ETV Bharat / state

Joint Action Committee of Reconnaissed Union:নগাঁও-কাছাৰ কাগজ কলৰ ভৱিষ্য়নিধিৰ ২৮৫ কোটি টকা হৰলুকি

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:35 PM IST

২০১৫ চনৰ মাৰ্চৰ পৰা ২০১৯ৰ এপ্ৰিললৈ নগাঁও আৰু কাছাৰ কাগজ কলৰ ভৱিষ্য়নিধিৰ ধন হৰলুকি কৰা হৈছে । ৰিলিফ পেকেজ ২৫ কোটিৰ ক্ষেত্ৰতো ব্যাপক খেলিমেলিৰ অভিযোগ উঠিছে ।

Press Meet of JACRU in Guwahati
জইন্ট এক্সন কমিটী অৱ ৰিকগনাইজড ইউনিয়ন

গুৱাহাটী, ১১ অক্টোবৰ: উচ্চতম ন্যায়ালয়ৰ আদেশ অৱমাননা কৰি নগাঁও আৰু কাছাৰ কাগজ কলৰ শ্ৰমিক-কৰ্মচাৰীৰ ভৱিষ্য়নিধিৰ ২৮৫ কোটি টকা হৰলুকি কৰাৰ ষড়যন্ত্ৰৰ বিষয়টোযৱে ভৱিষ্য়নিধি কাৰ্যালয়ৰ উচ্চ পদাধিকাৰী সকলৰ কলঙ্কিত অধ্যায় উন্মোচিত কৰিছে । এই অভিযোগ জইন্ট এক্সন কমিটী অৱ ৰিকগনাইজড ইউনিয়ন (জাকৰু) নগাঁও আৰু কাছাৰ কাগজ কল,অসমৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীৰ । বুধবাৰে জাকৰুৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ লগতে কয় যে লিকুডেটৰ কুলদ্বীপ বার্মাই দেশৰ আইন ব্যৱস্থাক ভেঙুচালি কৰি শ্ৰমিক সকলৰ প্ৰাপ্য ভৱিষ্য়নিধিৰ ২৮৫ কোটি টকা আত্মসাৎ কৰাৰ চক্ৰান্তত লিপ্ত হৈছে আৰু ভৱিষ্য়নিধি পদাধিকাৰী সকলেও ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ।

তেওঁ পুনৰ কয় যে উচ্চতম ন্যায়ালয়ৰ আদেশ প্রত্যক্ষভাৱে অবজ্ঞা আৰু অৱমাননা কৰা কাৰ্যই দেশৰ আইন ব্যৱস্থাৰ প্ৰতি চৰম অধঃপতনৰ নজিৰ সৃষ্টি কৰিছে । লগতে চাকৰিজীৱিৰ শেষ সম্বলখিনিও আজি অসুৰক্ষিত হৈছে । দেশৰ ৰাজভড়ালৰ পৰা কাগজ কল পুনৰ জীৱিত কৰাৰ নামত মোদী চৰকাৰৰ দ্বাৰা আবণ্টিত ৪১৪১ কোটি টকা হৰলুকি হোৱাৰ বিষয়ত চৰকাৰ নীৰৱ । দুৰ্নীতিত লিপ্ত উচ্চ পদাধিকাৰী সকলৰ বিৰুদ্ধে আজি পর্যন্ত কোনো ধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, বৰঞ্চ দোষী সকলক সুৰক্ষা প্ৰদান কৰাহে পৰিলক্ষিত হৈছে । কাগজ কলত সংঘটিত দুৰ্নীতিৰ লগত জড়িত চি বি আই ৰ দ্বাৰা অভিযুক্ত দোষী সকলক সুৰক্ষা নিদি শীঘ্ৰে শাস্তিৰ ব্যৱস্থা কৰিবলৈ জাকৰুয়ে গৃহমন্ত্ৰী অমিত শ্বাহক আবেদন কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা দেখা নাই । সেয়েহে জাকৰুৱে অসমৰ দুয়োটা গুৰু উদ্যোগ ধ্বংসৰ প্ৰতিবাদত আৰু কাগজ কল পুনৰ জীৱিত কৰাৰ নামত দেশৰ ধন লুন্ঠনৰ প্ৰতিবাদত পুনৰ আন্দোলনৰ পথত যাবলৈ বাধ্য হৈছে ।

