈ আহি আশ্ৰয় লৈছিল এই অঞ্চল দুটাত। শৰণাৰ্থীৰ প্ৰমাণপত্ৰৰ লগতে ১৯৭১ চনৰ পূৰ্বৰ নথিপত্ৰ থকাৰ পিছতো অঞ্চল দুটাৰ ৮০ শতাংশ লোক সক্ষম নহ'ল নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ। কাৰোবাৰ যদি আছে ১৯৬৬ চনৰ লিগেচি ডাটা, কাৰোবাৰ আছে ১৯৭১ৰ পূৰ্বৰ ভূমিৰ নথিপত্ৰ, কাৰোবাৰ আকৌ আছে ককা চৰকাৰী চাকৰি কৰাৰ নথিপত্ৰ কিন্তু এইবোৰ নথিপত্ৰ কামত নাহিল, এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ পৰা বঞ্চিত হৈ এই লোক সকল এতিয়া অগ্ৰসৰ হৈছে ৰাষ্ট্ৰহীন হোৱাৰ দিশে। অঞ্চল দুটাৰ প্ৰতিটো পৰিয়ালৰে কোনোবা নহয় কোনোবা এজনৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিত। একে নথিপত্ৰ ব্যৱহাৰ কৰা কোনোবাটো পৰিয়ালৰ জ্যেষ্ট ভাতৃৰ নাম এন আৰ চিত সন্নিবিষ্ট হ'ল যদি, কনিষ্ঠ ভাতৃৰ নাম নাহিল এন আৰ চিৰ চূড়ান্ত তালিকাত। আন আৰ চিত নাম অন্তৰ্ভূক্ত নোহোৱাত অঞ্চল দুটাৰ প্ৰতিটো পৰিয়াল এতিয়া শংকিত হৈ পৰিছে ৰাষ্ট্ৰহীন হোৱাৰ শংকাত।

বাইট ১: উৎপল চৰকাৰ, স্থানীয় নাগৰিক

অঞ্চল দুটাৰ বহু লোকৰ অভিযোগ বিদেশী ন্যায়াধিকৰণত তেওঁলোকৰ নামত কোনোধৰণৰ কেচ নথকাৰ পিছতো কিছুমান লোকৰ নামৰ আগত ভোটাৰ তালিকাত 'ডি' আখৰ লগাই তেওঁলোকক ডি ভোটাৰ কৰা হৈছে ফলত নাম নাহিল এন আৰ চিৰ চূড়ান্ত তালিকাত। ওদালবাক্ৰাৰ ছমীৰ দেৱনাথ নাম এই ব্যক্তি জনৰ ১৯৭১ চনৰ পূৰ্বৰ বহু নথিপত্ৰ থকাৰ পিছতো ব্যক্তিজনৰ লগতে তেওঁৰ পিতৃ ধীরেন দেৱনাথ আৰু কনিষ্ঠ কন্যাৰ নাম অন্তৰ্ভুক্ত নহল এন আৰ চিৰ চূড়ান্ত তালিকাত। ছমীৰ দেৱনাথৰ অভিযোগ তেওঁৰ পিতৃৰ নামত বিদেশী ন্যায়াধিকৰণৰ পৰা কোনোধনৰ জাননী নিদিয়াকৈ তেওঁৰ পিতৃ ধীরেন দেৱনাথক 'ডি' ভোটাৰ সজোৱাৰ ফলত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিৰ চূড়ান্ত তালিকাত।
পৰিয়ালৰ সকলো সদস্যৰ নাম আহিল এন আৰ চিৰ চূড়ান্ত তালিকাত কিন্তু তালিকাখনত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম নোহোৱা লোক সকলৰ নিজকে ভাৰতীয় বুলি প্ৰমাণিত কৰাৰ একমাত্ৰ ভৰসা এতিয়া বিদেশী ন্যায়াধিকৰণ।

বাইট ২: ছমীৰ দেৱনাথ, স্থানীয় নাগৰিক

Conclusion:৩১ জুলাইত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰিছিল ১৯,০৬৬৫৭ গৰাকী ব্যক্তিৰ নাম। তালিকাখন প্ৰকাশৰ পিছতে তালিকাখনত বিসংগতি থকাৰ অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন দল সংগঠনে। বহু প্ৰকৃত ভাৰতীয়ৰ নাম তালিকাখনত সন্নিবিষ্ট নোহোৱাৰো অভিযোগ উত্থাপিত হৈ আহিছে।
Last Updated : Sep 5, 2019, 8:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.