গুৱাহাটী, 5 ডিচেম্বৰ : নতুন যান-বাহন আইনৰ দোহাই দি ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে সামগ্ৰী কঢ়িওৱা বাহনৰপৰা অত্যধিক জৰিমনা আদায় কৰা কার্যক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ী আৰু যান-বাহনৰ গৰাকী ৷ ফলত সোমবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল গুৱাহাটী (AIRTWF Protest in Guwahati)৷
মালবাহী লঘু যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে অত্যধিক জৰিমনা আদায় বন্ধ কৰাৰ দাবীত নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত সোমবাৰে গুৱাহাটীৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ(District Transport Office Guwahati) সন্মূখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ বিভিন্ন ধ্বনি দি গুৱাহাটীৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে ।
কাৰ্যসূচীৰ শেষত মালবাহী লঘু যান-বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে অত্যাধিক জৰিমনা আদায় বন্ধ কৰাৰ দাবী জনাই নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ অসমৰ ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মা, সংঘৰ বিষয়ববীয়া নৰেন পাঠক আৰু চানু আনচাৰি স্বাক্ষৰিত এখন স্মাৰকপত্ৰ গুৱাহাটী জিলা পৰিবহন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
কাৰ্যসূচীত অংশ লৈ All India road transport workers federation ৰ অসমৰ ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেণ শৰ্মাই কয় যে, গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত চলাচল কৰা মালবাহী লঘু যান-বাহনবোৰৰপৰা সামান্য ভুলতেই হাজাৰ হাজাৰ টকা আদায় কৰা কাৰ্যত অতিষ্ঠ হৈ পৰিছে যান-বাহনৰ গৰাকীয়ে । ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেন শৰ্মাই সংশ্লিষ্ট কর্তৃপক্ষৰ এনে ভূমিকাত উদ্বেগ প্ৰকাশ কৰি কয় যে ডাঙৰেই হওক বা লঘু যান-বাহনেই হওক ৰাজ্যখনৰ উদং ৰাজকোষ টনকিয়াল কৰাৰ বাবে চৰকাৰে জৰিমনা সংগ্ৰহ কৰাটোৱেই এক কৌশল হিচাবে লৈছে ।
নতুন আইনৰ দোহাই দি কঢ়িয়াই নিয়া সামগ্ৰী ১-২ কুইণ্টল বেছি পালেই অথবা সামগ্ৰী বাহনৰ বাহিৰলৈ ওলালেই হাজাৰ হাজাৰ টকা জৰিমনা আদায় কৰে । ৩/৪ চকীয়া সৰু সৰু বাহনবোৰে ইমান ধন পৰিশোধ কৰাৰ ক্ষমতা নাথাকে৷ ঘাইকৈ নিৰ্দ্ধাৰিত ওজন হ’লেও সামগ্ৰী অলপ দীঘল অথবা ওখ হ’লেও পৰিবহন বিভাগে ২০-২৫ হাজাৰ টকা পর্যন্ত জৰিমনা বিহাত একাংশ ক্ষুদ্ৰ ব্যৱসায়ীসকল দুৰ্ঘোৰ সমস্যাত পৰিছে ।
গ্ৰীল, গেট, ষ্টীল, ফাৰ্নিচাৰ আদিৰ গ্ৰামাঞ্চলত থকা উদ্যোগসমূহৰ মালিকসকলৰ যথেষ্ট অসুবিধা হৈছে । গুৱাহাটীৰপৰা ৪-৫ কুইণ্টল ওজনৰ সামগ্ৰীৰ বাবে এখন বৃহৎ ট্ৰাক ভাড়া কৰি অনাটোও বহু ক্ষুদ্ৰ উদ্যোগীৰ বাবে কঠিন কাম হৈ পৰিছে । পৰিবহণ বিভাগৰ জৰিমনাৰ ভয়তে এতিয়া গ্ৰামাঞ্চলৰ বহু ক্ষুদ্ৰ উদ্যোগে মৃত্যুৰ ক্ষণ গণিছে ।
ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰীক স্মাৰক-পত্ৰ দিও কোনো সঁহাৰি পোৱা নাই একাংশ ক্ষুদ্ৰ উদ্যোগীয়ে৷ জৰিমনা আদায় দিব নোৱাৰা সৰু-ডাঙৰ বহু বাহন ডি টি অ’ অফিচ অথবা গুৱাহাটীৰ আই এছ বি টিত ৰাখি থোৱাৰ ব্যৱস্থা কৰিছে । চৰকাৰী কাম এটাৰ বাবে অপেক্ষা নকৰি বহু কষ্টেৰে এখন মালবাহী বাহন লৈ পৰিয়ালৰ খৰচ বহন কৰাৰ লগতে ৰাইজলৈ সেৱা আগবঢ়াই অহা মালবাহী ভানচালক কৰ্মচাৰীৰ সমস্যাসমূহ মানৱীয় দৃষ্টিভংগীৰে লৈ সমাধান কৰিবলৈ দাবী জনাইছে নিখিল ভাৰত পথ পৰিবহণ কৰ্মী সংঘৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেন শৰ্মাই ।
লগতে পঢ়ক : Assam secretariat water supply: অসম সচিবালয়ৰ পানীৰ খৰচ দিব লাগিব জনতাই