তেওঁ কয়- "উচ্চতম ন্যায়ালয়লৰ আদেশ অৱমাননা কৰি কাগজ কল শ্রমিক-কৰ্মচাৰীৰ ভৱিষ্য়নিধিৰ ২৮৫ কোটি টকাৰ হৰলুকি কৰাৰ ষড়ন্ত্ৰৰ বিৰুদ্ধে তীব্র আন্দোলনৰ প্ৰস্তুতি কৰা হৈছে । দেশৰ ৰাজভড়ালৰ পৰা কাগজ কল পুনৰ জীৱিত কৰাৰ নামত মোদী চৰকাৰৰ দ্বাৰা আবণ্টিত ৪১৪১ কোটি টকা হলুকিৰ আমি চি বি আইৰ তদন্তৰ দাবী জনাইছোঁ । কাগজ কলত সংঘটিত দুৰ্নীতিৰ লগত জড়িত চি বি আইৰ দ্বাৰা অভিযুক্ত দোষীক সুৰক্ষা নিদি শীঘ্ৰে শাস্তিৰ দাবী জনাইছোঁ । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সকলো দফা কার্যকৰী কৰাৰ লগতে কাগজ কল পুনৰ জীৱিত নিশ্চিত কৰাৰ দাবী জনাইছোঁ। সম্প্ৰতি দুয়োটা কাগজ কলক লৈ লুণ্ঠনৰ ৰাজনীতি চলি আছে । প্ৰধানমন্ত্ৰীৰ মতে অমৃত কাল চলি আছে, অমৃত কাল চলিছে পুঁজিপতিৰ বাবে । কেন্দ্ৰীয় চৰকাৰে ৪১৪১ কোটি টকা বিনিয়োগ কৰা দুয়োটা কাগজ কল কিয় বন্ধ কৰি দিয়া হৈছে। কলৈ গ'ল ৪১৪১কোটি টকা ? ১১৫জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি নকঁও, এওঁলোকক হত্যা কৰা হৈছে । প্ৰধানমন্ত্ৰীলৈ চি বি আই ৰ তদন্তৰ দাবীৰে আজি মেইল যোগে প্ৰেৰণ কৰিছোঁ । ৪১৪১কোটি ক'লৈ গ'ল, সেই টকা আনি কাগজ গল পুণৰুদ্ধাৰ কৰাৰ দাবী জনাইছোঁ । কৰ্মচাৰীৰ ভৱিষ্য়নিধিৰ ২৮৫কোটি টকা ক'লৈ গ'ল ? কোনে হৰলুকি কৰিলে ? ভৱিষ্য়নিধিৰ ২৮৫কোটিৰ কেলেংকাৰী হোৱা বুলি উচ্চতম ন্যায়ালয়েও উল্লেখ কৰিছে ।"

এই বিষয় সমূহ যদি এমাহৰ ভিতৰত সঠিক সমাধান নহয়, তেন্তে জাকৰুৱে ইয়াৰ প্ৰতিবাদত ধাৰাবাহিক ভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি তেওঁ সকীয়াই দিয়ে । উচ্চতম ন্যায়ালয়লৰ আদেশ, দেশৰ আইন ব্যৱস্থা সুৰক্ষিত আৰু শ্ৰমিকৰ ভৱিষ্য়নিধি আদায়ৰ দাবীত নৱেম্বৰৰ পৰা তীব্র আন্দোলনৰ কার্যসুচী গ্ৰহণ কৰিব বুলি তেওঁ সকীয়াই দিয়ে । সংবাদমেলত জাকৰুৰ সাধাৰণ সম্পাদক আনন্দ বৰদলৈ, সহকাৰী সাধাৰণ সম্পাদক ৰামলাল ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক:Congress joining program: কংগ্ৰেছলৈ অহাৰ পথত বহু প্ৰভাৱশালী ৰাজনৈতিক নেতা: ভূপেন বৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.