ETV Bharat / state

Mid day meal workers protest: মাহিলী পাৰিতোষিক বৃদ্ধিৰ দাবীত চচলত ৰান্ধনী সন্থাৰ প্ৰতিবাদ - মধ্যাহ্ন ভোজন তৈয়াৰ কৰা ৰান্ধনী

মামাই পাহৰিলে নেকি মধ্যাহ্ন ভোজন তৈয়াৰ কৰা ৰান্ধনীসকলক ! চচলৰ ধৰ্ণাস্থলীৰ পৰা মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ ৷ ৰান্ধনী আৰু সহায়িকাৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা, ৰান্ধনী-সহায়িকাসকলক পেঞ্চন আৰু মেডিকেলৰ সুবিধা প্ৰদান কৰাৰ কেইবাদফীয়া দাবীত উত্তাল চচল ৷

Mid day meal workers protest
ৰান্ধনীসকলৰ মাহিলী পাৰিতোষিক বৃদ্ধিৰ দাবীত চচলত ৰান্ধনী সন্থাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:27 PM IST

ৰান্ধনীসকলৰ মাহিলী পাৰিতোষিক বৃদ্ধিৰ দাবীত চচলত ৰান্ধনী সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ: নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি পাকঘৰ এৰি পুনৰ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজনৰ শ শ ৰান্ধনী-কৰ্মচাৰী । ৰান্ধনীসকলৰ মাহিলী পাৰিতোষিক বৃদ্ধিৰ দাবীত পুনৰ উত্তাল হৈ পৰিল চচলৰ ধৰ্ণাস্থলী । চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধি আদিকে ধৰি আন কেতবোৰ সমস্যা সমাধানৰ দাবী তুলি বুধবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে গুৱাহাটী চচলত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় তিনি শতাধিক মধ্যাহ্ন ভোজন ৰান্ধনী-সহায়িকাই অংশগ্ৰহণ কৰি ন্যাৰ্য প্ৰাপ্তিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে ৰান্ধনীসকলৰ মাননী ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা, ৰান্ধনীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, আমাৰ দাবী ন্যাৰ্য দাবী, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্লো'গানৰে চৌদিশ উত্তাল কৰি তোলে ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ নেতৃবৃন্দই কয়, মধ্যাহ্ন ভোজন তৈয়াৰ কৰা ৰান্ধনীসকলৰ সমস্যাৰ প্ৰতি চৰকাৰে সম্পূৰ্ণ পিঠি দিয়া পৰিলক্ষিত হৈছে । তেওঁলোকে কয়, ৰান্ধনী আৰু সহায়িকাৰ মাননী এতিয়াও মাত্ৰ ১৫০০ টকা । তাকো নিয়মীয়া নহয় । আনহাতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিচতো সেয়াও কাৰ্যকৰী নোহোৱাত আক্ষেপ প্ৰকাশ কৰে ।

প্ৰতিবাদকাৰীৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, মামাই পাহৰিলে নেকি মধ্যাহ্ন ভোজন তৈয়াৰ কৰা ৰান্ধনীসকলক । সন্থাই ৰান্ধনী আৰু সহায়িকাৰ পাৰিতোষিক ১৫০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা, ৰান্ধনী-সহায়িকাসকলক পেন্সন আৰু মেডিকেলৰ সুবিধা প্ৰদান কৰা, বকেয়া সম্পূৰ্ণ আদায় দিয়া, কাম হেৰুৱাসকলক ৩ লাখ টকা এককালীন সাহৰ্য প্ৰদান কৰা, ৰান্ধনীসকলক স্থায়ী কৰ্মচাৰীৰ মৰ্যদা প্ৰদান আদিকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Mid day meal workers protest: জুইত ভাত বনোৱা ৰান্ধনীয়ে মৰিবলৈও ভয় নকৰে - প্ৰতিবাদকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.